চেক পইণ্ট চাৰ্লিত 'বন্দেমাতৰম' ৰ প্ৰতিধ্বনি - চুমিন্দ্ৰ চৌধুৰী

Aditi Tanti
0
২০১১ চনৰ আগষ্ট মাহত ভলভো কোম্পানীত কৰ্মৰত হৈ থাকোঁতে দ্বিতীয়বাৰৰ বাবে জাৰ্মানীলৈ যোৱাৰ সুযোগ পাইছিলো ৷ সেই আপাহতে দেশখনৰ ঐতিহাসিক বাৰ্লিন মহানগৰখন ফুৰি অহাৰ লোভকণ সামৰিব নোৱাৰিলো ৷ অৱশেষত পষেকীয়া প্ৰশিক্ষণৰ অন্ত পেলাই ১৫ আগষ্টৰ দিনাখন পুৱাতে হেমলীনৰ পৰা দুজন ভাৰতীয় সতীৰ্থৰ সৈতে ৰাজধানী বাৰ্লিন অভিমুখে ৰাওনা হৈছিলো ৷ বাকী দুজন সতীৰ্থই নজনাকৈ এই বাৰ্লিন যাত্রাৰ আঁৰত মোৰ এক গোপন অভিপ্ৰায় আছিল ৷ ঐতিহাসিক বাৰ্লিন চহৰৰ ৰাজনৈতিক ইতিহাসৰ লগতে সেইদিনাখন মোৰ জীৱনৰ অবিস্মৰণীয় অভিলাষ পূৰণৰ অনুভৱখিনিকে আজি আপোনালোকক অৱগত কৰাম ৷
    ১৮৭১ খ্ৰীষ্টাব্দৰ ১৮ জানুৱাৰীৰ দিনাখন প্ৰুচিয়াৰ হহেনজলাৰ্ণ ৰাজবংশৰ শাসক উইলেম আৰু তেওঁৰ চান্সেলৰ অট্ট ভন বিস্মাৰ্কে  বাভাৰিয়া আৰু চেক্সনি দুয়োখন অঞ্চল প্ৰুচিয়াৰ অধীনলৈ আনি  জাৰ্মান সাম্ৰাজ্য ( ডাচ্ ৰেইক ) স্থাপন কৰিছিল ৷ পৰৱৰ্তীকালত এই জাৰ্মান সাম্ৰাজ্যৰ ৰাজনৈতিক ইতিহাসক ক্রমে ১৮৭১ খ্ৰীষ্টাব্দৰ পৰা ১৯১৮ লৈ কালছোৱাক জাৰ্মান ৰেইক যুগ ,১৯১৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৩৩ লৈ উৱেইমাৰ প্ৰজাতন্ত্ৰ যুগ আৰু ১৯৩৩ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৫ লৈ নাজী জাৰ্মানী অথবা তৃতীয় ৰেইক যুগ বুলি কোৱা হয় ৷ এই নাজী জাৰ্মানী কালত কুখ্যাত একনায়ক হিটলাৰে পৃথিৱীৰ পৰা ইহুদী জাতিটোক সমূলে ধ্বংস কৰাৰ পণ লৈ চলোৱা হত্যালীলাৰ কথা সৰ্বজনবিদিত ৷ 
          দ্বিতীয় বিশ্বযুদ্ধত হোৱা শোচনীয় পৰাজয়ৰ কথা মানি ল'ব নোৱাৰি হিটলাৰে আত্মহত্যা কৰাৰ লগে লগে জাৰ্মানীয়ে বিনাচৰ্তে  মিত্রশক্তি বাহিনী ( এলাইড ফ্ৰন্ট) ৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৷  ১৯৪৫ খ্ৰীষ্টাব্দৰ ৮ মে তাৰিখে জাৰ্মানী দখল কৰি