"অসমীয়া লোক সাহিত্য";এটি চমু আলোচনা-জহিৰুল ইছলাম

 সাহিত্য হৈছে সমাজৰ দাপোন স্বৰূপ। সাধাৰণতে কবিতা, নাটক, উপন্যাস, গল্প, প্ৰৱন্ধ আদিক সাহিত্য বুলি কোৱা হয় যদিও এনেবোৰ বিষয় সৃষ্টি হোৱাৰ আগতে অৰ্থাৎ লিপিৰ আৱিষ্কাৰ হোৱাৰ বহু পূৰ্বৰে পৰা জনসাধাৰণৰ মাজত একপ্ৰকাৰৰ সাহিত্য প্ৰচলিত আছিল, সেয়া হৈছে লোক সাহিত্য, যাৰ একমাত্ৰ বাহক হৈছে মানুহৰ স্মৃতি। লোক সাহিত্য জনসাধাৰণৰ মুখে-মুখে চলি অহা বাবে ইয়াক জন-সাহিত্য বা মৌখিক সাহিত্য বুলিও কোৱা হয়।

               অসমীয়া লোক সাহিত্যক বিষয় বস্তুৰ ওপৰত ভিত্তি কৰি তিনি শ্ৰেণীত ভাগ কৰিব পাৰি-
               ক)লোক গীত
               খ)ফকৰা-যোজনা,সাঁথৰ পটন্তৰ; আৰু
               গ) সাধুকথা।
               
ক) লোকগীত:
       অতীতৰ পৰাই সাধাৰণ মানুহৰ মুখে-মুখে বাগৰি অহা গীতকেই আমি লোক গীত বুলি ক'ব পাৰোঁ। য'ত সাধাৰণ মানুহৰ আবেগ অনুভূতি সহজ-সৰল ভাবে ব্যক্ত হয়। এই গীতখিনিক আকৌ তিনিটা ভাগত ভগাব পাৰি--
       ক) আখ্যানমূলক লোকগীত,
       খ) অনুষ্ঠানমূলক লোকগীত; আৰু
       গ) কৰ্ম বিষয়ক লোকগীত।
   "আখ্যান/কাহিনী এটাৰ লগত জড়িত গীতখিনিক আখ্যানমূলক/কাহিনীমূলক লোকগীত বুলি কোৱা হয়। এই গীতবোৰক আকৌ তিনিটা ভাগত ভগোৱা হৈছে। 
   বুৰঞ্জীমূলক,
   কিংবদন্তিমূলক, আৰু 
   কাল্পনিক।
যেন-মণিৰাম দেৱানৰ গীত, জয়মতীৰ গীত,,নাহৰৰ গীত(বুৰঞ্জীমূলক), 
ফুলকোঁৱৰৰ গীত,মণিকোঁৱৰৰ গীত(কিংবদন্তিমূলক),
কন্যা বাৰমাহী গীত,দুবলা শান্তিৰ গীত (কাল্পনিক) ইত্যাদি এই শ্ৰেণীৰ গীতৰ ভিতৰত অন্যতম।
     অনুষ্ঠানৰ লগত জড়িত গীতখিনিক অনুষ্ঠানমূলক লোকগীত বুলি কোৱা হয়। যেন-বিহুগীত, বিয়ানাম, ভেকুলী বিয়াৰ গীত ইত্যাদি এই শ্ৰেণীৰ গীতৰ ভিতৰত অন্যতম। 

     আৰু কৰ্ম বিষয়ক কেন্দ্ৰ কৰি ৰচনা কৰা গীতক কৰ্ম বিষয়ক লোকগীত বুলি কোৱা হয়।যেনে- ধাইনাম,নাওঁখেলৰ গীত, গৰখীয়া গীত ইত্যাদি এই শ্ৰেণীৰ গীতৰ ভিতৰত অন্যতম।
     
খ) ফকৰা-যোজনা, সাঁথৰ, পটন্তৰ, প্ৰবচন:-
            লোকগীতৰ দৰেই অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পদ হৈছে ফকৰা-যোজনা,সাঁথৰ পটন্তৰ, প্ৰবচন। এইবোৰ ভিন্ন সময়ৰ ভিন্ন ৰুচি আৰু অভিজ্ঞতা সম্পন্ন লোকৰ সুক্ষ্মতম অভিব্যক্তি। অসমীয়া জাতীয় জীৱনৰ লগত ইয়াৰ সম্পৰ্ক নিবিড়। ৰাজনীতি, অৰ্থনীতি, সমাজনীতিৰ উপৰিও কৃষি, গৃহস্থালী, আচাৰ - ব্যৱহাৰ আদিৰ বিষয়ে সাৰুৱা উপদেশ পোৱা যায়।
  যোজনা হৈছে এটা কথা বুজাবলৈ আন এটা কথাৰ লগত তুলনা কৰা হয়। যোজনাক পটন্তৰ বুলিও কোৱা হয়। যেনে- "নদীৰ বন নাই খান্দে আৰু পোতে, বিষয়াৰ বন নাই ভাঙে আৰু পোতে"।
    সাঁথৰ হৈছে কোনো বস্তুৰ প্ৰকৃত নাম সহজে ক'ব নোৱাৰাকৈ দিয়া আওপকীয়া বৰ্ণনা।যেন- "ঘৰৰ তলত ঘৰ। তাতে পৰি মৰ (আঠুৱা)।
   গ) সাধুকথা( Folk-tale)
   নীতিশিক্ষা সম্বলিত পৰম্পৰাগতভাৱে চলি অহা চুটি গল্প, বিশেষকৈ জীৱ-জন্তুৰ কাহিনীযুক্ত।
একধৰণৰ কাল্পনিক ৰচনা,যাৰ মাজেদি বক্তাৰ বাকপটুতা আৰু উপস্থিত বুদ্ধিৰ বলত গল্পৰ চলেৰে নীতি শিক্ষা দিয়াৰ কৌশল প্ৰতিফলিত হয়। বক্তাৰ ৰুচি অনুসৰি সাধুকথাৰ কাহিনী ৰচনা কৰা দেখা যায়। শিয়ালৰ সাধু, ঈছ্পৰ সাধু,তেজিমলাৰ সাধু, বুঢ়ীআইৰ সাধু ইত্যাদি। 

       সামৰণিত এয়াই ক'ব পাৰি যে, অসমীয়া সাহিত্য জীয়াই আছে মানে লোকসাহিত্যৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি।

 ধন্যবাদ।


         ✍️জহিৰুল ইছলাম
              গোৱালপাৰা
                         ‌        

Comments

  1. আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ ।

    ReplyDelete

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send