সূৰ্যোদয়-ৰাজেন দাস | খণ্ড-১২ | নাহৰৰ চিৰলা-চিৰিলি পাত

পংখী মৰাণ
0
(১)
হোষ্টেল লাইফৰ মধুৰ স্মৃতিঃ
এনেকৈ হোষ্টেলীয়া জীৱন পোৱা নাই। এইয়ে আৰম্ভণি। হয়টো সামৰণিও। ইমান ওখ তাতে নামটোৰো ইতিহাস আছে। সাহিত্যৰ বিভিন্ন  অৱদানেৰে অসমীয়া সাহিত্য চহকী কৰা পদ্মনাথ গোহাঞি বৰুৱা অসম সাহিত্য সভাৰ প্ৰথম জন সভাপতি। স্থান শিৱসাগৰ, চন-১৯১৭।
বহুটো কোঠা, কেইবাটাও ব্লক। থাকিবলৈ, চিন্তা কৰিবলৈ,  চিন্তাৰ পৰিবৰ্তন, পৰিবৰ্ধন কৰিবলৈ...সকলো মানুহকে পৰিৱেশ লাগে। ভিতৰখন যেন এখন মহাসাগৰ। "সাঁতোৰ সাঁতোৰ গাত বল থাকে মানে সাঁতোৰ"। বিশ্ববিদ্যালয়ৰ সকলো কৰ্মচাৰীকে তেওঁলোকে পালন কৰা কৰ্তব্য ৰ শলাগ লৈছোঁ। লগতে দিছোঁ এটা বিগ চেল্যুট। গোটেই দিনটো প্ৰায় থিয় হৈ পথ নিৰ্দেশনা কৰি থকা সাধাৰণ কথা নহয়। পৃথিৱীৰ কোটি কোটি জনতাক সীমান্তত পহৰা দি বিভিন্ন বিভাগত নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি আমাক ডাঙৰ ভূমিকা পালন কৰি আহিছে। এইখিনি মানুহক সচাঁই প্ৰভূৰ ওচৰত আন্তৰিক সেৱা।
ল'ৰামখাৰ বুকুত সপোন। মেধাশক্তি অসীম। মোৰ লাজ লাজ ভাৱ আহে। আৱাসিক খিনিক দেখি মোৰ মনত খেলাই--
"আমি হম হমেই সফল"-(হেমেন হাজৰিকা) 
লাহে লাহে হোষ্টেলৰ সময়খিনিও গৈ আছে। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসৰ চাৰিওফালে সেউজীয়া সেউজীয়া অনুভৱ আহে।গছ-গছনি, সেউজীয়া বন-বননি আছে।কুকমেন,ফুলনিৰ কামত থকা মানুহ, পানীযোগানৰ মানুহ, পিয়ন বৰতা,হোষ্টেলৰ লেটিন, বাথৰুম চাফা কৰা খুৰাজন, পুৱাই চাহকাপ  দিয়া মিঠামুখীয়া দাদাজন,হোষ্টেল ৰ সৰু ৰংঘৰটো, হোষ্টেল ৰ দায়িত্ব ত থকা বিভিন্ন কৰ্মকৰ্তাসকল, বাতৰি দিয়া হকাৰজন, হোষ্টেলৰ ৱাৰ্ডেন ছাৰসকল ইত্যাদি সকলৰ সৈতে আৱাসিক সকল। এইসকলৰ সৈতে দিহা-পৰামৰ্শ, সহায়-সহযোগ হৈছেই। 