মিত্ৰশক্তি বাহিনীয়ে পোষ্টডাম চুক্তিমতে দেশখনক চাৰিটা অংশত বিভক্ত কৰি ভগাই লৈছিল ৷ সেই চুক্তিমতে মিত্ৰশক্তি বাহিনীয়ে এলাইড কন্ট্ৰল কাউন্সিল গঠন কৰি জাৰ্মানীৰ দক্ষিণ অঞ্চল আমেৰিকাৰ দক্ষিণ পশ্চিম অঞ্চল ফ্ৰান্সৰ , উত্তৰ পশ্চিম অঞ্চল বৃটেইনৰ আৰু পূব অঞ্চল ছোভিয়েটৰ শাসনৰ অধীনলৈ হস্তান্তৰিত কৰিছিল ৷ এলাইড কন্ট্ৰল কাউন্সিল গঠনৰ পাছত যুদ্ধৰ বিভীষিকাত পলায়ন কৰা বহুত জাৰ্মান নাগৰিকে সাম্ভাব্য শান্তি ঘূৰাই পোৱাৰ আশাত স্বদেশলৈ প্ৰত্যাগমন কৰিবলৈ আৰম্ভ কৰিছিল ৷ পোষ্ট ডাম চুক্তিমতে এলাইড মিত্রবাহিনীৰ চাৰিওখন দেশৰ সেনাই মুক্তমনে পৰস্পৰে পৰস্পৰৰ দখলত থকা ঠাইলৈ অবাধে বিচৰণ কৰিব পাৰিছিল। কিন্তু নাগৰিক সকলৰ ক্ষেত্ৰত এলাইড কন্ট্ৰল কাউন্সিলৰ পৰা আগতীয়াকৈ যাৱতীয় অনুমতি লোৱাটো বাধ্যতামূলক আছিল ৷ নিজৰ নিজৰ দখলত থকা অঞ্চল সমূহত মিত্রবাহিনীৰ দেশকেইখনে সমানে নিজৰ প্ৰভূত্ব অক্ষুন্ন ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল ৷ ইয়াৰ পৰিণতি স্বৰূপে  সমাজবাদী বিচাৰধাৰাত বিশ্বাসী কমিউনিষ্ট দেশ ছোভিয়েটৰ সতে লাহে লাহে পুঁজিবাদৰ সমৰ্থক দেশ আমেৰিকাৰ সঘনে মতানৈক্য ঘটিব ধৰিছিল ৷ 
পৰৱৰ্তীকালত ১৯৪৮ খ্ৰীষ্টাব্দ মানত দুই মহাশক্তি আমেৰিকা আৰু ছোভিয়েট দুয়োখন দেশৰ মাজত এক শীতল যুদ্ধৰ সূচনা হৈছিল ৷ একগোট হোৱা ত্রিশক্তি ক্রমে আমেৰিকা , ফ্ৰান্স আৰু বৃটেইন কমিউনিষ্ট ছোভিয়েট দেশৰ কাৰণে  প্ৰত্যাহ্বান হৈ পৰিছিল ৷  পৰিণতিত চাৰিখণ্ডত বিভক্ত হৈ পৰা জাৰ্মান সাম্ৰাজ্য ১৯৪৯ খ্ৰীষ্টাব্দত পুনৰ দুখন পৃথক দেশ হিচাপে মূৰ দাঙি উঠিছিল । পুঁজিবাদী নীতিৰ আধাৰত ফ্ৰান্সৰ আৰু বৃটেইনৰ দখলত থকা অঞ্চলসমূহ আৰু বন চহৰখনক ৰাজধানী হিচাপে লৈ আমেৰিকাই ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানী ( পশ্চিম জাৰ্মানী ) নামৰ এখন নতুন দেশ প্ৰতিস্থা কৰিছিল ৷ এই পৰিঘটনাৰ পাছত