স্বামী হৰকান্তৰ মৃত্যুৰ দিনাৰে পৰা আদ্যশ্ৰাদ্ধলৈ বিধৱা শকুন্তলাক সান্তনা দিয়া মানুহৰ অভাৱ নোহোৱা হ'ল।ল'ৰা-ছোৱালী দুটাইও সেইকেইদিন কোনোদিনে দেখা নোপোৱা দামী ফল-মূল খাবলৈ পালে।কিন্তু আদ্যশ্ৰাদ্ধ যোৱাৰ কিছুদিন পিছতহে সিহঁতে দেউতাকৰ অস্তিত্ব ৰোমন্থন কৰি ভোকৰ তাড়ণাত লঘোনে শুব লগা হ'ল।শকুন্তলাৰ ৰঙীন কপালখন উকা হোৱাৰ দৰে ঘৰখনো সমুদায় উকা হৈ ঘন ক'লা এন্ধাৰত বুৰ গ'ল আশ্ৰয়হীনতাৰে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