স্বাধীন ভাৰতৰ আমি স্বাধীন নাগৰিক-কনমনি নাথ

পংখী মৰাণ
0
"আমি অসমৰ,
আমি ভাৰতৰ ভূমিপুত্ৰ।
দেশক সন্মান জনাই
একে মুখে গাই যাওঁ
আমি স্বাধীন দেশৰ,
স্বাধীন নাগৰিক"

ভাৰতবৰ্ষ আমাৰ দেশ , ভাৰত এখন সম্পূৰ্ণ স্বাধীন আৰু সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ ।
গতিকে প্ৰত্যেক জন নাগৰিকে দেশক ভাল পোৱা , সন্মান জনোৱা নৈতিক দায়িত্ববোধ আছে বা থকাটো নিতান্তই প্ৰয়োজন । কেতিয়াবা হয়টো আমাৰ মনলৈ প্ৰশ্নৰ উদয় হয় যে , আমি স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক হ'লো কেনেকৈ ?
হয় , আমি "স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক'' ।
কিয়নো মোৰ দৃষ্টিত যদি আমি নিজৰ কৰ্মক দায়িত্ব স্বীকাৰ কৰি সঠিক ধৰণেৰে নিজৰ ইচ্ছা অনুযায়ী কৰি সফল হ'ব পাৰোঁ তেতিয়া  তেনেকৈও আমি স্বাধীন বুলি ভাবিব পাৰো ।
যেতিয়া ইংৰাজ সকল সুদূৰ ইংলেণ্ডৰ পৰা ভাৰতত প্ৰৱেশ কৰি প্ৰথমে বিভিন্ন বেপাৰ-বাণিজ্য কৰাৰ উদ্দেশ্যে পৰ্যায়ক্ৰমে ভাৰতত ইংৰাজ শাসন ব্যবস্থা প্ৰৱৰ্তন কৰি সকলো নিয়ম-নীতি তেওঁলোকৰ নিৰ্দেশ মৰ্মে ভাৰতীয় নাগৰিক সকলক চলিবলৈ বাধ্যৰ সন্মুখীন কৰি ভাৰতবৰ্ষত প্ৰায় দুশ বছৰ ইংৰাজৰ অধীনত ৰাখিছিল । তেতিয়া ইংৰাজ শাসন ব্যৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে ভাৰতৰ নাগৰিক সকলে নানা কৌশল অৱলম্বন কৰি সুফল পোৱা নাছিল কিন্তু পিছলৈ ভাৰতৰ পৰা ইংৰাজ সকলক খেদি পঠিয়াবলৈ মোহন দাস কৰম চাদ গান্ধী বা মহাত্মা গান্ধীয়ে বিশেষ নেতৃত্ব প্ৰদান কৰিছিল । তেখেতক সন্মান জনাই সকলোৱে জাতিৰ পিতা বুলি অভিহিত কৰিছিল । মহাত্মা গান্ধীয়ে যেতিয়া বিদ্যালয় পৰ্য্যায়ৰ শিক্ষা শেষ কৰি ইংলেণ্ডত ওকালতি পাঠ্যক্ৰম পঢ়ি আছিল তেতিয়াই বুজি উঠিছিল ইংৰাজ সকলে যে  ভাৰতীয় সকলক কু-দৃষ্টি ভঙ্গীৰে শাসন চলাই নানা অত্যাচাৰ কৰি শাস্তি প্ৰদান কৰিছিল । তেতিয়া গান্ধীয়ে অহিংসা আন্দোলনৰ জৰিয়তে প্ৰতিবাদ আৰম্ভ কৰিছিল । এই আন্দোলনত মহাত্মা গান্ধীৰ লগত বিশেষ ভাৱে সহায় সহোগিতা আগবঢ়াইছিল ক্ৰমে , বিপিন চন্দ্ৰ পাল , লালা লাজপত ৰায় আৰু বাল গংগাধৰ তিলকে । ইয়াৰ পিছতে ভাৰতত ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ নামৰ সংগঠনটোৰ জন্ম হৈছিল আৰু তেতিয়াৰ পৰাই ইংৰাজৰ বিৰুদ্ধে আন্দোলন গঢ়ি উঠিছিল ।