ছোভিয়েট দেশেও বাৰ্লিন চহৰৰ বিশাল অংশক ৰাজধানী হিচাপে লৈ সমাজবাদী আদৰ্শৰ আধাৰত জাৰ্মান ডেমক্রেটিক ৰিপাব্লিক ( পূব জাৰ্মানী ) নামৰ আনখন দেশ স্থাপন কৰিছিল ৷ চাৰি মিত্ৰশক্তিৰ আগ্ৰাসনৰ মেৰপাকত হিটলাৰৰ হাবিয়াসৰ দেশ গ্ৰেট জাৰ্মান ৰেইক ভাগি দুখন পৃথক দেশত বিভক্ত হৈ পৰাত বছৰ বছৰ ধৰি মিলাপ্ৰীতিৰে থকা এটা জাতি দ্বিখণ্ডিত হ'ল , এজন আনজনৰ চিৰবৈৰীত পৰিণত হৈছিল ৷ লাখ লাখ মহিলা , কিশোৰী ফ্ৰান্স , বৃটেইন , আমেৰিকা আৰু ছোভিয়েট দেশৰ সৈন্যৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল ৷ মিত্ৰশক্তি বাহিনীৰ সৈন্যৰ পাশৱিকতাৰ বলি হৈ লাখ লাখ জাৰ্মান মহিলাৰ মৃত্যু হৈছিল ৷ স্বাৰ্থান্বেষী চাৰিওখন বিদেশীৰাষ্ট্ৰই জাৰ্মানীৰ ভূমি অধিগ্ৰহণ কৰি দেশখনৰ খনিজ , বনজ , জলজ , ঔদ্যোগিক সকলো প্ৰাকৃতিক আৰু কৃটিম সম্পদৰ লগতে মানৱ সম্পদ লুণ্ঠনতো জঁপিয়াই পৰিছিল ৷ আমেৰিকাই বহু গোপনীয়তা আৰু চতুৰালিৰে চলোৱা এই লুণ্ঠনৰ আগত ছোভিয়েট দেশৰ কূটনীতি আৰু ৰাজনৈতিক পাৰদৰ্শিতা বিফল হৈছিল ৷ দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাত সৰ্ব প্ৰথমে আমেৰিকা Joint intelligence Objective Agency চমুকৈ JIOA নামৰ চোৰাংচোৱা সংস্থাটোৰ দ্বাৰা অপাৰেচন পেপাৰ ক্লিপ নামৰ গোপন অভিযান চলাই এই লুণ্ঠন কাৰ্য্যৰ পাতনি মেলিছিল ৷ এই সংস্থাটোৱে জাৰ্মানীৰ যুদ্ধ অধ্যুষিত অঞ্চলসমূহৰ পৰা স্থানীয় খ্যাত ডাক্তৰ , অভিযন্তা , মেকানিক , কাৰিকৰ আৰু স্থাপত্যবিদ সকলক গোপনে নিজৰ দেশলৈ সৰবৰাহ কৰি তেওঁলোকৰ কলা-কৌশল নিজৰ দেশৰ বিকাশৰ কামত লগাইছিল ৷ চতুৰ আমেৰিকাই দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ সময়তো নিজৰ দখললৈ অহা জাৰ্মানীৰ অঞ্চল সমূহত থকা উদ্যোগ , খনি আৰু তৈলক্ষেত্ৰ সমূহ যাতে শত্ৰুৰ হাতত ধ্বংস নহয় তাৰ কাৰণে সেনাৰ এটা বিশেষ  গোট ( T Force)ক দ্বায়িত্ব অৰ্পণ কৰিছিল ৷ মাছৰ তেলেৰে মাছ ভজাৰ কলাত আমেৰিকা অতীজৰ পৰাই নিপুণ ৷ নিজৰ দেশৰ এক পইচাও খৰচ নকৰি আমেৰিকাই থলুৱা সম্পদ খিনিৰ দ্বাৰাই জাৰ্মানীৰ পুনৰুত্থানৰ ব্লু প্ৰিণ্ট তৈয়াৰ কৰি লৈছিল ৷
