ফুলশয্যাৰ নিশা খণ্ড ৮ - তীৰ্থ পিণ্টু বৰা

Aditi Tanti
0
   .........কোনো এটা কামেই তই ভালদৰে কৰিব নোৱাৰ ! কি হৈছে তোৰ ? কথাবোৰ তই কিয় মনালিছাক খুলি নক'লি ? কাইলৈ ৰক্তিম গুচি যোৱাৰ পাছত কথাবোৰ ক'লে জানো তোক বিশ্বাস কৰিব ? জকজকাই উঠিল মৃণালিনী
: ৰক্তিমৰ বিয়া হৈ যোৱা এমাহ সম্পূৰ্ণ হৈছেহে । মই তাইৰ অন্তৰত দুখ দিব বিচৰা নাই । মই ভাবোঁ কথাবোৰ লাহে-ধীৰে ক'লেও হ'ব নেকি ! তেতিয়া দুয়োৰে মাজত সম্পৰ্ক অধিক গাঢ় হ'ব , খেলখনৰ মজাটো তেতিয়াহে ওলাব নে কি কোৱা ?
: ৱাহ...তই দেখোন কথাবোৰ বৰ গভীৰকৈ চিন্তা কৰিব পৰা হ'লি...! অৱশ্যে কথাটো মিছাও নহয় , যিমানেই দিন বাঢ়ি যাব সিমানেই সিহঁতৰ সম্পৰ্ক গাঢ় হ'ব । ঠিক সেইখিনি সময়তে যদি মনালিছাৰ মনত সন্দেহৰ বীজটো ৰোপণ কৰি দিয়া যায় তেতিয়া খেলখনৰ মজাই বেলেগ হ'ব । মই মিছাতে তোক বুৰ্বক বুলি ভাবি আছিলোঁ , তই দেখোন মোতকৈও বেছি খিলাৰী হৈ গ'লি...
: এই সকলোবোৰ তোমাৰ পৰাই শিকিছোঁ , তোমাক পিছে মই এটা বুদ্ধি দিব পাৰোঁ...
: কি বুদ্ধি দিবি মোক ? আৰু তই দিয়া বুদ্ধি যে কামত আহিব মনে নধৰে , তথাপিও ক'চোন...
: তুমি এটা কাম নকৰা কিয় ? এবাৰ ৰক্তিমৰ ঘৰলৈ যোৱা , খবৰ এটা লোৱা
: খবৰ...? কি খবৰ ল'বলৈ যাম ?
: তুমি পাহৰি গৈছা নেকি ? তুমি যে এগৰাকী সমাজ সেৱিকা । গতিকে ৰক্তিমৰ বিয়াৰ খবৰ ল'বলৈ যোৱা , বিয়াৰ আগত সকলোৱে খবৰ কৰে কিন্তু পাছত খবৰ ল'বলৈ কোনো নাহে । এইখিনি সময়তে তুমি যদি খবৰ ল'বলৈ যোৱা ৰক্তিমৰ দেউতাক আৰু মনালিছাই তোমাক ভাল পাব । তুমি যদি তেওঁলোকৰ লগত এটা ভাল সম্পৰ্ক গঢ় দি লোৱা তেতিয়া খেলখন উপভোগ কৰি ভাল লাগিব ।
: আইডিয়াটো অৱশ্যে বেয়া নহয় , আজি আবেলিলৈকে পাক এটা মাৰিব লাগিব ।
: তুমি ভবাৰ দৰেই মই এতিয়া সৰু হৈ থকা নাই মা ! কিবা এটা কৰাৰ আগতে মই ভৱিষ্যত সম্পৰ্কে এটা ধাৰণা কৰি লওঁ , তাৰ পাছতহে মই কামটোত হাত দিওঁ । 
: ঠিক আছে বাৰু , মোৰ মিটিং এখন আছে মই অলপ সময়ৰ পাছত ওলাই যাম । তই ভাতকেইটা ৰান্ধি খাবি । আহোঁতে অলপ পলম হ'ব । ৰক্তিমৰ ঘৰত সোমাই আহিম...
: ঠিক আছে , তুমি আশ্ৰমলৈ গৈছিলা নে ?
: নাই যোৱা , তইয়ে এপাক মাৰি আহিবি । নতুনকৈ অহা আইতা গৰাকীয়ে যাতে কষ্ট নাপায় সেইটো ধ্যান ৰাখিবি ।
: হ'ব মা , তুমি চিন্তা কৰিব নালাগে । কথাষাৰ কৈয়ে নীহা ভিতৰলৈ সোমাই গৈছিল ।

