কিতাপ পঢ়াৰ আনন্দ-দিগন্ত বৈশ্য

অসমীয়া সাহিত্যৰ চানেকি
0
গ্ৰন্থৰ নাম::"অ' মোৰ ধুনীয়া কপৌ ফুল"
   বিষয়::কবিতা।
   কবি:: জীৱন নৰহ।


                     অসমীয়া কবিতাৰ পথাৰত যিসকল কবিয়ে নিজৰ  সুকীয়া কাব্যশৈলীৰে এখনি সুকীয়া ঠাই দখল কৰিবলৈ সক্ষম হৈছে, তেখেতসকলৰ ভিতৰত মিচিং কবি জীৱন নৰহ অন্যতম। সাধাৰণতে, মিচিং ঐনিতমেৰে পাঠকৰ হৃদয় দখল কৰা কবি জীৱন নৰহৰ কাব্যপুথি "অ মোৰ ধুনীয়া কপৌফুল" এখনি লেখত ল'বলগীয়া কাব্যপুথি। কবিতাৰ বটবৃক্ষ নীলমণি ফুকন উৎসৰ্গিত এই কাব্যপুথিখন প্ৰধানতঃ মূল মিচিং ---ঐনিতম, নি:নাম আৰু কাবান নি:তমৰ অনুবাদহে।
         পাঁচটা শিৰোনামেৰে  ***  (ক) তুমি ফুল হৈ ফুলা হ'লে, (খ) অ'মোৰ ধুনীয়া কপৌ ফুল,(গ) তুমি মোৰ কাৰণে হৃদয়ৰ ফুল,(ঘ) প্ৰথমে যিটো চাপৰিত পৰিছিলি আৰু (ঙ) নৈৰ পানী বলিয়া বুলি জানিও***কাব্য পুথিখনত সৰ্বমুঠ ৯১টা কবিতা সন্নিৱিষ্ট হৈছে।
                         মিচিং ভাষাত যিসমূহ জনগীত আছে (যেনে--দ:ব নি:তম, কাবান,মে:ব নি:তম, মিদাং নি:তম, চীলুং নি:তম, চেল্লাই নি:তম, বীনি: আৰু অই নি:তম)। এই পুথিত উল্লেখ কৰা কবিতাসমূহৰ  ভিতৰত এটি কাবান(শোকগীত), দুটি বীনি:(নিচুকনি গীত) আৰু বাকীসমূহ  ঐনি:তম।
                   যিবোৰ কবিতা শোকক উপজীব্য কৰি   
সৃষ্টি কৰা হৈছে,সেয়াই 'কাবান'। তেনেদৰে, কাৰোবাক নিচুকাবলৈ ৰচনা কৰা কবিতাই' বীনি:'।আনহাতে, ডেকা-গাভৰুৰ প্ৰণয়, হৰ্ষ, বিষাদ, আকাংক্ষা আৰু প্রতীক্ষাক কেন্দ্ৰ কৰি ৰচিত কবিতাই 'ঐনি:তম'।
                               এই পুথিৰ "অ' মোৰ ধুনীয়া কপৌ ফুল"শিৰোনামৰ অন্তৰ্গত"বীনি:" (নিচুকণি গীত) দুটি হ'ল-----
                       (১)
মোৰ কণমানি সোণ নেকান্দিবা
কপৌ চৰায়ে উৰা মৰা নাই, উৰিলে কান্দিবা।
                       (২)
     নেকান্দিবাচোন
প্ৰকাণ্ড শিমলুজোপাৰ গুৰিত
বিয়াগোম অজগৰ সাপ এটাই
ইফালে সিফালে চাই আছে।
           সাধাৰণতে, বীনি: সদায় কাৰোবাক ,বিশেষকৈ শিশুক নিচুকাবলৈহে গোৱা হয়। ওপৰোক্ত দুয়োটা বীনি:ৰ ১নং বীনি:ত কবিয়ে কপৌ চৰায়ে নুৰালৈকে অৰ্থাৎ কপৌ চৰাই উৰালৈ যেন বাট চাবলৈ দিছে। তেতিয়া যেন হেঁপাহ পলুৱাই কান্দিব পাৰিব।
          তেনেদৰে,২নং বীনি:ত কবিয়ে  কাৰোবাক শিমলুজোপাৰ গুৰিত অজগৰ সাপ এটাই ইফালে সিফালে চাই থকা অৰ্থাৎ কান্দিলেই যেন সাপটোৱে  আহি খাই পেলাব তাৰ ভয় দেখুৱাইছে। যাৰ বাবে সি হয়তো কান্দিবলৈ ভয় কৰিছে।
             কবিয়ে পুথিখনত "তুমি মোৰ কাৰণে হৃদয়ৰ ফুল"শিৰোনামৰ অন্তৰ্গত কবিতাসমূহত মাত্ৰ এটি "কাবান"(শোকগীত) সন্নিবিষ্ট কৰিছে। যেনে-
                            (১)
     তুমি মোৰ কাৰণে হৃদয়ৰ ফুল
একেলগে ফুলিম বুলি ভাবিছিলোঁ,
জীয়াই থাকোঁতে সুখ-সন্তোষেৰে থাকি
     একেলগে মৰিম বুলিও ভাবিছিলোঁ,
কিন্তু তুমি মোৰ সাঁচি ৰখা মৰমকণ
বতাহে এফলীয়াকৈ উৰুৱাই নিয়াৰ দৰে‌‌‌....
                               উৰুৱাই নিলা।
        ওপৰোক্ত কবিতাটি "কাবান"শ্ৰেণীৰ কবিতা যি শ্ৰেণীৰ কবিতাই অন্তৰত শোকৰ জন্ম দিয়ে।  কবিতাটোত কবিয়ে কাৰোবাক লৈ একেলগে ফুল হৈ ফুলাৰ সপোন আৰু সুখে-সন্তোষেৰে  জীয়াই থাকি একেলগে মৰাৰ সপোনো দেখিছিল, কিন্তু কবিৰ হৃদয়ৰ মৰমকণ নুবুজি সেই মৰম যেন তেওঁৰ প্ৰিয়াই  বতাহ হৈ উৰুৱাই লৈ গ'ল।
        
