সাধাৰণ জ্ঞান

১. ৰেবিছমুক্ত ৰূপে স্বীকৃতি পোৱা ভাৰতৰ প্ৰথম ৰাজ্য কোনখন?
  ➖গোৱা।
২. ভাৰতৰ প্ৰথমখন গাওঁ যিয়ে COVID-19 বিৰুদ্ধে যুঁজিবলৈ সকলো প্ৰাপ্তবয়স্ক লোকৰ সম্পূৰ্ণ টীকাকৰণ কৰিছিল?
 ➖জম্মু-কাশ্মীৰৰ বান্দীপুৰ জিলাৰ বেয়ান গাওঁ।
৩. কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে কোনখন দেশত ভাৰতৰ প্ৰথম মহাবাণিজ্য দূতাবাস খুলিবলৈ অনুমোদন জনাইছে?
 ➖মালদ্বীপ।
৪. ভাৰতৰ প্ৰথমটো কৃষি ৰপ্তানি সুবিধা কেন্দ্ৰ ক'ত আছে?
 ➖মহাৰাষ্ট্ৰৰ পুণে।
৫. ভাৰতৰ প্ৰথম উচ্চগতিযুক্ত বাণিজ্যিক বিতৰণ ই-স্কুটাৰ "হাৰ্মাছ ৭৫" কোনে মুকলি কৰিছে?
 ➖কবীৰা ম'বিলিটী।
৬. ভাৰতৰ প্ৰথম ভাৰ্টিকেল ফৰেষ্ট টাৱাৰ "মানা ফৰিষ্টা" ক'ত নিৰ্মিত হৈছে?
 ➖বেংগালুৰু।
৭. ভাৰতৰ প্ৰথম ট্ৰেন্সজেণ্ডাৰ কমিউনিটি ডেস্ক ক'ত খোলা হৈছে?
 ➖তেলেংগানা।
৮. ভাৰতৰ প্ৰথম এলিভেটেড নগৰীয়া এক্সপ্ৰেছৱে কোনটো?
 ➖দ্বাৰকা এক্সপ্ৰেছৱে।
৯. কাৰ্বন ঘড়ী এপ মুকলি কৰা ভাৰতৰ প্ৰথম কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো?
 ➖চণ্ডীগড়।
১০. ভাৰতৰ প্ৰথমটো পূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল সাগৰিকা কোন ৰাজ্যত আছে?
 ➖কেৰালা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send