১৯২০ চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰধান (সভাপতি) নেতৃত্বৰ দায়িত্ব গ্ৰহণ কৰি তীব্ৰ গতিত অসহযোগ আন্দোলন , আইন অমান্য আন্দোলন , ভাৰত ত্যাগ আন্দোলন আদিৰ মাধ্যমেৰে যুঁজি বহু ভাৰতীয়ই ইংৰাজৰ হাতত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল যদিও সেই আন্দোলন কোনো পধ্যে থমকি ৰোৱা নাছিল । বহু বীৰ যোদ্ধা দেশৰ হকে প্ৰাণ আহুতি দি শ্বহীদ হৈছিল । অৱশেত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষক ব্ৰিটিছ শাসনৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । সেয়ে প্ৰত্যেক ১৫ আগষ্টৰ দিনটো আহিলে আমাৰ সকলোৰে হৃদয়ৰ এক অংশৰ পৰা নিজকে গৌৰৱ অনুভৱ কৰি ক'ব পাৰো আমি স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক । এই বিশেষ দিনটোত চৰকাৰী কাৰ্যালয় , বেচৰকাৰী কাৰ্যালয় , বিভিন্ন প্ৰতিষ্ঠান সমূহৰ উপৰিও কোনো কোনোৱে ঘৰুৱা ভাৱে হ'লেও ভাৰতীয় নাগৰিকে ভিন্ন ধৰণেৰে জাতীয় পতাকা খনক সন্মান জনাই উৎসৱ মুখৰ পৰিৱেশ সজাই তুলি ৰং-ধেমালিৰ মাজেৰে ভিন্ন প্ৰদৰ্শনীৰ আয়োজন কৰি বিশেষ দিন হিচাপে পালন কৰি আহিছোঁ ।
ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা ভাৰতবৰ্ষত সংবিধান কাৰ্যকৰী হোৱাৰ পিছৰে পৰা আমি কিছু নীতি-নিয়ম পালন কৰিবলগীয়া হৈছে যদিও তাৰ অৰ্থ এইটো নহয় যে আমি পৰাধীন ! কিয়নো ইংৰাজ শাসন ব্যৱস্থাৰ সময়ত নিজৰ ইচ্ছাৰ বিপৰীতে সকলো ক্ষেত্ৰতে ইংৰাজৰ অধীনত থাকি জীৱন নিৰ্বাহ কৰিব লাগিছিল । কিন্তু ইংৰাজ শাসন ব্যৱস্থাৰ পৰা উদ্ধাৰ হোৱাৰ পৰাই আমি নিজৰ ইচ্ছা অনুযায়ী স্বাধীন মনেৰে মুক্ত ভাৱে থাকিব পাৰিছোঁ । এয়া সম্ভৱ হৈ উঠিছে একমাত্ৰ মহান দেশপ্ৰেমিক শ্বহীদ সকলৰ ত্যাগ আৰু সাহসৰ বিনিময়ত । সেয়ে আমি প্ৰত্যেক বছৰে ১৫ আগষ্টৰ দিনটো ভাৰতবৰ্ষত স্বাধীনতা দিৱস হিচাপে পালন কৰি মহান বীৰ শ্বহীদসকল আৰু দেশৰ মহান সেনা সকলক সহস্ৰ প্ৰণাম জনাই শ্ৰদ্ধা কৰা হয় । সেয়ে সকলোৱে আমি সগৌৰৱে বুকু ফিন্দাই ক'ব পাৰোঁ আমি "স্বাধীন ভাৰতৰ স্বাধীন নাগৰিক" । যদি আমাৰ এনেধৰণৰ ইতিবাচক দৃষ্টিভঙ্গীৰে সকলোৱে শান্তি-সম্প্ৰীতিৰ মাধ্যমেৰে অনৈক্যৰ মাজত ঐক্য স্থাপন কৰি বসবাস কৰোঁ তেতিয়া ভাৰতবৰ্ষক বিশ্বৰ ভিতৰত অন্যতম দেশ হিচাপে পৰিগণিত কৰিব পাৰিম বুলি বিশ্বাস ।
             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)