স্বাধীনতা দিৱস-কুঁহিস্মিতা বৰা

১৫ আগষ্ট--- এই দিনটো সমগ্ৰ ভাৰতবাসীৰ বাবে এটা বিশেষ দিন। আজিৰ দিনটোতেই ভাৰতবৰ্ষই পৰাধীনতাৰ শৃংখল ছিঙি স্বাধীনতাৰ উশাহ লৈছিল। সেয়ে এই দিনটোক ভাৰতবৰ্ষই "স্বাধীনতা দিৱস" হিচাপে উদযাপন কৰে।

         ভাৰতবৰ্ষই স্বাধীন ৰাষ্ট্ৰ হিচাপে অনেক বছৰ অতিক্ৰম কৰিলে। কিন্ত এই স্বাধীনতা ভাৰতে সহজে লাভ কৰা নাছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভৰ বাবে প্ৰায় এটা শতিকা জুৰি সংগ্ৰাম কৰিবলগীয়া হৈছিল। ভাৰতৰ স্বাধীনতাত অলেখজনৰ ত্যাগ আৰু সংগ্ৰাম জড়িত হৈ আছে।

          ভাৰতৰ এই সংগ্ৰামৰ কথা জানিবলৈ আমি উভতি যাব লাগিব ষোড়শ শতিকালৈ। ১৫৯৯ চনত ইংলেণ্ডৰ মহাৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ জেমচ মিলডন হল নামৰ এজন ইংৰাজ নাৱিকে ভাৰতভূমিত পদাৰ্পণ কৰিছিল। এয়াই আছিল ভাৰতত ইংৰাজৰ প্ৰথম প্ৰৱেশ। ইয়াৰ কিছুদিন পিছতেই ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে মোগল সম্ৰাটৰ প্ৰিয়ভাজন হৈ সমগ্ৰ ভাৰতবৰ্ষতে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। লগতে নানা বাণিজ্যিক কেন্দ্ৰও স্থাপন কৰে।সেইসময়ত ভাৰতীয় ৰাজন্যবৰ্গৰ মাজত ক্ষমতাৰ অৰিয়া-অৰি চলিছিল। ইয়াৰে সুযোগ লৈ ইংৰাজে ভাৰতত ক্ষমতা বিস্তাৰৰ সপোন দেখে। ইয়াৰ পিছতেই ভাৰতৰ ইতিহাসলৈ কাল অমানিশা নামি আহে। ইংৰাজে আন ইউৰোপীয়ান কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰে। ভাৰতীয় ৰজাসকলক যুদ্ধ অথবা মিত্ৰতাৰ পাশেৰে ক্ষমতাহীন কৰি সকলো কৰ্তৃত্ব নিজৰ হাতলৈ আনে। ইংৰাজৰ এনে সাম্ৰাজ্যবাদী মনোভাৱত ভাৰতবাসী অসন্তুষ্ট হৈ পৰে। যাৰ ফলত ১৮৫৭ চনত ভাৰতত ইংৰাজৰ বিৰুদ্ধে এক জাগৰণৰ সৃষ্টি হয়। ইতিহাসত ইয়াক চিপাহী বিদ্ৰোহ হিচাপে অভিহিত কৰা হৈছে। বিভিন্ন কাৰণত এই বিদ্ৰোহ বিফল হয় যদিও ই স্বাধীনতা সংগ্ৰামৰ বীজ ৰোপণ কৰি যায়।

