মুক্তিৰ সন্ধান-শেৱালী গড়

পংখী মৰাণ
7
প্ৰতিশ্ৰুতিৰ অগনিৰ ধাৰা
সু-বিশাল সমদল কান্ধত বীৰলৈ ,
ৰণে-গণে , জাতি-বৰ্ণে
অগণিত , ভীষণ জনতাৰ হুংকাৰ ।

ওলাই আহা , ওলাই আহা
শৌৰ্য-বীৰ্য ৰনুৱাসকল , পছোৱাৰ অভিমুখ ,
একতাৰ ভেটি বান্ধি
মোক্ষ বিজয়ী পথত ।

তেজৰ সুঁতি , প্ৰগতিৰ জ্যোতি
শস্য-শ্যামল আশীষ বান্ধি ,
ধাৰেৰে কোটি-কোটি ৰণুৱা বীৰ-বলশালী
গান্ধীৰ জাকৰুৱা অবিৰাম স্থলী ।

দলে-বলে নায়ক গণে
বজাই একতাৰ বাঁহী ,
সৈন্যে-গণ্যে বৃটিছ প্ৰহৰীক
শূন্যৰ অভিমুখে খেদি ।

বিশাল জনতাই তন্ন-তন্নকৈ
ৰঙৰ আবিৰ মূৰত সানি ,
নৱ-আলোক মহাযজ্ঞৰ প্ৰদীপ জ্বলাই
তৰ্জন-গৰ্জন সমন্বয়ৰ গীত গায় ।

চিঞৰি-চিঞৰি তৰুণ ডেকাতেজ
তীক্ষ্ণ কেৰামতালি পৰাক্ৰম ,
নিচান পতাকা বুকুত সাবটি
মুক্তিৰ সন্ধান বিচাৰি ।

প্ৰতিশ্ৰুতি ভৰা প্ৰাণ
চঞ্চল সুদক্ষ ডেকা-গাভৰুৰ দল ,
পতাকাৰ চাৱনিৰ আঁৰে-আঁৰে
মুক্ত আকাশৰ পথ পোহৰায় ।

Post a Comment

7Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. লিখনিটো ভাল লাগিলে ।

    ReplyDelete
  2. 😊😀😄... তোমাৰ লিখনিবোৰত গভীৰ চিন্তাৰ উদ্ৰেক ঘটিছে শেৱালী...
    পঢ়ি খুবেই ভাল লাগিল... 👌👌👌

    ReplyDelete
Post a Comment