জগত বৰাৰ "ভাল ছাত্ৰ কেনেকৈ হ'ব পাৰি "- অভিজিত মজুমদাৰ

Aditi Tanti
0
আপোনাৰ ল'ৰাটো বা ছোৱালীজনীৰ শৈক্ষিক দিশৰ উন্নতিৰ বাবে আপুনি বহু টকা-পইচা খৰচ কৰে , খেল-ধেমালিৰ বাবে নানা সামগ্ৰী যোগান ধৰে , যদি পাৰে জগত বৰাৰ "ভাল ছাত্ৰ কেনেকৈ হব পাৰি" কিতাপ খন সিহঁতৰ হাতত তুলি দিয়কচোন ।
মোৰ দৃষ্টিত , এই কিতাপখনৰ বিষয়ে ক'ব বিচাৰিছোঁ । ছাত্ৰ-ছাত্ৰীৰ বাবে আমি সকলো খিনি কৰোঁ , কিন্তু এনেকুৱা কিতাপ সিহঁতক পঢ়িবলৈ দিয়াটো ও আমাৰ দায়িত্ব । ভাল ছাত্ৰ হোৱাৰ বাবে আমি বহু খিনি দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব । বিদ্যালয়লৈ পঠোৱা ৰ উপৰিও আমি আন আন ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিব লাগিব । 
ছাত্ৰ-ছাত্ৰী সকলক ভাল শিক্ষা প্ৰদান কৰিবলৈ পৰিয়ালৰ দায়িত্ব বহুখিনি থাকে । পৰিয়ালৰ পৰা আৰম্ভ হয় প্ৰথম শিক্ষা । ভাল ছাত্ৰ হ'বলৈ আদৰ্শ শিক্ষকৰ বহু প্ৰয়োজন । এজন আদৰ্শ শিক্ষকৰ গুণাৱলী ছাত্ৰৰ মাজেৰেই প্ৰতিফলিত হয় ।  শিক্ষকৰ আচাৰ-ব্যৱহাৰ , আদৰ্শ , চৰিত্ৰ , ব্যক্তিত্ব সকলো খিনি নিৰ্ভৰ কৰে । 
"ভাল ছাত্ৰ কেনেকৈ হব পাৰি" গ্ৰন্থখনত জগত বৰা ডাঙৰীয়াই ভালদৰে বুজাই দিছে যে ছাত্ৰ বা ছাত্ৰী গৰাকীৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে আমি কি কি কৰিব লাগে । কিতাপ এখনৰ সকলো খিনি বস্তু মনত ৰাখিবলৈ আমি বিভিন্ন ধৰণে পঢ়িব লাগিব । কেৱল মুখস্থ কৰিলেই নহ'ব । কেতিয়াবা নম্বৰ কম পোৱাৰ বাবে বহু ছাত্ৰ ছাত্ৰী হতাশ হোৱা দেখা যায় । কিন্তু হতাশ কেতিয়াও হ'ব নালাগে । হতাশ নহ'বলৈ কি কৰিব লাগে সেই বিষয়ে সকলো খিনি কথা জগত বৰা দেৱে সুন্দৰকৈ লিখিছে কিতাপ খনত ।
     জগত বৰা ডাঙৰীয়াৰ কথা কওঁ । তেখেতক মই ভালদৰে চিনি পাওঁ । চাৰ বুলি মাতি আহিছোঁ । মই থকা ভাৰাঘৰটোৰ ওচৰতে তেখেতৰ পৰিয়াল থাকে । কিন্তু আচৰিত কথাটো হ'ল তেখেতৰ নামটো জগত বৰা বুলি জানো যদিও তেখেতেই এগৰাকী সু লেখক , বুদ্ধিজীৱী , প্ৰবন্ধকাৰ বুলি জনা নাছিলো অথচ জগত বৰা দেৱৰ বহুখিনি প্ৰবন্ধ মই পঢ়িছোঁ । ফেচবুকৰ সহযোগত এদিন হঠাৎ তেখেতক দেখি গম পালোঁ যে মই তেখেতৰ সৈতে বহু খিনি সময় পাৰ কৰিছোঁ । মনটো উৎফুল্লিত হৈ গ'ল মোৰ ।
       জগত বৰা দেৱৰ লেখাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে । তেখেতৰ দ্বাৰা ৰচিত "ভাল ছাত্ৰ কেনেকৈ হব পাৰি" গ্ৰন্থখনৰ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ বহুখিনি উপকাৰ হ'ব বুলি ভাবো মই ।
       পৰীক্ষাৰ প্ৰস্তুতি চলাবলৈ ছাত্ৰ-ছাত্ৰী সকলে যিখিনি কষ্ট কৰে , সিমানখিনি কষ্ট অভিভাৱক সকলেও কৰে ।সফল বিফল হোৱাটো সময়ে ক'ব । অভিভাৱকৰ কৰণীয় বহুখিনি আছে । কেৱল শিক্ষক সকলোৰে সকলো খিনি নহয় । ভাল ছাত্ৰ হ'বৰ বাবে ভাল এটি পৰিৱেশৰ দৰকাৰ , যিটো পৰিৱেশ আমি সকলোৱে দিব লাগিব ।।
       পঢ়া-শুনাৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলৰ মনোযোগ বা আগ্ৰহ বৃদ্ধি কৰিবলৈ সহজ পদ্ধতি সমূহ এই গ্ৰন্থখনত আলোচনা কৰা হৈছে । 
       জগত বৰা দেৱৰ "ভাল ছাত্ৰ কেনেকৈ হব পাৰি" গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰী , শিক্ষক তথা অভিভাৱকক বহুখিনি সহায় কৰিব বুলি আশা কৰিব পাৰি । 
       ষ্টুডেণ্টছ ষ্টোৰচ ৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখন ২০১৩ চনৰ জানুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল । ৬০ টকা মূল্যৰ এই কিতাপখন এতিয়ালৈকে পঞ্চমটি সংস্কৰণ সম্পূৰ্ণ কৰিছে ।।
       ৭২ পৃষ্ঠাৰ এই কিতাপখনত ২৫ ৰো অধিক প্ৰশ্নৰ উত্তৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰী বা অভিভাৱকৰ বাবে প্ৰস্তুত কৰিছে । এতিয়ালৈকে প্ৰায় বহুখিনি ছাত্ৰ-ছাত্ৰী , অভিভাৱকে এই গ্ৰন্থখনৰ পৰা পোৱা সুফল খিনি বিভিন্ন মাধ্যমৰ যোগেদি নিজৰ মন্তব্য প্ৰকাশ কৰিছে । অংক , ইংৰাজী শিকাৰ সহজ উপায় , ভাষাৰ দক্ষতা অৰ্জন কৰাৰ উপায় , সময়ৰ সদব্যৱহাৰ , সঠিক বন্ধু-বান্ধৱী নিৰ্বাচন , সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ উপায় , চকুৰ যত্ন , দাঁতৰ যত্ন ইত্যাদি সকলো কথা সামৰি প্ৰস্তুত কৰা হৈছে জগত বৰাৰ "ভাল ছাত্ৰ কেনেকৈ হব পাৰি" ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)