         তদনুৰূপ ছোভিয়েট দেশৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্রণালয়ে অপাৰেচন ওচাভিয়াখিম্ গোপন অভিযান চলাই পূব জাৰ্মানীৰ থলুৱালোকক অৰ্ধ সামৰিক বাহিনীত নিযুক্তি কৰিছিল ৷ জাৰ্মান শ্ৰমিক সকলৰ পৰিশ্ৰমৰ বিনিময়ত জাৰ্মানীৰ বিকাশ সাধন কৰাতকৈ ছোভিয়েটে নিজৰ দেশৰ আন্তঃগাঁঠনি সবলীকৰণৰ বাবে উঠি পৰি লাগিছিল ৷ এইদৰে বলপূৰ্বক ভাবে নিযুক্তি কৰা জাৰ্মান সকলক ছোভিয়েট দেশৰ দূৰৱৰ্তী অঞ্চলত থকা খনি , উদ্যোগ , বন্দৰ আৰু নিৰ্মাণ ক্ষেত্ৰত মোতায়েন কৰা হৈছিল ৷ কমিউনিষ্ট ছোভিয়েটৰ ৰেড আৰ্মিৰ কঠোৰ অনুশাসনত মুকলিমুৰীয়া জাৰ্মান সকল  ভিতৰি ক্ষুন্ন হৈ পৰিছিল ৷ ইয়াৰে গইনা লৈ আমেৰিকাৰ চোৰাংচোৱা সংস্থা জিওৱাই ছোভিয়েটৰ অৰ্ধ সামৰিক বাহিনীত যোগদান কৰা কেইবাশ জাৰ্মান নাগৰিকক অপাৰেচন পেপাৰ ক্লিপ নামৰ অভিযান চলাই নিজৰ দেশলৈ সফলতাৰে সৰবৰাহ কৰিব সক্ষম হৈছিল ৷ পশ্চিম জাৰ্মানীত আমেৰিকাই ফ্ৰান্স আৰু বৃটেইনৰ সহযোগত আৰু জাৰ্মান সকলৰ পৰিশ্ৰমেৰে মৃতপ্ৰায় কল কাৰখানাবোৰ পুনৰোজ্জীৱিত কৰি তুলিছিল ৷ পৰিণতিত পূব জাৰ্মানীৰ তুলনাত পশ্চিম জাৰ্মানীৰ অৰ্থনৈতিক দিশত আমূল পৰিৱৰ্তন ঘটিছিল ৷  দেশখনৰ সেই অৰ্থনৈতিক উত্থান দেখি সাম্ভাব্য ভৱিষ্যতকলৈ আশাবাদী হতভগীয়া লাখ লাখ জাৰ্মানে পূব জাৰ্মানীৰ পৰা পশ্চিম জাৰ্মানীলৈ প্ৰব্ৰজন কৰিছিল ৷ এই অভাৱনীয় প্ৰব্ৰজনৰ বাবে ছোভিয়েটৰ খনি , তৈলক্ষেত্ৰ আৰু অনান্য উদ্যোগবোৰত কলা-কুশলী শ্ৰমিকৰ নাটনি ঘটিছিল আৰু   দেশৰ অৰ্থনীতি থৰক-বৰক হৈ পৰিছিল ৷ পূব জাৰ্মানীৰ শাসন ব্যৱস্থাই এই প্ৰব্ৰজন ৰোধ কৰিবলৈ কঠোৰ আইন প্ৰণয়ন নাগৰিকৰ চলা-ফুৰাৰ ওপৰত বহু প্ৰতিবন্ধকতা আৰোপ কৰি সীমান্তত