তোমালোকৰ বাবে সদায় ভাল হ'ম,
নহওঁ কেতিয়াও সমালোচনাৰ পাত্ৰ।
মানুহক সদায় ভাল ব্যৱহাৰ কৰিম,
কেতিয়াও বেয়া আচৰণ নকৰোঁ।
ডাঙৰক সন্মান ,সৰুক সদায়
মৰম কৰিম
আৰু দেউতা, মই সদায়
মহাত্মা গান্ধীৰ দৰে
হ'ম সত্যবাদী
অসত্যক কেতিয়াও
আশ্ৰয় নিদিও
আৰু মাঁ, মই সদায়
কনকলতা,মূলাগাভৰুৰ দৰে
হ'ম সাহসী,
দুৰ্বল নহওঁ আমি কেতিয়াওঁ।
এয়াই মোৰ এক কথা।
বুকুত শক্তি লৈ মনৰ
আৱেগ অনুভূতিৰ সৃষ্টি কৰি
আগুৱাই যাম।।