১৪ আগষ্ট-আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
⭕আজি পাকিস্তানৰ স্বাধীনতা দিৱস।
⭕১৮৩২ - লাপছি চুক্তি অনুসৰি বৰ অসমৰ ডিমাছা-কছাৰী ৰাজ্যৰ দক্ষিণ অংশ ব্ৰিটিছৰ শাসনৰ অধীনলৈ যায়।

⭕১৮৬২ - বোম্বাই উচ্চ ন্যায়ালয় মুকলি হয়।

⭕১৮৯৩ - পেৰিছত বিশ্বৰ প্ৰথম মটৰগাড়ীত নম্বৰ প্লেট লগোৱাৰ ৰীতি আৰম্ভ হয়।

⭕১৯৪১ - চাৰ্চিল আৰু ৰুজভেল্টৰ দ্বাৰা ‘‘আটলান্তিক চুক্তি’’ স্বাক্ষৰিত হৈছিল।

⭕১৯৪৫ - মিত্ৰশক্তিৰ ওচৰত জাপানে আত্মসমৰ্পণ কৰে আৰু দ্বিতীয় মহাযুদ্ধৰ অৱসান ঘটে।

⭕১৯৪৭ - ভাৰত বিভাজনৰ প্ৰস্তাৱ গৃহীত হয় আৰু স্বতন্ত্ৰ ৰাষ্ট্ৰৰূপে পাকিস্তানৰ জন্ম হয়। সেয়ে এই দিনটো পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়।

⭕১৯৫৬ - কেৰালাৰ মালায়ালম ভাষাৰ উৎকৃষ্ট সাহিত্যৰাজি প্ৰকাশ কৰা আৰু শ্ৰেষ্ঠ গ্ৰন্থাকাৰলৈ বঁটা প্ৰদান কৰা, ভাষা-সাহিত্যৰ গৱেষণাৰ বাবে উৎসাহ প্ৰদানৰ উদ্দেশ্যে কেৰালা সাহিত্য গঠন হয়।

⭕১৯৮৮ - মোৰাৰজী দেশাইলৈ পাকিস্তান চৰকাৰৰ সৰ্বোচ্চ নাগৰিক সন্মান প্ৰদান কৰা হয়।

⭕১৯৮৯ - ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰে অৱস্থিত অসমৰ ধেমাজি জিলাৰ গঠন অসম চৰকাৰে ঘোষণা কৰে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)