প্ৰতিশ্ৰুতি -আশ্ৰিফা ইয়াছমিন

Aditi Tanti
0
জীয়াই থকাৰ প্ৰতিশ্ৰুতি
কাৰ বাবে?
সপোন সপোন যেন লগা পৃথিৱীত সপোন গঢ়িছোঁ,
কাৰ বাবে?
কাৰোবাক পোৱাৰ বাসনা,
কাৰোবাক হেৰুৱাৰ বেদনা।
হাঁহিৰে নদী - বান্ধ দিম,
নে অশ্রুৰে নদীৰ সৃষ্টি কৰিম?
সপোনৰ স্বৰ্গত,
কাক বিছাৰি যাম?
হৃদয়ৰ কাষত নো,
কাক বিছাৰি পাম?
সম্পৰ্কৰ এক মধুৰ এনাজৰী,
যিমানে সমস্যাৰে,
জৰ্জৰিত নহ'ওক কিয় 
কেতিয়াও চিঙিব নোৱাৰি।
মাথোঁ এটি প্ৰতিশ্ৰুতি
আজীৱন মনত ৰখাৰ,
প্ৰতি জনমত কাষত থকাৰ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)