এতিয়া মোৰ জীৱনলৈ নামি আহিছে
আকাশৰ যেন গোটেইখিনি কলিয়া ডাৱৰ
অন্ধকাৰে আৱৰি ধৰিলে
মোৰ হৃদয়ৰ কোঠালি।
বৰ অসহায় হৈ পৰিলোঁ মই আজি
আপোন বুলিবলৈ মোৰ ওচৰত
এতিয়া কোনো নাই
বুজা নুবুজাৰ মাজতেই
জীৱন কটাইছো।
মই দেখা সকলো মিঠা সপোন
আজি হেৰুৱালোঁ
দুচকুৰে নিগৰি অহা বেদনাৰ চকুলো মচি দিবলৈও
মোৰ কোনো নাই।
ক্ষন্তেকৰ বাবে মুখত আলফুলীয়া হাঁহি বিৰিঙাইছো।
অতীতক এটি দুঃস্বপ্ন বুলিও
পাহৰিব নোৱাৰা হ'লো
হেঁপাহৰ আৱেগবোৰো হেৰাই গ'ল
সকলোতে কেৱল নীৰৱতা।