                ভাৰতবাসীৰ স্বাধীনতাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ নানা সংগঠনৰ জন্ম হয়। তাৰ ভিতৰত ভাৰতীয় জাতীয় কংগ্ৰেছ অন্যতম। সৰ্বভাৰতীয় সংস্থাৰূপে কংগ্ৰেছে স্বাধীনতাৰ আন্দোলন গাঁৱে-ভূঁয়ে বিয়পাই দিয়ে। এই আন্দোলনৰ নেতৃত্ব লয় জাতিৰ পিতা মহাত্মা গান্ধী প্ৰমুখ্যে জৱাহৰলাল নেহৰু, চিত্তৰঞ্জন দাস, লালা লাজপত ৰায় আদি নেতাসকলে। ১৯২০ চনত কংগ্ৰেছে গ্ৰহণ কৰা অসহযোগ আন্দোলনত ঘাইকৈ উৎসাহ দিছিল গান্ধীজীয়ে। অসমত এই অসহযোগ আন্দোলনত দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈ, হেম বৰুৱা আদিয়ে বৰঙণি যোগাইছিল। বিপ্লৱী বীৰ শংকৰ বৰুৱাই বাগিছাৰ চাকৰি ত্যাগ কৰি আন্দোলনৰ কামত ব্ৰতী হয়। এই আন্দোলনত বিদেশী সামগ্ৰী বৰ্জনৰ সিদ্ধান্ত লোৱা হয়। ১৯৩০ চনত গান্ধীজীয়ে বিখ্যাত দাণ্ডিযাত্ৰাৰে আইন অমান্য আন্দোলনৰ পাতনি মেলে।

      ১৯৪২ চনৰ ৮ আগষ্টত বোম্বাইৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে গান্ধীজীৰ নেতৃত্বত "ভাৰত ত্যাগ" প্ৰস্তাৱ গ্ৰহণ কৰে। সেই প্ৰস্তাৱত ইংৰাজক ভাৰত ত্যাগ কৰিবলৈ স-সন্মানে দাবী উথাপন কৰা হয়। ইংৰাজে তাৰ প্ৰত্যুত্তৰত ভাৰতৰ নেতৃস্থানীয় লোকসকলক গ্ৰেপ্তাৰ কৰে। পিছদিনা অৰ্থাৎ ৯ আগষ্টত ইয়াৰ প্ৰতিবাদত ত্ৰিৰংগা হাতত লৈ লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহে। ছহিদৰ তেজেৰে সেইদিনা ভাৰতভূমি ৰাঙলী হৈ পৰে। অসমত এই আন্দোলনৰ গুৰি ধৰিছিল  কুশল কোঁৱৰ, কমলা মিৰি, মুকুন্দ কাকতি আৰু কনকলতা বৰুৱাই।

                ভাৰতবাসীৰ এই সংগ্ৰামে অৱশেষত ইংৰাজক ভাৰত ত্যাগৰ সিদ্ধান্ত ল'বলৈ বাধ্য কৰে। ভাৰতবাসী ক্ষমতা হস্তান্তৰৰ বাবে লৰ্ড মাউণ্টবেটেনক ভাইচৰয় হিচাপে নিযুক্তি দি ভাৰতলৈ পঠিওৱা হয়। বৃটিছ পাৰ্লিয়ামেণ্টত "ইণ্ডিয়ান ইণ্ডিপেনডেন্স বিল" পাছ কৰি ১৯৪৭ চনৰ ১৫ আগষ্টত ক্ষমতা হস্তান্তৰৰ দিন ধাৰ্য কৰা হয়।

        যথা সময়ত সেই দিনটো আহি পালেহি। ১৫ আগষ্টত নতুন দিল্লী প্ৰমুখ্যে সমগ্ৰ ভাৰতত স্বাধীনতাৰ আনন্দ উৎসৱ উদযাপিত হয়। লালকিল্লাৰ পৰা বিচমিল্লাহ খানে চেহনাই বাদনেৰে দেশবাসীক সম্ভাষণ জনায়। তাৰপাছতেই জৱাহৰলাল নেহৰুৱে নিজৰ বিখ্যাত "Trust With Destiny" ভাষণটি প্ৰদান কৰে। এইদৰে ভাৰতৰ ইতিহাসে এক নতুন মোৰ লয় আৰু ভাৰতবাসীয়ে দুশবছৰীয়া বন্দিত্বৰ পৰা মুক্ত হয়।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send