মা- সুৰুজ আলী

Aditi Tanti
0
মা , 
অ' মা , চোৱানা এবাৰ চকু মেলি 
মই তোমাৰ মৰমৰ সন্তান 
কিয় এনেকুৱা কৰি আছা মা ?
অ' মা , চোৱানা এবাৰ চকু
মেলি ।

অ' দাদা ,
চা চোন চা মায়ে খং কৰিছে আজি দেখোন চকু মেলি নাচায় ,
অ' দাদা ,
তই ক না মাক
মোক ভুল নুবুজিবলৈ ।

মোৰ কোনো দোষ নাই অ' দাদা
লকডাউনৰ কাৰণে গাড়ী বন্ধ আছিল ,
মায়ে কোৱাৰ লগে লগে আহিব নোৱাৰিলোঁ
তই বুজাই ক না মাক
অ' দাদা ক না ।

অ' দাদা ,
কি হ'ল ক না মায়ে লৰচৰ নকৰে কিয় ?
অ' মা চোৱানা এবাৰ , মই আহি গ'লো মা
তুমিতো কৈছিলা সদায় তোমাৰ কাষত থাকিবলৈ
আহি গ'লো মা তোমাৰ কাষলৈ মই ।

মানুহবোৰে বাঁহ কাটিছে 
পানীও গৰম কৰিছে ,
আৰু এদল ওলাই আহি মাক লৈ গৈছে ,
সকলো দেখোন কবৰস্থানলৈ ৰাওনা হৈছে
অ' দাদা এয়া কি হৈ আছে ?

মানুহবোৰ ইমান নিষ্ঠুৰ কিয় হৈছে
মায়ে চকু মুদাৰ লগে লগে
গাৰ সকলো গহনাৰ লগতে
একমাত্ৰ কাপোৰ খনো খুলি দিয়া হৈছে
পিন্ধাই দিয়া হৈছে মাত্ৰ এখন বগা কাপোৰ ।

ইমান নিষ্ঠুৰ নে আমাৰ এই সমাজখন
নিমিষতে ঘৰৰ পৰা উলিয়াই লৈ গ'ল ,
অন্তিম বাৰৰ বাবে দেখুওৱাই 
মাৰ নিস্তেজ মুখখন ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)