সু-বিশাল সমদল কান্ধত বীৰলৈ ,
ৰণে-গণে , জাতি-বৰ্ণে
অগণিত , ভীষণ জনতাৰ হুংকাৰ ।
ওলাই আহা , ওলাই আহা
শৌৰ্য-বীৰ্য ৰনুৱাসকল , পছোৱাৰ অভিমুখ ,
একতাৰ ভেটি বান্ধি
মোক্ষ বিজয়ী পথত ।
তেজৰ সুঁতি , প্ৰগতিৰ জ্যোতি
শস্য-শ্যামল আশীষ বান্ধি ,
ধাৰেৰে কোটি-কোটি ৰণুৱা বীৰ-বলশালী
গান্ধীৰ জাকৰুৱা অবিৰাম স্থলী ।
দলে-বলে নায়ক গণে
বজাই একতাৰ বাঁহী ,
সৈন্যে-গণ্যে বৃটিছ প্ৰহৰীক
শূন্যৰ অভিমুখে খেদি ।
বিশাল জনতাই তন্ন-তন্নকৈ
ৰঙৰ আবিৰ মূৰত সানি ,
নৱ-আলোক মহাযজ্ঞৰ প্ৰদীপ জ্বলাই
তৰ্জন-গৰ্জন সমন্বয়ৰ গীত গায় ।
চিঞৰি-চিঞৰি তৰুণ ডেকাতেজ
তীক্ষ্ণ কেৰামতালি পৰাক্ৰম ,
নিচান পতাকা বুকুত সাবটি
মুক্তিৰ সন্ধান বিচাৰি ।
প্ৰতিশ্ৰুতি ভৰা প্ৰাণ
চঞ্চল সুদক্ষ ডেকা-গাভৰুৰ দল ,
পতাকাৰ চাৱনিৰ আঁৰে-আঁৰে
মুক্ত আকাশৰ পথ পোহৰায় ।
বহুত সুন্দৰ
ReplyDeleteSame to you
Deleteভাল লিখিছ
ReplyDeleteলিখনিটো ভাল লাগিলে ।
ReplyDelete😊😀😄... তোমাৰ লিখনিবোৰত গভীৰ চিন্তাৰ উদ্ৰেক ঘটিছে শেৱালী...
ReplyDeleteপঢ়ি খুবেই ভাল লাগিল... 👌👌👌
বৰ সুন্দৰ
ReplyDeleteVery good
ReplyDelete