(২) 
হোষ্টেলৰ মেচ মিটিংত  ৱাৰ্ডেন ছাৰ আহি দিয়া সাৰুৱা ভাষণে মোক মুগ্ধ কৰে।ৱাৰ্ডেন দিব্যজ্যোতি ছাৰে কয়-
"চোৱা, আমি সকলো পঢ়িবলৈ আহিছোঁ,নিজৰ পঢ়া-শুনা কামবোৰৰ বাদেও হোষ্টেলৰ ইটো-সিটো কামত সহযোগিতা আগবঢ়াই নিব লাগিব, আমি এক বৃহৎ পৰিয়াল। এই পৰিয়ালৰ পৰাই কাইলৈ প্ৰফেছাৰ,বিএছএফ,এছআই,বেংকাৰ,এম, এল, এ, মন্ত্রী, মুখ্যমন্ত্রী ,গায়ক,শিল্পী,নেতা ইত্যাদি হ'ব। গতিকে সকলো মিলি এই বাৰেবৰণীয়া জাতি জনজাতিৰে ভৰপূৰ অসমৰ বুকুত হোষ্টেলৰ গৰিমা অক্ষুণ্ন ৰাখিব লাগিব। বোপা-ককাহঁতে কোৱা শুনো-ৰাইজে নখ জোকাৰিলে নৈ বয়"। 
আৰু কয়-"আমি ইয়াত বিভিন্ন ঠাইৰ বিভিন্ন জন আছোঁ।সকলোৱে একতাৰ ডোলেৰে বান্ধ খাই থাকিব লাগিব, বিশ্ববিদ্যালয় বিভিন্ন সময়ত আমি উন্নতি বিকাশ, বিৱৰ্তনৰ দিশ নখ দৰ্পণত  ৰাখিম,শংকৰ গুৰুজনাই দেখুৱাই যোৱা একতাৰ ডোলেৰে বান্ধ খাই ৰুচি অনুযায়ী স্ব প্ৰতিভাও ইয়াত এঢাপ আগুৱাই নিয়াৰ কমাৰশাল। কোনোবাই বোলে ভাল বাঁহী জানে, গান গাব জানে, ভাষণ দিব জানে, একটিং কৰিব জানে, ছবি আঁকিব জানে, সাহিত্যৰ দিশত আগৰণুৱা, ডান্চ  কৰিব জানে, বিভিন্ন খেল-ধেমালিত আগ্ৰহী ইত্যাদি দিশটো আমি পাৰফেক্ট হোৱাৰ ইয়াত সুবিধা কৰি ল'ব লাগিব। এখন বিশ্ববিদ্যালয় লৈ বহুতে চকু দি থাকে বহুতৰ আদৰ্শ, প্ৰেৰণা। সেয়েহে কাইলৈ আমিও একো একোখন সমাজৰ গুৰি ধৰিব লাগিব। অৰ্থাৎ Represent কৰিব লাগিব। সেই সমাজখনে বহু আশা কৰি ইয়ালৈ পঠাইছে।বহুতে অনুসৰণ, অনুকৰণ কৰি আছে। 
ইয়াকে কৈ মোৰ চমু বক্তব্যৰ সামৰণি পেলালোঁ। ডাইনিং হলত সকলোৰে হাততালি পৰিল। মই যেন ক'লৈ আহিলোঁ।মিটিং খনলৈ নাহি বহু ভুল কৰি পেলালোঁহেতেন।  সৌভাগ্য বুলি অনুভৱ লৈ নিজৰ কোঠালৈ আহিলোঁ। ভোৰভোৰাইছোঁ-
"হে প্ৰভূ,ৰক্ষা, তুমি মহান...। 

(৩) 
বেল বাজিল। সময় প্ৰায় ৮.৩০। সপ্তাহত মাছ, মাংস দিয়ে। মানে ভাত খাব হ'ল। মাত্ৰ দাইল থাকিলে ইউনিফৰ্ম চবজী বুলিও কয়। নিজৰ থালি লৈ লৈ সকলো ডাইনিং হললৈ নামি গৈছে। যেন শাৰী শাৰী কৈ বেংকতহে লাইন পাতিছে। অৱশ্যে তথ্য-প্ৰযুক্তিৰ দিনত বেংকত লাইন পাতিবলৈ সময় নাই। এ.টি.এম. ৰ যোগেদিও কামখিনি কৰে। যদিও অফলাইনৰ দ্বাৰাও বেংকৰ বিভিন্ন কামখিনি সম্পাদন কৰি আহিছে। কৰি থাকিব। ডাইনিং হলৰ কাষৰতে কিটচেন,তিনিও ব্লকৰ। Block-A, B, C । ৰান্ধনি সুকীয়া সুকীয়া। ময়ো লাইন পাতিলো।বহু নেদেখা মুখে ভৰি পৰিছে। তাতে একে বিভাগ বা চেন্টাৰৰ সহপাঠী লগ পাই মুখত হাঁহিও দেখা পাইছোঁ। শকত-আৱত নোদোকা-নোদোকা ল'ৰামখা দেখি মোৰ খীণকায় শৰীৰে কিবা ভাবত বুৰ গৈছে। সেইটো ভুক্তভোগীয়ে গম পাব। যিমানেই নুবুজাওক আনে। নিজৰ বিকাৰৰ কথা নিজেও বুজাব বঢ়াব পাৰিব পাৰে। তাতে বাওনা টাইপটোৱেও মাজে-সময়ে আমনি কৰে। বাট আই ডৌন্ট কেয়াৰ( But I don't care) । সেইবোৰ মাথা নঘমোৱাই ভাল। পৃথিৱীৰ বহু গুণী-মানি ব্যক্তিয়ে এই দিশত মন-কাণ নিদিয়ে। কৃষ্ণকান্ত সন্দিকৈৰ কথা অলপ কেনেবাকৈ গম পাইছিলোঁ।ইমান ভালকৈ নেজানো। মানুহৰ ৰূপে নহয় গুণেহে খুৱাব।গতিকে গুণ বিকশিত কৰি থাকিব লাগে। একো নহ'লেও ভাল মানুহ হ'ব লাগে। গোটেই জীৱন ভাল মানুহ হ'বলৈ কষ্ট কৰিও হ'ব নোৱাৰি। তথাপি ইয়াৰ ব্যতিক্রম নোহোৱা নহয়। 

