১.ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো?
উঃ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিছা।
২.অসমৰ কোনখন ঠাইত অতি উৎসাহ-উদ্দীপনাৰে 'শিৱৰাত্ৰি'পালন কৰা হয়?
উঃ শিৱসাগৰৰ শিৱদৌল।
৩.কোনজন অসমীয়া প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথমবাৰৰ বাবে বিহু পতাকাখনৰ আৰ্হি প্ৰস্তুুত কৰিছিল?
উঃ নিপ বৰুৱা।
৪.অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি?
উঃ টুচু -পূজা।
৫.আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি?
উঃ অসমীয়া ল'ৰাৰ মিত্ৰ।
৬.২০১২চনত কোনজন ব্যক্তিক বড়ো ভাষাত ৰচিত 'বড়ো খুন্তাই' নামৰ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল?
উঃ গুণেশ্বৰ মুছাহাৰী।
৭.তেখেত আছিল অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ।তেখেতক ১৯৯৯চনত মৰণোত্তৰভাৱে 'ভাৰতৰত্ন ' সন্মান প্ৰদান কৰা হৈছিল।ব্যক্তিগৰাকী কোন?
উঃ গোপীনাথ বৰদলৈ।
৮.প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?
উঃ দৈনিক বাতৰি কাকত।
৯.জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথমজন অসমীয়া সাহিত্যিক কোন ?
উঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
১০.নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল?
উঃ ১৭৫২চনত।
সংগ্ৰাহকঃ লভিতা চহৰীয়া।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