ইতিহাসৰ পাতত আজিৰ দিনটো

আজি হ'ল ১৩ আগষ্ট। গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২২৫ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৪০ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---

☯️আজি আন্তৰাষ্ট্ৰীয় বাওঁহতীয়া দিৱস।

☯️আজি টিউনিছিয়াৰ নাৰী দিৱস।

☯️ আজিৰ দিনটোতেই ১৮১৪ চনত ইংলেণ্ড আৰু নেডাৰলেণ্ডৰ মাজত লণ্ডন চুক্তি সমাপন হৈছিল।

☯️ আজিৰ দিনটোতেই ১৯১৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত হেৰি ব্ৰেয়াৰলিয়ে ষ্টেইনলেছ ষ্টিলৰ উৎপাদন কৰিছিল।

☯️আজিৰ দিনটোতেই ১৯১৮ চনত  আমেৰিকাৰ নৌ বাহিনীত প্ৰথমবাৰলৈ মহিলা নিযুক্তি দিয়া হৈছিল।

সংগ্ৰাহক- কুঁহিস্মিতা বৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send