নিকপকপিয়া পহৰাৰ ব্যৱস্থা কৰিছিল ৷ ইফালে আমেৰিকাই উদাৰ নীতিৰ আধাৰত পূব জাৰ্মানীৰ নাগৰিক সকলক পশ্চিম জাৰ্মানীলৈ অহাৰ ক্ষেত্ৰত উৎসাহিত কৰিছিল ৷  আমেৰিকাৰ প্ৰৰোচনাত কেবা হাজাৰ জাৰ্মান নাগৰিকে ছোভিয়েট দেশৰ ৰেড আৰ্মিৰ শেন চকুত ধূলি দি সুৰঙ্গ খান্দি পূব জাৰ্মানীৰ পৰা পশ্চিম জাৰ্মানীলৈ পলায়ন কৰিছিল ৷ অৱশেষত ১৯৬১ চনৰ ১৩ আগষ্ট দিনটোত ছোভিয়েটে অতিষ্ঠ হৈ এই প্ৰব্ৰজন ৰোধ কৰিবলৈ দুয়োখন দেশৰ সীমান্তত এখন সুউচ্চ প্ৰাচীৰ সাজি পশ্চিম ইউৰোপৰ সতে পূব জাৰ্মানীক পৃথক কৰিবলৈ সিদ্ধান্ত লয় ৷ বাৰ্লিন মহানগৰক দ্বিখণ্ডিত কৰা সীমান্তত সাজি উলিওৱা এশ ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰায় বাৰ ফুট ওখ এই ঐতিহাসিক বাৰ্লিন প্ৰাচীৰখনে মোটা-মুটি দুটা দশক পূব আৰু পশ্চিম জাৰ্মানীক পৃথক কৰি ৰাখিছিল ৷ প্ৰাচীৰ খনৰ  ইপাৰে পূব জাৰ্মানীৰ জাৰ্মান ডেমক্রেটিক ৰিপাব্লিকৰ সৈনিক দলে নাগৰিক আৰু প্ৰাচীৰ দুয়োটাৰ ওপৰত কাঢ়া নজৰ ৰাখিছিল ৷ ইফালে পোষ্ট ডাম চুক্তিমতে দুয়োখন দেশৰ মাজত মিত্ৰশক্তিৰ সৈন্যবাহিনীৰ আহ-যাহৰ ওপৰত কোনো বাধা নিষেধ নাছিল ৷ সেয়েহে অনিচ্ছাসত্বেও জাৰ্মান ডেমক্রেটিক ৰিপাব্লিকে বাৰ্লিন প্ৰাচীৰখনৰ , হেমষ্টেড , ড্ৰাইলিন্ডেন আৰু ফ্ৰিডৰিখ ট্ৰেচ নামৰ ঠাই তিনিখনত ক্রমে চেক পইন্ট আলফা , ব্ৰেভো আৰু  চাৰ্লিজ নামেৰে তিনিখন অভিবাসন দুৱাৰ (Immigration Gate) ৰাখিব লৈ বাধ্য হৈছিল ৷
এই তিনিখন দুৱাৰৰ ভিতৰত বাৰ্লিন চহৰৰ মাজৰ চেক পইন্ট চাৰ্লিজ নামৰ দুৱাৰখন আছিল অন্যতম গুৰুত্বপূৰ্ণ ৷ ৰেভ আৰ্মিৰ কঠোৰ নিৰীক্ষণত এলাইড আৰ্মি , দেশী বিদেশী পৰ্যটক আৰু সাধাৰণ নাগৰিক সকলে এই দুৱাৰ খনেদিয়েই বাৰ্লিন মহানগৰখনলৈ আহ-যাহ কৰিছিল ৷ এই চেক পইন্ট চাৰ্লিতে ১৯৬১ চনৰ ২৭ অক্টোবৰৰ দিনাখন বিশ্বৰ দুই মহাশক্তি আমেৰিকা আৰু ছোভিয়েট দুয়োখন দেশে পৰস্পৰক প্ৰত্যাহ্বান জনাই যুদ্ধৰ বাবে মুখামুখি হৈছিল । স্মৰ্তৱ্য যে ২২ অক্টোবৰৰ দিনাখন পশ্চিম জাৰ্মানীৰ পৰা এজন মাৰ্কিন কূটনৈতিক বিষয়াই পূব জাৰ্মানীৰ চলি থকা এখন অপেৰা ( থিয়েটাৰ ) চাবলৈ যোৱাৰ উদ্দেশ্যে চেক পইন্ট চাৰ্লিত উপস্থিত হৈছিল ৷ পাছে  সঠিক তথ্যপাতি প্ৰদৰ্শন কৰাৰ স্বত্বেও পোষ্ট ডাম চুক্তি উলংঘন কৰি জাৰ্মান ডেমক্রেটিক ৰিপাব্লিক বিষয়াই মাৰ্কিন নাগৰিকজনক পূব জাৰ্মানীলৈ যোৱাত বাধা দি ঘূৰাই পঠিয়াইছিল ৷ এই ঘটনাৰ সূত্ৰপাত লৈয়েই ২৮ অক্টোবৰ তাৰিখৰ দিনাখন দুয়োখন দেশে পৰস্পৰক আক্রমণ কৰিবলৈ উদ্ধত হৈ পৰিছিল ৷ পাছত যেনিবা দুয়োখন দেশে কূটনৈতিক আলোচনাৰ জৰিয়তেই বুজাবুজি হৈ ২৮ অক্টোবৰৰ দিনাখন নিজ নিজ সৈন্য বাহিনী চেক পইন্ট চাৰ্লিৰ পৰা ওভতাই নিছিল ৷ 
সময় গতিশীল , সময়ৰ গৰাহত এজন নাগৰিক , এখন দেশ , আমাৰ বিশ্ব ব্ৰহ্মাণ্ড সকলোৱেই মোট সলোৱাটো এক প্ৰাকৃতিক প্ৰক্ৰিয়া ৷ ১৯৫২ চনত ছোভিয়েট শাসক ষ্টেলিনে পূব আৰু পশ্চিম জাৰ্মানীক একত্রিত কৰি এখন নিৰপেক্ষ স্বাধীন ৰাষ্ট্ৰ হিচাপ প্ৰতিস্থা কৰিবলৈ আগবঢ়োৱা আহ্বানক পশ্চিমীয়া এলাইড ফ্ৰন্টে খাৰিজ কৰিছিল ৷ কিন্তু সময়ে সকলোকে সলনি হ'বলৈ শিকনি দিয়ে ৷ ১৯৮৯ চনত পূব জাৰ্মানীত ৰাজনৈতিক শান্তি বিপ্লৱৰ সূচনা হৈছিল ৷ দেশখনে পশ্চিম ইউৰোপৰ অধীনত থকা নিজৰ অংশটোৰ সতে একাত্ম হ'বলৈ পুনৰ এবাৰ চেষ্টা চলাইছিল যাক জাৰ্মান ভাষাত ডাই ৱনদে বুলি কোৱা হৈছিল ৷ অৱশেষত  ছোভিয়েট ৰাষ্ট্ৰপতি মিখাইল গৰ্ভাচেভৰ উদ্যোগত আৰু পশ্চিম ইউৰোপৰ সহযোগত দুৰ্ভেদ্য বাৰ্লিন প্ৰাচীৰ খহাই পূব আৰু পশ্চিম জাৰ্মানীক একত্রিত কৰি এখন নতুন জাৰ্মানী প্ৰতিস্থাপন কৰা হৈছিল ৷  জাৰ্মানীৰ অভিশপ্ত ইতিহাসৰ প্ৰমাণ চেক পইন্ট চাৰ্লিজ দুৱাৰ খন বৰ্তমান সকলো দেশী বিদেশী পৰ্য্যটকৰ আকৰ্ষণৰ থলী হৈ পৰিছে ৷ 
