কিন্তু দেশ ...
দেশ যে আপোন ,হিয়াৰ আমঠু ।
তেওঁৰ কলিজা কঁপে
জননীৰ চকুলোঁ দেখি...
তেওঁৰ মনে কান্দে
জননীৰ যন্ত্রণাকাতৰ চিঞৰ শুনি ।
নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি
থিয় হয় শক্রৰ বিপক্ষে ...
শক্রৱে মৰা শেলে
ক্ষত-বিক্ষত কৰে দেহ
তথাপিও নাই আক্ষেপ ।
শিৰত পিন্ধি সাহসৰ মুকুট
ডিঙিত জিলিকাই সমতাৰ অলংকাৰ
এখোজি-দুখোজিকৈ আগবাঢ়ে
জননীক উদ্ধাৰৰ হেতু ।
জননীৰ চৰণত
উছৰ্গা কৰি জীৱন
পৰাধীনতাৰ শিকলী ছিঙি
মুক্ত কৰে জননীক
ঘুৰাই আনে জননীৰ মৰহা হাঁহি ।
ইতিহাসে ৰিঙিয়াই
তেওঁ অসমীৰ জী
তেওঁ জননীপিয়াসী
তেওঁৱেই মহিয়সী নাৰী ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