       নীহাই মোক বৰ সুন্দৰ আইডিয়াটো দিলে । মই গৈ থিয় হোৱাৰ লগে লগেই কুনাল উচপ খাই উঠিব । হয়টো মোৰ জনপ্ৰিয়তাক লৈ সি অলপ জ্বলিব । তেতিয়া তাৰ মুখখন চাবলগীয়া হ'ব । নাই নাই , এইবোৰ ভাবি সময় অপচয় কৰাতকৈ খৰ-খেদাকৈ ওলাই যোৱাই ভাল । কিমান কান্দিলোঁ মই ! কান্দি কান্দি চকুৰ পানী শুকাই গৈছিল । কিন্তু এতিয়া চকুলোবোৰ গোট মাৰি এটুকুৰা কঠিন শিললৈ ৰূপান্তৰিত হৈছে । এইবাৰ দুৱৰাৰ পাল , এইবাৰ দুৱৰাই কান্দিব আৰু মই নিচুকাম... হাঃ হাঃ , হাঁহি হাঁহি ওলাই গ'ল মৃণালিনী । ঘৰুৱা কামকেইটা কৰি নীহাও আশ্ৰমলৈ ওলাই গ'ল । পশ্চিমৰ আকাশত ৰাঙলী বেলি লাহে লাহে ডুব গৈছে , সমগ্ৰ আকাশখন ৰঙচুৱা হৈ পৰিছে । আশ্ৰমৰ সকলো লোকে নিজৰ নিজৰ কৰ্ম কৰি আছে - কোনোৱে যদি পদূলিৰ ফুলনীখনত পানী দিছে , কোনোৱে আকৌ ফুলনিৰ বন চিকুণাই আছে , মুঠৰ ওপৰত সকলো ব্যস্ত । সংসাৰিক দুখ কষ্ট সকলো পাহৰি নিজৰ মাজতেই বিলীন হৈ পৰিছে তেওঁলোক । ঠিক চিকিমিকি সন্ধিয়া হোৱাৰ লগে লগেই সকলোৱে একেলগে বাৰাণ্ডাত বহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে । সেই সময়খিনিত এক সুন্দৰ আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হয় আশ্ৰমখনত । গাত শুভ্ৰ বসন , ডিঙিত ফুলাম গামোচা , প্ৰাৰ্থনা সভাৰ পাছত সকলো আকৌ নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰে । তাৰ মাজতেই দুই এজনে খুহুটীয়া কথা কৈ সকলোৰে মুখত হাঁহি বিৰিঙাই তোলে । নীহাই এই দৃশ্যবোৰ উপভোগ কৰাৰ পাছত প্ৰতিভাৰ সন্ধানত নামি পৰিল । তাই আৰম্ভ কৰিলে বিয়ানামৰ প্ৰতিযোগিতা...। উৰুলি জোকাৰ দি মিনা আইতাই আৰম্ভ কৰিলে

     ওলাই আহাঁ আইদেউ এ...
      মূৰত কাপোৰ লৈ
      মাৰ হাতত চাবি দিয়া চিৰদিনলৈ...

গীতফাঁকি শেষ নৌহওঁতেই আন এগৰাকীয়ে আৰম্ভ কৰিলে... 

         মাৰাৰ অলংকাৰ থোৱা কাতি কৰি
         দেউতাৰাৰ অলংকাৰ থোৱাহে...
          অযোধ্যাৰ ৰামচন্দ্ৰই পঠাইছে অলংকাৰ
           ঐ ৰাম হাতে যোৰে কৰি লোৱা হে...! 

          বিয়ানাম শুনাৰ লগে লগেই দুই এগৰাকী আইতাৰ চকুলো নিগৰি আহিল । কৰুণ গীতবোৰ শুনাৰ পিছত নীহাৰো চকুলো নিগৰি আহিল । তাই আৰু ৰৈ থাকিব নোৱাৰিলে , উধাতু খাই ওলাই আহিল ঘৰলৈ বুলি... আনফালে সন্ধিয়া লগাৰ পাছতেই মৃণালিনী উপস্থিত হ'লগৈ কুনাল দুৱৰাৰ ঘৰত । কলিং বেলটো বজাৰ লগে লগেই মনালিছা মিঠা হাঁহি এটা মাৰি ওলাই আহিল...

: এইটো মি: কুনাল দুৱৰাৰ ঘৰ হয়নে ?
: হয় হয়...! আহক... বহকচোন , দেউতা অলপ ওলাই গৈছে আহিবই এতিয়া
: তুমি চাগৈ মোক চিনি পোৱা নাই ! মই মৃণালিনী চলিহা , কুনালৰ ভাল বন্ধু আছিলোঁ । অৱশ্যে বয়সত সি মোতকৈ অলপ ডাঙৰ । তুমি মনালিছা নহয় জানো ?
: হয় , মই মনালিছা দুৱৰা । আপুনি অকণমান বহকচোন মই চাহ কৰোঁগৈ...
: চাহ নালাগে দিয়া...! কথাকে পাতোঁ অলপ... 
: এহ্ সেইটো কেনেকৈ হ'ব ? আপুনি আমাৰ ঘৰলৈ আজিহে আহিছে , গতিকে চাহ একাপ নোখোৱাকৈ যাব ! চাহকাপ খাইও কথা পাতিব পাৰিম...
: হ'ব দিয়া , ইমান জোৰ কৰিছা যেতিয়া চাহ একাপ আনাগৈ । নোখোৱাকৈ গ'লে তুমি জানো ভাল পাবা ?
: ঠিক আছে , আপুনি অকণমান বহক ।

