প্ৰেম বহ্নি-প্ৰিয়ংকা চমুৱা

জীৱন আৰু দোমোজাৰ শিপাদাল
তোমাৰ মোৰ মাজতে আছে
সপোন আৰু সন্ধ্যাৰ তৰালিৰ সৈতে
কথা কবিতাৰ সুৱদি ৰাগত
তুমি মই আমি নহওঁ 
তথাপি অস্ফুট সপোনবোৰ একে আছে
পম খেদি সপোনৰ 
হেঁপাহৰ নাওখন হেৰাই থাকিল,
মাথোঁ তুমি মই থাকি গ’লো 
আশাৰ মৰাসুঁতিত মূৰ থৈ
অনাহুত ভৱিষ্যতৰ অপেক্ষাত
একুৰা প্ৰেম বহ্নি প্ৰজ্বলিত  হ'ব
এপলক অকৃত্ৰিম অভিপ্সাত
তুমি মই উৰি ফুৰিম
অভিশপ্ত চগা  হৈ 
পৰিৱৰ্তিত সময়ৰ কোলাত।

Post a Comment

Previous Post Next Post