Homeঅণুগল্প ভ্ৰম-কুঁহিস্মিতা বৰা August 19, 2021 0 তিৰ্ বিৰ্ দুচকু, পদুম ফুলা খোজ, ভুৱন ভুলোৱা মোহিনী হাঁহি ...হায় ঐ!!! মঞ্চত নাচি থকা ৰুক্মিণী জনীক দেখি ৰেলৰ উকি তাৰ বুকুতে বাজিল।ধান বনা বুকুখন লৈ লাহেকৈ সি গ্ৰীণৰুম পালেগৈ। সৌৱা মূৰৰ নকলি চুলিকোছা খুলি থকা ল'ৰাজন; গাত ৰুক্মিণীৰ পোছাকযোৰ ।ৰেলৰ উকিটো ফটা ঢোলৰ মাত হেন হৈ পৰিল Tags: অণুগল্প কুঁহিস্মিতা বৰা