স্তব্ধ বুকুৰ বিলাপ- নীলপ্ৰতিম বৰা

©Admin
0
     ৰাজপথত মোহিনী মোহত বিভ্ৰান্ত এজাক মানুহ,
মৰমৰ সাগৰত দানৱৰূপী গ্ৰাহকৰ তাণ্ডৱ
চহৰখনত বহুত ভিৰ অসুৰক্ষিত মহিলা, 
ভদ্ৰ পুৰুষ অশ্লীল আচৰণ ।

চহৰৰ মজিয়াত মৃত্যুৰ বিভীষিকা 
বুকুবেদী  তেজৰ চেকুৰা
মোৰ দেশ, মোৰ মাটিৰ শ্ল'গান মূল‍্যহীন, 
নপতা ফুকনে  চ'ল পালেই চাপৰি বজায়।

পঞ্চপাণ্ডৱ হ'ব নিবিচাৰোঁ মই
দুৰ্যোধনৰ ৰাজসভাত পাশাত হাৰি
দ্ৰুপদীৰ বস্ত্ৰহৰণ কৰিব দিব নোৱাৰো বাবেই
নীৰৱ জীৱনত  নিৰুপায় মই অকলশৰীয়া।

টকাৰ বিনিময়ত সঁচা মৰমৰ সন্ধান
এজনী বেশ্যাৰ  প্ৰেমত পৰিব খুজিছোঁ মই
আজন্ম প্ৰেমিক হৈ তাইৰ  উমাল বুকুৰ পৰশত 
হেৰাই যাব বিচাৰোঁ।

চনধৰা মাটিত পিতাইৰ না‌ঙলোঁ সীৰলু খৰ-ধৰ 
গোটমৰা তেজত গাখীৰটি ধানৰ সুগন্ধি
আইৰ আখলত পঁইতা ভাত ,পুৰা মাছৰ সোৱাদ
ভাবিলেই বুকুখন স্তব্ধ হৈ উঠে ।

আকাশত উৰহীৰ ওৰ  বিচাৰি কুকুৰ স্বৰ্গ যাত্ৰা
মোৰ  পথাৰত বিছা হৈ ডাকিছে কোনে?
নিষ্ঠুৰ সময়ৰ আক্ৰোশ 
জোনাকী পথত সাউদৰ পুতেকৰ বিলাপ
তেওঁৰ বাবেই থমকি যোৱা হৃদয় আজি বৈৰাগী

ৰাজপথত মোহিনী মোহত বিভ্ৰান্ত এজাক মানুহ
আকাশত উৰহীৰ ওৰ  বিচাৰি কুকুৰৰ স্বৰ্গ যাত্ৰা।
                         
                   ✍️নীলপ্ৰতিম বৰা,টীয়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)