গুৰুজনাৰ আছিলা তুমি প্রিয় শিষ্য ,
অনন্ত গুৰুভক্তিৰ তুমি অনুপম দৃশ্য ।
জীৱনৰ কীৰ্তিস্তম্ভ তোমাৰ নামঘোষা ,
অনন্ত গুৰুভক্তিৰ তুমি সদা প্রজ্জ্বলিত শিখা ।
প্রথমে আছিলা তুমি এজন শাক্ত ধৰ্মী ,
বলি-বিধান মানি চলা শাক্ত প্রথাৰ মৰ্মী ।
মাতৃৰ অসুখ বতৰা হঠাৎ শুনিলা ,
দেৱীক ছাগল বলি দিম বুলি প্রতিজ্ঞা কৰিলা ।
ৰাম দাসক ছাগল অনাৰ দিলাহি আদেশ ,
নামানি তোমাৰ বাক্য দিলে বৈষ্ণৱী উপদেশ ।
গুৰুজনাৰ শৰণ লোৱাৰ দিলে পৰামৰ্শ ,
ক'লে , একশৰণতে মূল জীৱনৰ উৎকৰ্ষ ।
শুনি ৰোষিত ভৈলা , ক'লা- "কোন তোমাৰ গুৰু",
ব'লা , তেওঁৰ সৈতেই আজি ধৰ্ম তৰ্ক কৰোঁ ।
ৰামদাসে তোমাৰ বচন নকৰিলে অবজ্ঞা ,
একশৰণাৰ্থী কৰাৰ তোমাক ল'লেহি প্রতিজ্ঞা ।
গুৰুজনাৰ সৈতে তুমি কৰিলা যুক্তি তর্ক ,
গুৰুজনাই ভংগ তোমাৰ কৰিলে অমৰ্ষ ।
তৰুমূল শ্লোকৰ আগত পৰাজয় মানি লৈলা ,
গুৰুজনাৰ শৰণ লৈ একশৰণাৰ্থী ভৈলা ।
দুয়ো গুৰুজনাৰ এই দিব্য সংযোগ ,
মণি-কাঞ্চন নামে খ্যাত ধৰি কল্প যুগ ।
শাক্ত ত্যাগিলা তুমি হ'লা বৈষ্ণৱী ,
অসম জুৰি প্ৰজ্জ্বলিত মাধৱ তোমাৰ ৰবি ।
শ্রেষ্ঠ শিষ্য ৰূপে মাধৱ হৈলা তুমি খ্যাত ,
তোমাৰ গুৰুভক্তি মাধৱ পৃথিৱী বিখ্যাত ।
গুৰুজনাই দিলে
তোমাক শ্রেষ্ঠ শিষ্যৰ স্থান ,
গুৰুজনাৰ মুখে তুমি পালা বৰাৰ পো নাম ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