মোৰ মানস পটত ৰূপজ্যোতি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়-০৫-মিন্টু হাজৰিকা

©Admin
0
উচ্চ প্ৰাথমিকৰ দেওনা পাৰ কৰাৰ পাছত কাষতে লাগি থকা জ্যেষ্ঠ বিদ্যালয় ৰূপজ্যোতি উচ্চ ইংৰাজী বিদ্যালয় খনত ১৯৯৭ খ্ৰীঃত মই অষ্টম শ্ৰেণীত নামভৰ্তি  কৰোঁ । ইয়াত শিক্ষা জীৱন আৰম্ভ কৰোঁতে অৱশ্যে কোনো ধৰণৰ অসুবিধা হোৱা নাছিল । স্কুলখন এক প্ৰকাৰ পঢ়াশালিৰ লগতে ঘৰুৱা হৈ পৰিছিল । সকলো বস্তুৱেই চিনাকি আছিল । মাত্ৰ শ্ৰেণীৰ কিতাপৰ ভিতৰৰ বিষয়বোৰহে নতুন আছিল । অৱশ্যে সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে আমাক পুৰা মাত্ৰাই বিষয়সমূহ শিকাই-বুজাই দিয়াত অকৃত্ৰিমভাৱে প্ৰতিপালন কৰিছিল । আমিও শ্ৰদ্ধাৰে তেওঁলোকে কৰা শুশ্রূষাক সন্মান জনাই শিকি ল'বলৈ চেষ্টা কৰিছিলোঁ । কিমান পাৰিছিলোঁ সেইটো অৱশ্যে মই ক'লে উচিত নহ'ব । তাৰ উত্তৰ বিদ্বান শিক্ষক সকলেহে ক'ব পাৰিব । অৱশ্যে এইটো কথা ঠিক যে আমাৰ বেচটো একেবাৰে উত্তম নহ'লেও  অন্ততঃ কেঁচা নাছিল । কিয়নো আমাৰ বৰ্ষ অৰ্থাৎ ২০০০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ বেচটোৰ ল'ৰা-ছোৱালীৰ প্ৰায় এশ শতাংশই উত্তীৰ্ণ হৈছিল । এই স্কুলত পোৱা মোৰ সহপাঠীসকল হ'ল- দ্বীপেন বৰা , বিজয় ভূঞা, দিগন্ত ভূঞা , ৰূপক বৰা, নিত্য হাজৰিকা, মিন্টু হাজৰিকা (লেখক নিজে), প্ৰশান্ত ৰাজখোৱা , পলি হাজৰিকা , মঞ্জুলা হাজৰিকা , মণিষা বৰা , বুলি বৰা , বৰ্ণিলী বৰা , মিতালী ভূঞা , বিউতী বৰা আৰু নিৰ্মালী বৰা ।

আমি পঢ়োতে এই স্কুলত পোৱা শিক্ষাগুৰু সকল হ'ল- শ্ৰদ্ধাৰ গোলোক বৰা , মোলোক বৰা , মিণেশ্বৰ ভূঞা , টোকেশ্বৰ বৰা , সেৱক শৰ্মা , চেণীচন্দ্ৰ ভূঞা , প্ৰবীন শইকীয়া , গোবিন বৰা , ৰমেশ ভূঞা , নৃপেন হাজৰিকা , টুলুমনি শইকীয়া , পাপৰি বৰা। উল্লেখ্য যে সেই সময়ত গোলোক বৰা প্ৰধান শিক্ষক , ফণীধৰ হাজৰিকা কাৰ্যালয় (কণিষ্ঠ) সহায়ক আৰু সদাই বৰা চকীদাৰ হিচাপে কৰ্মৰত আছিল ।

✍️মিন্টু হাজৰিকা (জ্ঞানকমল)
পেচাঃ- অসম আৰক্ষী অনাতাঁৰ বিভাগ , বৰঘাট আউত পোষ্ট , তেজপুৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)