নিতাল মাৰি থকা মজিয়া খনতেই বহি লৈ তগৰে টাকুৰীত এৰি সূতা কাটি আছিল । বাহিৰত কোনোবাই বাইদেউ, বাইদেউ বুলি মাতি আছে । তগৰে ল'ৰা-লৰিকৈ টাকুৰীটো থৈ ওৰণি খন টানি ওলাই গ'ল।
মই আশা । তোমাৰ ওচৰলৈকে আহিছিলোঁ। শাহুয়েৰা ঘৰত আছে যদি মাতি দিয়া।
তগৰে বহিবলৈ দি ক'লে, শাহু আই ক'ৰবাত ওলাই গৈছে।আপুনি বহকচোন।
তোমাৰ খবৰটো মোক ৰণে
দিলে।খৱৰটো পায়েই মই দৌৰি আহিলোঁ।
মই কেইটামান কথা কওঁ তুমি মন দি শুনিবা আৰু মোৰ প্ৰশ্ন উত্তৰ দিবা।
আশাই সুধি যোৱা প্ৰতিটো প্ৰশ্নই তগৰে উত্তৰ দিলে।তাইৰ বয়স, মাহেকীয়া হোৱা শেষৰ তাৰিখটো ইত্যাদি ।
আশা গৰাকীয়ে তাইলৈ চাই হুমুনিয়াহ কাঢ়ি ক'লে, মই মোৰ অভিজ্ঞতাৰ পৰা কওঁ তুমি আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰা।জীৱনৰ বাটত অকলশৰে আগবাঢ়ি যাবলৈ তুমি চেষ্টা নকৰিবা।পাছত সকলো বুজি পাবা। যদি তোমাৰ সন্তানটো জন্ম দিবলৈ মন নাই তেন্তে ডাক্তৰৰ ওচৰলৈ মই লৈ যাম।
ক'ৰবাৰ পৰা তগৰৰ শাহয়েক ওলালহি।
কিহৰ ডাক্তৰ ওচৰলৈ যোৱা কথা আলোচনা হৈছে। তোমাক খৱৰটো কোনে দিলে। মোৰ ঘৰত নোহোৱা বস্তু হ'ল। গোটেই খন ৰজন-জনাই গ'ল।
আমি আশা । এয়া আমাৰ কৰ্তব্য। এতিয়াৰ পৰা আপোনাৰ লগতে মোৰ ও দায়িত্ব আহি পৰিছে।আপোনাৰ বোৱাৰীক মই ডাক্তৰৰ ওচৰলৈ লৈ গৈ প্ৰসৱ পৰীক্ষা কৰোৱাব লাগিব। আপোনাৰ বোৱাৰীৰ বয়স কম। সেইবাবে আপুনি তাইৰ যত্ন ল'ব।মই আকৌ আহিম।টি, টি বেজি দুটা ল'ব লাগিব।মই আজি আইৰণ টেবলেট দি যাওঁ। শেষ হ'লে আকৌ দিম।প্ৰতিদিনেই দুটাকৈ খাবা।
আশা গৰাকীয়ে গৰ্ভৱতী মহিলাক পঢ়িবলৈ দিয়া দুখন কিতাপ তগৰক দি গুছি গৈছিল।
কিতাপ দুখন লুটিয়াই লুটিয়াই তগৰ অতীতৰ বুকুত লীন গ'ল।
লগৰ ল'ৰা ছোৱালীৰ লগত তগৰে স্কুললৈ যাবলৈ বৰ হেঁপাহ কৰিছিল, যদিও মাকে তাইক স্কুল যাবলৈ নিদিয়ে, ভাই-ভনী কেইটাৰ ৰখীয়া হ'ব লাগে।এদিন মনে মনে স্কুললৈ যাওঁতে মাকে এচাৰিৰে কোবাই কোবাই ঘৰলৈ লৈ আহিছিল। মাষ্টৰে বাৰে বাৰে তাইৰ মাকক বুজাব বিচাৰিছিল।শিক্ষা নথকা মানুহ অন্ধৰ দৰে।ছোৱালী জনীক স্কুললৈ আহিবলৈ দিয়া।অন্ততঃ তাই বিয়া হৈ গ'লে ,নিজৰ ল'ৰা ছোৱালীক পঢ়াব পাৰিব। নাই তগৰ মাকৰ মতে তাই স্কুললে গ'লে তেওঁৰ কাম নহয়। তগৰৰ স্কুল পঢ়া নহ'ল।অৱশ্যে তাইৰ ভাই ভনীয়েক কেইটাক বুজা হোৱাত স্কুলত থৈ আহেগৈ।
কি হ'ল?থৰ লাগিলি দেখুন।আজে-বাজে কিছুমান মানুহ মোৰ ঘৰলৈ আহিব লৈছে।
শাহুয়েকৰ মাতত তাই সম্বিত ঘূৰি আহিল। কিতাপ দুখন সাবটি তাই ৰুমলৈ দৌৰি গ'ল।শাহুয়েকৰ মাত কথাবোৰ তাইৰ অসহনীয় হৈ আহিছে।
আগলৈ,,,,,,,,,।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