(৪) 
প্ৰথম হোষ্টেললৈ আহোঁতে নাম পৰিচয় পৰ্ব। চিনিয়ৰসৰলে সোধ-পোচ কৰে। অনুসন্ধান কৰে স্বপ্ৰতিভা আৰু কনফিডেন্ট। হোষ্টেলৰ কোঠাৰ কাষে কাষে সৰু ফলকত নাম, গাঁও, জিলা, পিন, বিভাগ/চেণ্টাৰ, ফোন নং লিখা থাকে। মই প্ৰথম মুখস্থই কৰি লৈছিলোঁ। চিনিয়ৰ দাদা কোনোবা জনক লগ পালেই সতৰ্ক হওঁ। নামটো ভুলকৈ ক'লেও সমস্যা। সমস্যা কঠিন নহয়। শিকিবলগীয়া খিনি শিকাই দিয়ে। বহুদিশ শিকাই দিয়ে। কয়--
"চা, ভাই, আমি সকলো ইমান ডাঙৰ ডাঙৰ ঘৰৰ মানুহ নহয়,সাধাৰণ ঘৰৰ। বৰ কষ্টৰেই আহিছোঁ। নিজক বুজি পাবলৈ। সকলো ভাই-ককাই ভাই হিচাপে থাকি ষ্টাডি কৰি যাব লাগিব, হোষ্টেলৰ ৰোল এণ্ড ৰেগুলেশ্বনো মানি চলিব লাগিব। এইটো আমাৰ ঘৰ।হোষ্টেল এটা বৃহৎ পৰিয়াল। থকাসকলেও সুন্দৰকৈ বুজিব পাৰিব। হোষ্টেলৰ চেন্টি  কেনেকুৱা।তিতা, মিঠা, নে দুয়োটাই, নে এটাও নহয়। ইয়াত এইটো মোৰ, সেইটো মোৰ বুলি কথা নাই, সকলো আমাৰ বুলি ধৰিবি।" এনেদৰে অনৰ্গল কৈ থকা দেবাশিষ দাদাৰ কথাখিনি ভাল লাগিল। এনেকৈ হৰি দাদা,ৰঞ্জন দাদা, ৰাজু দাদা, অসীম দাদা, নীৰৱ দাদা,শিৱকুমাৰ দাদা, চাড্ডাম দাদা সকলে বিভিন্ন দিহা-পৰামৰ্শ দি থাকে। নজনাখিনি শিকাই বুজাই কৈ থাকে। দাবি-ধমকো দি থাকে। আমি নতুন শিকি থাকোঁ। ভাল লাগে, ভয় লাগে। আমাৰ লগৰকেইটাৰ বহু অভিজ্ঞতা হৈছে। কাৰণ সিহঁত মোতকৈ প্ৰায় তিনিমাহৰ আগতে গৈছে।বিশ্ব, নমো, নিপন, অবিনাশ, নৱ, পেৰুমণি, হেমেন এইয়া আমাৰ লগৰ। সকলো মেধাৱী। ভাল ফলাফল লৈ আহিছে। লাহে লাহে মোৰ অন্তৰঙ্গ হৈছে। সিহঁতেও বহু কথা শিকাইছে। নিজৰ ঘৰলৈকে পঢ়িবলৈ আহিছোঁ ভাৱটোৱে আকৌ হেঁচুকি ধৰিলেহি। নিপনে কৈছেই-
" বন্ধু, চিনিয়ৰে মিটিং দি থাকে, লাইনআপ দিয়ে, ধমক দিয়ে, প্ৰতিভাৰ উমান লয়। বিশেষকৈ ইউনিভাৰ্ছিটি খনৰ কথাখিনি সোধে।আমি এইখিনি কথা জানিবই লাগে। নহ'লে আনে সুধিলে ক'ব নোৱাৰিলে লাজৰ কথা।হয় নে। সকলো সময়ত বৰ বৰ মাৰ্কশ্বিটে কাম নকৰে।কৰে টেলেন্টে, নলেজে। জেনেৰেল নলেজ খুব দৰকাৰ। সচাঁ টেলেন্ট লুকাই নাথাকে। ঢাকি ৰাখিব পৰা কেপাচিটিও কাৰোঁৰে নাই"কথাখিনি ভাল লাগিল। ৰাতি কথাখিনিকে পাগুলিয়াই পাগুলিয়াই শুই পৰিলোঁ। গা কিবা নতুন জ্ঞানে ভৰাই পেলোৱা দি লাগিল।  এদিন দুদিন কৈ কথাখিনি বুজি গৈ আছোঁ,গৈ থাকিম। শিকি থাকিম। শিকাত লাজ কিহৰ। নাজানি নিশিকাকৈ থকাটোহে বেয়া কথা। এই সময়তে মোৰ মনত-
"অল্প বিদ্যা ভয়ংকৰ" এ
ভেজা দিছে। যেন মই কাঠৰ চকীত বহি আছোঁ। প্ৰেয়সীয়ে আহি কৈছে আছে অমুকটো তমুকটো।

ক্ৰমশঃ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)