হৃদয়হীনা প্রিয়া-সুতীৰ্থ মাধৱ দত্ত

©Admin
0
 হেৰা মোৰ হৃদয়হীনা প্ৰিয়া
তুলিবানে এটি সুৰ জুৰাই মোৰ উন্মাদ হিয়া?

যিগৰাকীয়ে পৰিহাস কৰি হাঁহে
মোৰ অশ্ৰুক অভিনয় বুলি !
সেইগৰাকী মোৰ কেনে প্ৰিয়া
কৰো মই কিদৰে আৰতি ?

লোতকত ডুবি মৰা চকুযুৰি দেখি
যিগৰাকীৰ নগ'লে হিয়া শুনি মোৰ বিলাপ
সেইগৰাকী প্ৰিয়া মোৰ
প্ৰভাতত ফুলি সন্ধ্যা মৰহি যোৱা তেজৰঙী এপাহ গোলাপ।

সুখৰ প্ৰভাত দেখি
মোৰ প্ৰিয়া যায় আৰু আহে !
থমকিল প্ৰেমৰ পক্ষী আজি
সেইগৰাকী প্ৰিয়া মোৰ নাছিল কোনোকালে !

যিগৰাকী প্ৰিয়া মোৰ
দুখৰ ক্ষণত আহি আঁজুৰি আনে সুখৰ প্ৰভাত !
সেইগৰাকী মোৰ দেৱী
ফুলি আছে জীৱনৰ দুখৰ বোকাত।

আঁউসী আজুৰি 
যিগৰাকীয়ে পূৰ্ণিমাৰ ৰং ছটিয়ায়
তেওঁৱেই ধূসৰিত প্ৰকৃতিক
সেউজীয়াৰ ৰূপ দিয়ে প্ৰেমৰ ঢলেৰে ধুৱায়।

নুফুলে গোলাপৰ কলি
নজ্বলে মোৰ প্ৰেমৰ চাকি
আজি মাথোঁ মোৰ হিয়া তৃষ্ণাতুৰ মৰুভূমিৰ বালি
আছে আৰু থাকিব অকাৰণে হাঁহি-মাতি।

হেৰা মোৰ হৃদয়হীনা প্ৰিয়া
তুলিবানে এটি সুৰ জুৰাই মোৰ উন্মাদ হিয়া ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)