কালৈকো নাথাকে ৰৈ ,
সময়ৰ নিৰুদ্ধ নিৰৱধি সোঁতত
যাবগেই লাগিব বৈ ।
সময় এজাক ক্ষন্তেকীয়া বতাহ
পলকতে আহি গুচি যায় ,
আশা নিৰাশা সকলো হিয়াৰ
পলকতে নিয়ে উৰুৱায় ।
এবাৰ গুচি যোৱা সোণালী সময়
নাহে উভতি দুনাই ,
সকলো ভাবনা সকলো কামনা
সময়ৰ সোঁতত বৈ যায় ।
সময় ক্ষন্তেকীয়া এজাক বৰষুণ
নোৱাৰি ৰাখিব ধৰি ,
সেয়ে ক্ষন্তেকীয়া সময়ক বন্ধু
তোলাহি অনুপম কৰি ।
✍🏻সীমা ৰবিদাস
শ্রেণী-একাদশ
জিলা-বিশ্বনাথ