কোন সুন্দৰৰ প্ৰেম পৰশত ফুলি উঠিব তাই-মনচুমী কলিতা নাথ

কোন সুন্দৰে আহি প্ৰেম পৰশেৰে 
তাইৰ গাভৰু বুকুৰ আঁচল খনি
যাব যে কঁপায় ,
কাৰ ওঁঠৰ তপত চুম্বনত 
লাজুক নয়ন তাইৰ 
যাব জাঁপ খায়।
কিহৰ ৰাগীত মতলীয়া হৈ 
তাইৰ শুভ্ৰ দেহত 
জাগিব অবুজ শিহৰণ ,
কাৰ বাহুৰ নিবিড় বন্ধনত 
খহিব তাইৰ বুকুৰ আভৰণ ।
কহুৱা কোমল নিশ্বাসেৰে 
কোনে আহি গোপনে
 তুলিব তাইৰ বুকুত প্ৰেম জগায়,
জোনাক নিশা ঈষৎ নীলা আকাশখনলৈ  চাই 
উৰিব নেকি তাই বাৰু 
পাখিতে পাখি লগায় ।
শৰতৰ প্ৰেমত ফুলি উঠিব তাই জকমকাই,
শাৰদী কুসুম শুভ্ৰ বসনা সুকোমল শেৱালি তাই।

 ✍️মনচুমী কলিতা নাথ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send