        মনালিছাই চাহ কাপ আনে মানে মৃণালিনীয়ে ড্ৰয়িং ৰুমটোৰ চুকে কোণে এবাৰ চকু ফুৰালে । ড্ৰয়িং ৰূমটোৰ এচুকত সুন্দৰকৈ সজাই থোৱা ৰক্তিম আৰু মনালিছাৰ ফটোখন লিৰিকি-বিদাৰি চালে । হঠাৎ মৃণালিনীৰ চকু পৰিল কুনাল আৰু তাৰ ঘৈণীয়েকৰ ফটোখনত । চাওঁ বুলি হাতলৈ আনি পকাত পেলাই দিলে , শব্দটো শুনি মনা উধাতু খাই ওলাই আহিল । কি পৰিলে বাৰু ?
: Sorry ! Sorry ! মনালিছা , হাতৰ পৰা যে কেনেকৈ সৰি পৰিল একো ধৰিবই নোৱাৰিলোঁ...
: its ok , আপোনাৰ একো হোৱা নাইটো...!
: নাই...! মোৰ একো হোৱা নাই । ছেহ্ ! মনটো বেয়া লাগি গ'ল । কুনালে কথাটো বৰ দুখ পাব । তুমি ফটোখন ক'ৰবাত লুকুৱাই থোৱা... দুয়ো কথা পাতি থাকোঁতেই কুনাল সোমাই আহিল...

: অ' মিছ চলিহা‌ , আমাৰ যে আজি কি সৌভাগ্য...!
: কিয়নো তেনেকৈ কৈছা ? সামাজিক কামত ঘূৰি ফুৰিব লগা হয় বাবেই সময় নাপাওঁ । আজি তোমালোকৰ গাঁৱতে মহিলা সমিতিৰ মিটিং এখন আছিল তালৈকে আহিছিলোঁ । ভাবিলো এপাক সোমায় যাওঁ...
: দেউতা , আপুনি চাহ খাবনে ?
: খাম , একাপ দিবা
: মনা , ফটোখন ইয়াত কেনেকৈ পৰিল ? বৰ বেয়াকৈ ভাগিল...
: কুনাল ফটোখন মোৰ হাতৰ পৰাই পৰিলে । ফটোখন চাই থাকোঁতে হঠাৎ হাতৰ পৰা পিছলি পৰিল...
: সেইবোৰ বাদ দিয়া তোমাৰ খবৰ কোৱা... অৱশ্যে তোমাৰ খবৰ মাজে সময়ে কাকতে-পত্ৰই পঢ়িবলৈ পাওঁ । তুমি সঁচাকৈ বৰ ভাল কাম এটা কৰি আছা ।
: কিমান কি কৰিব পাৰিছোঁ সেয়া মই নকওঁ , কিন্তু সাধ্য অনুসৰি যিমান পাৰোঁ কৰি গৈছোঁ... 
: চাহ খাব , চাহৰ ট্রেখন টেবুলত থৈ মনা আকৌ ভিতৰলৈ সোমাই গ'ল...
...... তুমি কিন্তু বৰ সাদৰী ছোৱালী এজনী বোৱাৰী হিচাপে পাইছা , কথাই-বতৰাই বৰ অমায়িক ছোৱালীজনী 
: হয় , পিছে তোমাৰ ল'ৰা ছোৱালী...?
: মোৰ ছোৱালী এজনী , বৰ্তমান মোৰ লগতে আশ্ৰমখন চোৱা-চিতা কৰি আছে আৰু NGO এটা চলাই আছে...
: ভালেই কৰিছে... মোৰো ল'ৰা এটাই ডিফেনচত কৰে । ভাল লাগিল দেই...! তোমাক যে এনেকৈ লগ পাম মই কল্পনাই কৰিব পৰা নাছিলোঁ...
: মই যে তোমাক লগ পাবলৈ বহু দিনৰ পৰাই চেষ্টা কৰি আছিলোঁ । কিন্তু সময় মিলাব পৰা নাছিলোঁ । ঠিক আছে বাৰু দিয়া , আজিলৈ আহোঁ । আকৌ কেতিয়াবা লগ পাম 
: নিশ্চয় ! নিশ্চয় !


      ( ক্ৰমশঃ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)