         ওপৰোক্ত কবিতাটিত কবিৰ বিষাদৰ ছাঁ, দুখৰ ছাঁ সুন্দৰ আৰু স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে।
         কবিতাপুথিখনৰ বেছি ভাগ কবিতাই ঐ- নি:তম যিবোৰ কবিতাৰ মাজেৰে প্ৰকাশ পায় মিচিং ডেকা -গাভৰুৰ অকৃত্ৰিম মৰম -চেনেহ, বিৰহ-বেদনা, সুখ-দুখ আৰু পোৱা-নোপোৱাৰ  দৈনন্দিন জীৱন-গাঁথা।
                          উদাহৰণস্বৰূপে আমি "তুমি ফুল হৈ ফুলা হ'লে"শিৰোনামাৰ দুই-এটা
কবিতাৰ পংক্তি চাব পাৰোঁ।
                           (১)
গোন্ধ নথকা গোলাপ ফুল ৰুই লাভ নাই
মৰম নুবুজা লগৰীক মৰম দি লাভ নাই।
                               (২)
প্ৰখৰ ৰ'দৰ বাবেহে গছৰ তলত জিৰালোঁ
 মৰম আছে বাবেহে চিঠিৰ উত্তৰ দিলোঁ।
                            (৩)
ডাঙৰ নদী পাৰ হ'বলৈ হ'লে সৰু নাওত নুঠিবা
তুমি যদি মোলৈ আহা, আনৰ কথা নুশুনিবা।
              
                        ওপৰোক্ত তিনিওটা কবিতাই নিভাঁজ প্ৰেমৰ সৰল বহিঃ প্ৰকাশ। অৱশ্যে, কবিতাকেইটাৰ মূল অৰ্থ অন্য হ'লেও পাঠকে সহজে কবিতাকেইটাৰ নিজস্ব দৃষ্টিভংগীৰে এক অৰ্থ উলিয়াই ল'ব পাৰিব। প্ৰথম কবিতাটোত কবিয়ে ক’ব বিচাৰিছে যে প্ৰেম তেওঁলোকৰ বাবেহে  যিয়ে প্ৰেমৰ মাহাত্ম্য বুজি পায়। প্ৰেমৰ মাহাত্ম্য বুজি নোপোৱা মানুহৰ বাবে প্ৰেমৰ কোনো মূল্য নাই।
       দ্বিতীয় কবিতাটোত কবিয়ে ক’ব বিচাৰিছে যে জিৰণিৰ প্ৰয়োজন আছে বাবে গছৰ ছাঁ বিচাৰি যোৱাৰ দৰে মৰম বিচাৰি ফুৰা মানুহেহে মৰমৰ সঁহাৰি দিয়ে, ভালপোৱাৰ প্রত্যুত্তৰ দিয়ে।
          তৃতীয় কবিতাটোত কবিয়ে কৈছে যে ডাঙৰ নদী পাৰ হবলৈ ডাঙৰ নাওৰ প্ৰয়োজন হোৱাৰ দৰে প্ৰেম বা ভালপোৱাৰ নদী পাৰ হ'বলৈ  আনৰ সহায়   নহয়, উভয়ৰ মতহে প্ৰয়োজন।
                     এইবোৰৰ উপৰিও পুথিখন   ঐনি:তমৰ ওপৰত লিখা  অনেক কবিতাৰে ভৰি আছে। তাৰে মোৰ ভাল লগা তিনিটা কবিতা হ'ল----
                     (১)
   তেতিয়াই তোমাক কৈছিলোঁ 
           ভালপোৱা আছে বুলি
    ভালপোৱা আছে কাৰণেইতো
          নোজোকাবলৈ কৈছিলোঁ ।
                     (২)
        সময়মতে নাখালে
       খোৱা যেন নালাগে
       সময়মতে নেদেখিলে
         দেখা যেন নালাগে।
                   (৩)
ৰাতি খেলি থকা তৰাবোৰ দিনত ক'ত থাকিল
সপোনত দেখা ছোৱালীজনী দিনত ক'ত হেৰাল।।
                  
                   চাবলৈ গ'লে "অ' মোৰ ধুনীয়া কপৌ ফুল"এখনি মিঠা প্ৰেমৰ সৰল কাব্যপুথি। যিয়ে এই পুথি এবাৰ পঢ়িছে, তেওঁৰ মনত ই সদায় সজীৱ হৈ আছে আৰু থাকিব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)