হৃদয় বিদাৰক,এক জলন্ত সতী-সাৱিত্ৰী নাৰী আইৰ স্বৰ্গগামী। পুত্ৰ আৰু কন্যা সন্তান দুটিৰ লগত পৰিয়ালটি সুখেৰে জীৱন অতিবাহিত কৰিছিল তাহানি কালত। শোকে খুন্দিয়াই বুকু, আকাশ বতাহ মুখৰিত কৰি তোলে সিহঁতৰ জীৱন প্ৰণালীত নিজক ম্লান কৰিলে। নিৰুপায় হৈ নিঠৰ পৰি চাই ৰওঁ মাথোঁ দুৰ্ভগীয়া পৰিয়ালটিৰ পিনে। উপদেশ দিয়াটো দূৰৈ'ৰে! সৌহাৰ্দ্যপূর্ণ মনোভাৱ কোনো স্থানতে নাই? আনকি নিজ পুত্ৰ আৰু কন্যা সন্তানটিলৈও; কাৰণ ঘৰখনৰ একমাত্ৰ পৰিচয় যাৰ মাহী আই।
দুবেলা দুমুঠি খাবলৈও নাপায়, জানোছা পুত্ৰ আৰু কন্যা'ই। অবোধ দেউতাকে সিহঁত দুয়োটাৰ একমাত্ৰ জীৱন জীয়াত সাঁৰথি। কিন্তু, ব্যৱসায়ৰ কাম-কাজৰ বাবে দেউতাক বহু দূৰ-দূৰণিলৈ যাব লগা হোৱা হেতুকে সিহঁত দুয়ো এক নিৰ্বোধ শিশুৰ দৰে মাহী আইৰ অকথ্য মাত, ব্যৱহাৰ তথা শাস্তিত জীৱন ভুঞ্জিব লগাত পৰিছে, কিয়নো একমাত্ৰ আই বুলি পৰিয়ালটোত পৰিচয় যাৰ মাহী আই।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