সেন্দুৰ- সবিতা দাস

©Admin
0
মিতালীয়ে গা ধুই আহি দাপোণখনৰ ওচৰত থিয় হ'ল । কপালখন তাইৰ আজি উকা ।  সিদিনা তাই গা ধুই আহি দাপোনৰ সন্মুখত মূৰ ফণিয়াই থাকোঁতে ৰূপমে কৈছিল----" চাওঁ সেন্দূৰৰ টেমিটো দিয়াচোন ।...এনেকৈ ডাঙৰকৈ ফোঁটটো ল'বা। চোৱা, চোৱা কি ধুনীয়া লাগিছে, একদম পূৰ্ণিমাৰ জোনটো"।

                   মনৰ অজানিতে মিতালীৰ হাতখন সেন্দূৰৰ টেমিটোলৈ গ'ল । কপালত সেন্দূৰৰ ফোটটি ল'বলৈ খোজোতেই নন্দেক চুমিয়ে দেখি আশ্চৰ্যচকিত হৈ উঠিল আৰু তাই চিঞৰি ক'লে----"বৌ ...এয়া তুমি কি কৰিছা "। 
                  
                    মিতালী উচপ খাই উঠিল । হাতৰ পৰা সেন্দূৰৰ টেমিটো পৰি গ'ল ‌। তাই পাহৰিয়েই গৈছি‌ল  তাইৰ কপালৰ  ৰঙা বেলিটি ইতিমধ্যে অস্ত গৈছিল। তাইৰ জীৱনলৈ জোনাক নমাৰ দহদিন নৌহওঁতেই আঁউসী নামি আহিছিল । তাইৰ দুনয়নৰে তপত অশ্রুধাৰ বৈ আহিল ‌।এতিয়াৰ পৰা প্রতিদিনে প্রতিপলে বৈ থাকিব মাথোঁ এখন অশ্রুৰ নৈ ।তাই চকুলোখিনি মচি অশ্রুৰ নৈখন সাঁতুৰি  পাৰ হ'বলৈ  প্রতিজ্ঞাবদ্ধ হ'ল।
                 ********************

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)