দেহ হেনো কচুপাত,
পলকতে জীৱনত জোনাক নিশা
পলকতে মৰণ প্রভাত।
জীৱন দীঘলীয়া একা-বেঁকা পথ
অসংখ্য কাঁইটৰ সমাহাৰ,
পলকতে সুখৰ মৌচুমী বতাহ
পলকতে দুখৰ সম্ভাৰ।
জীৱন এটি মায়াৰ এনাজৰী
এদিন ছিগিব নিশ্চয়,
সেয়েহে জীৱনত নকৰিবা শুনা
অশ্লীল ভাৱনাৰ সঞ্চয়।
জীৱনৰ এই একা-বেঁকা আলি
দুৰ্গম! অতি দুৰ্গম,
আগবাঢ়ি তথাপিও যাবই লাগিব
এয়ে সত্যম পৰম।
জীৱন এখনি বোৱতী নদী
এটি অবিৰাম সুঁতি,
এই সোঁততে বৈ যাব এদিন
সকলো অনুভূতি।
জীৱনৰ এই অবিৰাম সোঁতত
যাবই লাগিব বৈ,
সকলো কামনা, সকলো বাসনা
সকলো ভাৱনা এৰি থৈ।
তেন্তে কিহৰ এই মায়া মৰিচিকা
অৰ্থহীন সকলো,
অৰ্থহীন সকলো কামনা বাসনা
অৰ্থহীন বিষাদৰ চকুলোঁ।
সকলো পাহৰি আহা যাওঁ আগবাঢ়ি
জীৱনৰ দুৰ্গম বাটত,
এৰি থৈ যাওঁ মাথোঁ মাধুৰী অতীত
বিৰহী এই মৰতত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