হৃদয়ৰ একোনত তুমি ০২-বিপাশা বৰা

অলপ দিন এনেদৰেই পাৰ হৈ গ'ল, হঠাৎ এদিন অফিছত লগ পোৱা গৰাকীয়ে...জীৱনটোৰ অলপ হ'লেও সলনি কৰি যোৱা যেন লাগিল। থিক সেই কেইদিনতেই অফিছত নতুন এগৰাকীয়ে জইন কৰিছে।তেওঁৰ নাম পাপৰি,মই প্ৰথম দিনাই চিনাকী হ'লো,ভাল লাগিল..তেওঁক লগ পাই।
নাজানো কিয়..তেওঁক আপোন লগা হ'ল মোৰ।আগতে প্ৰতি সময়তে চিন্তা কৰি থকা মইজন,এতিয়া অলপ হ'লেও চিন্তাৰ পৰা আঁতৰত থকা যেন লাগিছে।
    আগতকৈ দিনবোৰ ভালদৰে যাবলৈ ধৰিছে।ইমানখিনি ব্যস্ততাৰ মাজত ডায়েৰীখনো পঢ়া আৰম্ভ কৰিছো। ডায়ৰীখন পঢ়িলে এৰিবলৈ মন নোযোৱাৰ দৰে ৰহস্যময়ী। প্ৰত্যেক দিন‍াই অফিছৰ পৰা আহি চাহকাপ বাকি লৈ ডায়েৰীখন খুচৰি থাকোতে কিমান সময় পাৰ হৈ যায়,থিক ময়ো নাজানো,কেতিয়াবা একো নোখোৱাকৈয়েই শুই যাওঁ...আৰু কেতিয়াবা উজাগৰী নিশা কটাও।

     পাপৰি আজিকালি মোৰ ৰূমৰ ওচৰতে থকা হৈছে,কেতিয়াবা আমি দুয়ো একেলগে ফুৰিবলৈও যাওঁ।অফিছলৈ যোৱা নিয়মীয়‍া সহযোগী হৈ পৰিছে তাই,দিনে দিনে অকলশৰীয়া জীৱনটোত তাই মোৰ প্ৰিয় হৈ আহিছে।
     ডায়েৰীখন পঢ়াৰ পাছত যেন মনটোত সদায়েই খুদুৱনি লাগি থকা হ'ল। কথাবোৰ মই কাৰোবাক নক'লে যেন শান্তি নাপাম..তেনে লগা হ'ল।কথ‍াখিনি মই পাপৰিক কোৱাৰ কথা ভাবিছো।নাজানো তাই কথাখিনি কেনে ভাবে ল'ব,বুজি পাব নে নাপাব? কিন্তু কথাখিনি কোৱাটো মই প্ৰয়োজনীয় বুলি ভাবিছো এতিয়া।

      আনদিনাৰ দৰে আজিও এলাৰ্মটো বাজি উঠে,মই এলাৰ্মটো অফ কৰি আকৌ ইকাটি কৰি শুবলৈ ধৰোঁ।আকৌ অলপ পাছত সাৰ পাই মোবাইলটো খুলি দেখো ৮বাজিল।লৰালৰিকৈ গা ধুৱৰ বাবে যাওঁ; হঠাৎ বাথৰূমৰ দৰ্জাখন খুলি ৰৈ যাওঁ,আজি ক'ত অফিছ আছে,আজিটো দেওবাৰ।মোৰ নিজৰেই হাঁহি উঠি গ'ল।

     আজি কি কৰো কি কৰো ভাবি থাকোতেই হঠাৎ মনলৈ আহিল ডায়েৰীখনৰ কথা।ডায়েৰীখনৰ কথা আজি মই পাপৰিক ক'ম,কিন্তু কেনেকৈ ক'ম ইমান দীঘলীয়‍া কাহিনী ফোনত কৈ শেষ কৰিব পাৰিম জানো?নাই,এটা কাম কৰো।তাইক ফুৰিবলৈ লৈ যাওঁ বুলি ফোন এটাকে কৰো,তাই বা কি কয়?
:হেল্ল...পাপৰি,কিবা কৰি আছা?
:নাই এনেই আছো কোৱা,আজি দেওবাৰ নহয়।
:ওম..মই ভাবিছো,আজি নহ'লে ক'ৰবাত ওলাই যাওঁ ব'লা।
:ওম..ক'ত যাবা?
:ওম..যাম দিয়া ক'ৰবাত,তুমি ১০-৩০ মানত ৰৈ থাকিবা ৰাস্তাত...মই যাম।
:ওম..হ'ব দিয়া থিক আছে।
(মই বুজি নাপালোঁ ইমান ব্যস্ত মানুহজনে আজি ফুৰিবলৈ যোৱাৰ কথা ভাবিছে যে?যি কি নহওঁক,লগ ধৰিছে যেতিয়া যাওঁ আৰু।)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send