উপলব্ধি: অন্তহীন প্ৰেৰণাৰ উৎস-কাশ্যপ গগৈ

©Admin
0
আজি ৰন্টুৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল | আশা কৰাৰ দৰে ৰন্টুৰ পৰীক্ষা ভাল হ'ল | কিন্তু কথা হ'ল ৰন্টুয়ে এতিয়া একাদশ শ্ৰেণীত পঢ়িবৰ বাবে নামভৰ্তিৰ টকাখিনি তাহাঁতৰ ঘৰত নাই | সি ফলাফল ঘোষণা কৰা দিনাখনিয়ে এইবোৰ কথা ভাবি উজাগৰে নিশা কটালে | সি ঘৰটো একো কথা নোকোৱা হ'ল | কেৱল কোঠাটোতে সোমাই থাকে | মাক -বাপেকেয়ো একো কৰিব পৰা নাই | হাতত পইচা নাথাকিলে আজিৰ যুগত একো কৰিব নোৱাৰি | ৰন্টুয়ে অৱশেষত আত্মহত্যাৰ পথ বাছি ল'লে | কিন্তু সেইমুহুূৰ্ততে তাৰ মাক বাপেক আৰু ভায়েকৰ মুখ কেইখন মনলৈ আহিল | নাই সি এনে কৰিব নোৱাৰে | 
            সি কলেজ এখনত নামভৰ্তি কৰিলে | কলেজ খনত সি দিনত পঢ়ে আৰু ৰাতি চকীদাৰৰ কাম কৰে | 
        আজি পঢ়ি শেষ হোৱাৰ পাছত সি সেইখন কলেজতে প্ৰফেচাৰ পদত নিযুক্তি পালে | 
    আজি সি বুজিলে যে উপলব্ধি অন্তহীন প্ৰেৰণাৰ উৎস |

✍️কাশ্যপ গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)