আমি তিনিজন ভাৰতীয় বন্ধুৱে এই ঐতিহাসিক চেক পইন্ট চাৰ্লিত সেই দিনাখন উপস্থিত হওঁতে দিনৰ প্ৰায় বাৰ মান বাজিছিল ৷ চেক পইন্ট চাৰ্লিত ভৰি দিয়েই ঠাই ডোখৰ আৰু সময়কণ মোৰ গোপন অভিলাষ পূৰণৰ বাবে উপযুক্ত হ'ব বুলি মনতে থিৰাং কৰিলো ৷
          ১৯৬৩ চনত চেক পইন্ট চাৰ্লিৰ যিডোখৰ ঠাইত থিয় দি আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডি এ ভাষণ দিছিল সেই ডোখৰ ঠাইতে বেগত গোপনে কঢ়িয়াই নিয়া আমাৰ জাতীয় পতাকা সম্বলিত তিনিটা টুপি উলিয়াই নিজৰ লগতে বাকী দুজন সতীৰ্থকো পিন্ধাই দিলো ৷ টুপিটো পিন্ধায়েই মানুহৰ সমাগমৰ মাজতেই বন্দে মাতৰম্ ধ্বনি তুলি দিলো ৷ মোৰ আকস্মিক কাণ্ডত উদ্বুদ্ধ হৈ তামিল সতীৰ্থ নন্দ কুমাৰ আৰু মাৰাঠী সতীৰ্থ প্ৰকাশ বিচেন দুয়োজনেও বন্দে মাতৰম্ ধ্বনিৰে বাৰ্লিনৰ চেক পইন্ট চাৰ্লিজৰ বাকৰি মুখৰিত কৰি পেলাইছিলোঁ ৷ আমাৰ কাণ্ড-কাৰখানা দেখি বহুতো লোকে আমাক বেঢ়ি ধৰি চোৱাত ভ্ৰূক্ষেপ নকৰি আমাৰ ৰাষ্ট্ৰীয় সংগীত গাবলৈ ধৰিলো ৷ ৰাষ্ট্ৰীয় সংগীত গাই আমাৰ স্বাধীনতা সংগ্ৰামৰ বীৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলী জনাই গোটখোৱা লোক সকলক চকলেট ভগাই আমাৰ গৌৰৱময় স্বাধীনতা দিৱসৰ কথা কৈছিলো ৷ তেতিয়া বহু কেইজন দেশী বিদেশী পৰ্য্যটকে আহি আমাক  আলিংগন কৰি শুভেচ্ছা জনাইছিল ৷ আমি বিদেশত নিজৰ দেশখন আৰু দেশবাসীৰ বাবে শুভেচ্ছাবাণী পাই ৰোমাঞ্চিত হৈ পৰিছিলোঁ ৷ স্বাধীনতা দিৱস উদযাপনৰ গোপনে ৰখা মোৰ পৰিকল্পনাত আপ্লুত হৈ সতীৰ্থ নন্দকুমাৰ আৰু প্ৰকাশ বিচেনে অশ্ৰুসিক্ত নয়নেৰে  মোক সাবট মাৰি ধৰিছিল ৷ ঠিক তেতিয়াই এহাল জাৰ্মান দম্পতীৰ লগত অহা এজনী মৰম লগা ছোৱালী আগবাঢ়ি আহি আমাৰ হাতত এথোপা ফুল দি ভঙা ভঙা ইংৰাজীতে আমাক স্বাধীনতা দিৱসৰ ওলগ যাঁচিছিল ।  ছোৱালীজনীৰ হাতত এটোপোলা চকলেট গুজি দি সেইদিনাখনৰ বাৰ্লিন যাত্রা সফল হোৱাৰ আনন্দত স্বস্তিৰ নিশ্বাস পেলাইছিলো ৷

বন্দে মাতৰম্ ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)