শৈশৱৰ স্মৃতি-ভাৰতী গগৈ বৰুৱা

©Admin
0
জীৱনৰ বিয়লি বেলাত মনত পেলাইছোঁ শৈশৱৰ কথা । সোণামুৱা ল'ৰালিৰ হেৰাই যোৱা কথাবোৰ মনলৈ আহিলে বিষাদৰ ঘন ছায়াই কেতিয়াবা আৱৰি ধৰে । কেতিয়াবা আকৌ আনন্দত  আত্মহাৰা হৈ পৰোঁ । কেনেকৈ যে জীৱন সংগ্ৰামৰ মাজেদি আঙুলিৰ ফাঁকেৰে সৰকি গ'ল সেই দিনবোৰ এতিয়া ভাবিবই নোৱাৰি । শৈশৱৰ এটি এটি কথাই কেতিয়াবা দেখোন মন - মগজু জোকাৰি দিয়ে । সেই দিনবোৰ যে কেতিয়াও কোনেও কাকো ঘূৰাই দিব নোৱাৰে । ভাবিলে বৰ দুখ লাগে । এয়া কেৱল মোৰ মনৰ কথা নহয় । আপোনাৰ , তেওঁৰ আৰু বহুতৰে মনৰ কথা । নহয় জানো ?
            শৈশৱৰ অলেখ স্মৃতিয়ে মনত দোলা দি থাকে । কেতিয়াবা এই সোঁৱৰণীয়ে মনৰ মাজত খলকনি তোলে । কোনটো এৰোঁ কোনটো ধৰোঁ অৱস্থা হয় । এতিয়া ভাদ  মাহত প্ৰতি নামঘৰতে  গোপিনীসকলে নাম লয়।নামঘৰত খোৱা প্ৰসাদৰ পৰা আকৌ কেতিয়াবা বিষক্ৰিয়া হোৱাৰ কথা শুনিবলৈ পোৱা যায় । আগতে এনেকুৱা নহৈছিল । আজিকালি সকলোতে ভেজাল হ'ল । আগতে নামঘৰত বা সবাহত নাম গাবলৈ মাইকৰ ব্যৱহাৰ হোৱা দেখা নগৈছিল । 
            শাওণ , ভাদ মাহত কৃষকৰ পথাৰ সেউজীয়া হয় । আঘোণৰ সোণ গুটিয়ে কৃষকৰ ভঁৰাল ভৰে । আশাৰ সপোনে পাখি মেলি উৰে । কেতিয়াবা শেহতীয়া ভদীয়া বানে ঠাই বিশেষে সকলো আশা মষিমূৰ কৰে । আঘোণৰ পথাৰৰ লগতে জড়িত হৈ আছে মোৰ শৈশৱৰ  ক'বলগা কাহিনীটো ।
          আমি সৰু হৈ থাকোঁতে পথাৰলৈ চাহ নিবৰ কাৰণে  এলুমিনিয়ামৰ জগ ব্যৱহাৰ কৰা হৈছিল । আজিকালি সেইবোৰ দেখিবলৈ নাই । গৰম পানীৰ ফ্লাস্ক আমাৰ গাঁৱত ব্যৱহাৰ কৰা হোৱা নাছিল । কথাটো ভাবিলে কেনেবা লাগে । আমাৰ দেউতাই ভাৰতীয় তেল নিগমৰ চাকৰি কৰিছিল বাবে  গৰম কাপোৰৰ ক'ভাৰ লগোৱা গৰম পানীৰ ডাঙৰ জাৰ পাইছিল । সেইটো যথেষ্ট  গধুৰ আছিল। 
            ১৯৬৪ চনৰ প্ৰাথমিক বৃত্তি পৰীক্ষা দিবৰ বাবে সাজু হৈছোঁ । তথাপি গাত কথা লগা নাই । আঘোণৰ পথাৰত ধান দাই থকা দাৱনীক চাহ দিবলৈ ময়েই গৰম চাহপানীৰ জগটো লৈ গৈছিলোঁ । পিছে ভৰি নৰাত লাগি ধৰাত হামখুৰি খাই পৰাত জগৰ উতলা চাহপানী মোৰ হাততে পৰিল । ভয়তে চিঞৰ মাৰি হাতখন মোহাৰি দিয়াত হাতৰ ছাল এৰাই ৰঙা মঙহ ওলাল । পথাৰৰ পৰা কোনোবাই মোক দাঙি আনি ঘৰত পাটী  পাৰি মাটিতে শুৱাই দিলে । কোনোবাই আকৌ পুৰণি কোমোৰাৰ পানী লগাই দি পকা অঙঠাৰে জুই কাঢ়িবলৈ ল'লে । তেতিয়া মোৰ কি যে অৱস্থা ! কোনোবাই আলু খুন্দি লগাই দিলে । বাৰ্ণল লগোৱাৰ কথা কাৰো মনত নপৰিল । এমাহমান মোৰ হঁহা - কন্দা অৱস্থা । পৰীক্ষাৰ সময় পালেহি । সোঁহাতে লিখিব নোৱাৰিম বুলি ভাবি বাঁওহাতে লিখিবলৈ চেষ্টা কৰিছিলোঁ । পিছে যেনেতেনে পৰীক্ষাত সোঁহাতেৰে লিখিব  পাৰিলোঁ । বহুতে মোৰ সোঁহাতখন অকামিলা হ'ব বুলি ভয় খাইছিল । ঈশ্বৰৰ  কৃপাত সকলো ঠিক হোৱাত  আজি মই মোবাইলত লিখিব পৰা হৈ আছোঁ । আঘোণৰ সোণালী পথাৰৰ কথা মনত পৰিলে মোৰ এই কথাটোৱে মনত ক্ষণিকৰ বাবে হ'লেও  বেদনাৰ সৃষ্টি কৰে । আটায়ে কুশলে থাকক । সাৱধানে সুৰক্ষিত হৈ থাকক ।


✍️ভাৰতী গগৈ বৰুৱা , ধেমাজি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)