মই কোন-সবিতা বেগম

পংখী মৰাণ
0
মই কোন ?
অহৰহ শব্দৰ ভিৰত
মোৰ জন্ম গ্ৰহণ
মূৰৰ সাৰ ভাগত
এটাই প্ৰশ্ন
মই কোন , মই কোন...
কোনোবা শ্ৰমিক পিতৃৰ
অট্টালিকা বিহীন ৰাজকন্যা , 
আদৰৰ লক্ষ্মী প্ৰতিমা । 

মই কোন ?
কোনোবা পিতৃহীন ঘৰৰ 
অসুস্থ মাকৰ ঔষধ 
আৰু ভায়েকৰ স্কুল খৰচৰ বাবে
টিউচন কৰি দায়িত্ব বহন কৰি নিজক পাহৰা ছোৱালী... !!

মই কোন ? 
কাৰোবাৰ প্ৰেমৰ অনুভৱৰ 
কালজয়ী শ্ৰেষ্ঠ কবিতা ,
নে স্বপ্ন নগৰী নিঃসংগময় 
হতাশ জীৱনৰ আল্পনাৰ উপন্যাস... !!

মই কোন ?
কোনোবাই বছৰৰ পিছত বছৰ
পিছে পিছে ঘূৰি ঘূৰি প্ৰতিশ্ৰুতি দি প্ৰেমত পেলায়... শেষত নীৰৱে আঁতৰি ,
এ.চি গাড়ী লৈ ফুল ছটিয়াই
অভিজাত পৰিয়ালত বিয়া কৰিবলৈ যোৱা
ভুৱা প্ৰেমিকৰ অৰ্ধ চিগাৰেটৰ দৰে ৰাস্তাৰ কাষত পেলাই দিয়া অযোগ্য প্ৰেমিকা... ?
যাক ভগৱানেও ক্ষমা নকৰে , দয়া নকৰে 
অবৈধ কুমাৰীত্বৰ(কুন্তী) অপবাদ দিয়ে ।।

মই কোন ???
পিতৃ - মাতৃ , ভাতৃহীন অনাথ
ষ্টেচন , ফুটপাথৰ পৰিচয় লৈ
পেটৰ তাড়নাত পৰিয়ালৰ ভিন্ন অভাৱত
কাৰোবাৰ ভোগৰ সামগ্ৰী...
বেচা-কিনা আলু ,পটলৰ দৰে পণ্য সামগ্ৰী...
নতুবা চাহাবী বাংলোৰ আমোদকাৰিণী

মই কোন ?
ক্লান্ত শৰীৰত ৰাজস্থানৰ দীঘল মৰুভূমি পথৰ
পানী কঢ়িয়াই আনি ধোঁৱা ফুৱাই ফুৱাই 
ৰুটি বনোৱা নিৰ্যাতিতা পত্নী... ?

মই কোন ?
সন্মানৰ শ্ৰেষ্ঠ আসনত বহুৱাই 
পূজা কৰা পৱিত্ৰ নাম "মাতৃ"
সময়ৰ কাল চক্ৰত অৱহেলিত আৰু লাঞ্ছিত 
শেষ পানী মুখত পৰে বৃদ্ধাশ্ৰমত । 

মই কোন ???
মা কালীৰ অপৰূপ , ভয় খায় দৈত্য - দানৱে ।

আচলতে মই কোন ?
নহয়তো নিৰ্জন দুপৰীয়া 
হেৰুৱা 
ভাগৰুৱা পথিক.... !!

হয়তো অহৰহ সপোনৰ সমাধিক্ষেত্ৰ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)