নাৰী তোমাক প্ৰণাম(খণ্ড-০৫)-হিমাংশু বৰা

অসমীয়া সাহিত্যৰ চানেকি
0
কথাটো শুনাৰ পৰাই মানসীৰ মনটো একেবাৰে সাতখন আঠখন হৈ আছে। কি পিন্ধি যাব, কি কথা পাতিব তাৰ লগত এইবোৰ কথাকে ভাবি ভাবি তাই গোটেইজনী আনন্দতে আত্মহাৰা হৈ আছে, আৰু নহ'বনো কিয়? জীৱনত প্ৰথমবাৰৰ বাবে তাই এনেকৈ ককায়েক আৰু বাপেকৰ বাহিৰে আন পুৰুষৰ লগত বাহিৰলৈ যাব ওলাইছে। আলমাৰীটো খুলি তাই আটাইবোৰ কাপোৰ উলিয়াই এটা এটাকৈ পিন্ধিবলৈ আৰম্ভ কৰিলে। নাই আজি তাইৰ একোৱেই পছন্দ হোৱা নাই, এযোৰ কাপোৰো ভাল লগা নাই। বাৰে বাৰে ৰক্তিমৰ কথাহে মনলৈ আহি আছে, ক'তো মন বহা নাই তাইৰ। কি পিন্ধিব, মুখত কি ঘঁহিব, ওঁঠত কি লগাব, কি জুয়েলাৰী পিন্ধিব, কোনযোৰ চেণ্ডেল পিন্ধিব তাকে ভাবি থাকোতেই তাই ঘড়ীটোলৈ চাই দেখে যে চাৰে তিনিটা বাজিলেই। "আৰু মানে আধা ঘন্টাহে আছে! হে ভগৱান কি হ'ব এতিয়া? ইমান সোনকালে মোৰ আজি ওলোৱা হ'ব জানো? এনেই আজি মোৰ হাতখন কমকৈ চলিছে, তাতে আকৌ এইয়া। বচাবা আৰু ভগৱান।" কথাখিনি ভাবি ভাবি তাইৰ জন্মদিনত দেউতাকে দিয়া বগা ৰঙৰ লং ফ্ৰকটো পিন্ধি ল'লে, আৰু খৰখেদাকৈ গালে-মুখে কিবা অলপ ঘঁহি ল'লে। ওলোৱা হোৱাৰ পিছত তাই আইনাখনৰ আগলৈ আহি আইনাখনত নিজকে চাই ক'বলৈ ধৰিলে---

"ছিঃ কেনেকুৱা জনী লাগিছে মোক? ৰক্তিম দায়েতো মোক দেখিয়েই পলাব চাগে? আজিহে সময়বোৰ ইমান সোনকালে যাব পালে! আৰু অলপ সময় পোৱা হ'লে ধুনীয়াকৈ ওলাব পাৰিলোঁ হয়! এতিয়া যে মোক একেবাৰে পাগলী পাগলী লাগিছে। কি কৰোঁ এতিয়া? এহ! আজি নাযাওঁ যা! আকৌ মই নগ'লে তেওঁ বৰ বেয়া পাব। যি হয় হ'ব আৰু, ফুৰিবলৈ হে যাম ডেটিংলৈ বা বিয়া খাবলৈ নাযাওঁ নহয়।"

      দীঘলকৈ উশাহতো টানি বেগটো লৈ খৰখেদাকৈ বাহিৰলৈ ওলাই আহোঁতেই মাতিলে নহয় মাকে পিছফালৰ পৰা। আজি খাটাং তই ফচিলি মানসী। যা‌ এতিয়া কেনেকৈ যাৱ'?

: ক'ত যোৱা মাজনী?

        কি কওঁ কি নকওঁ বুলি ভাবি থাকোতেই এইবাৰ আকৌ দেউতাকেও ওলাই আহি ক'ত যোৱা বুলি সুধিলে নহয়। উফ্ কি যে হ'ব এতিয়া? মা কি কম আছিল, এতিয়া যে দেউতাও আহি ওলালহি? এনেই মোৰ চিন্তাৰ অভাৱ নাই, তাতে যে আকৌ এটা নতুন চিন্তা আহি ওলালহি? কি কওঁ এতিয়া মা-দেউতাক? লগৰ এজনীৰ ঘৰলৈ যাওঁ বুলি কৈ তাই যেনেতেনে ওলাই আহিল আৰু ঘৰৰ পৰা। পদূলি মুখ পাইহে তাইৰ উশাহটো ঘূৰি আহিল। বাপৰে প্ৰেম কৰাটো কিন্তু সহজ কথা নহয় দেই! কমখন কষ্ট কৰিবলগীয়া হয় নে? এতিয়াই এইয়া পাছলৈ বা আৰু কি কি হ'বলৈ বাকী আছে? ইফালে মইহে তেওঁক ভাল পাওঁ তেওঁ বা মোক ভাল পায়নে নাপায়? আজিলৈকে "I love you" টো দূৰৰে কথা "I hate you" বুলিও কৈ পোৱা নাই! 

       কথাবোৰ ভাবি ভাবি অলপ দূৰ আহি তাই দেখে যে তাইৰ কোঁৱৰ মিষ্টাৰ ৰক্তিম বিকাশ হাজৰিকা ৰৈ আছে। তাই তাক দেখি তাৰ কাষলৈ প্ৰায় ঢপলিয়াই আহিল।

: ইমান দেৰি কৰিলা যে? ৰৈ ৰৈ আমনি লাগি গৈছে দেই!

: ক'তনো দেৰি কৰিলোঁ, ৪.০৫ হৈছেহে! আৰু আপুনি কি বুজিব? ইয়ালৈ কেনেকৈ আহিছোঁ একমাত্ৰ মইহে জানো!

: হয়নে?

: নহ'বলৈ আছে। মা-দেউতা দুয়োজনেই আগুচি ধৰি ক'ত যোৱা বুলি সুধিছিল?

: তাৰপিছত?

: তাৰপিছত আৰু কি? মইতো কম পানীৰ মাছ নহয়! মোৰনো কি বুদ্ধিৰ অভাৱ? লগৰ এজনীৰ ঘৰলৈ যাওঁ বুলি কৈ গুছি আহিলোঁ ।

: বাঃ তুমিও কম নহয় দেই। মই ভবাৰ দৰে তুমি ইমান সহজ-সৰল নহয় দেই! কিন্তু মিছা কথা কিয় ক'ব লাগে?

: Thank you thank you Mr Roktim Bikash Hazarika. আৰু এটা কথা মই যদি ঘৰত মিছা ক'ব নালাগিছিল তেন্তে কি ক'ব লাগিছিল? "মা মই ডেকা ল'ৰা এজনৰ লগত বাইকত উঠি ফুৰিবলৈ যাওঁ" এইবুলি ক'ব লাগিছিল নেকি?

: You're wlcm Miss Manashi Bora. হ'ব হ'ব এতিয়া বহা সোনকালে এনেই দেৰি হৈছে।

: কথা সুধি সুধি দেৰি মই কৰিছোঁ নে আপুনি কৰিছে? আৰু ক'ত যামনো আমি?

: প্ৰশ্ন নকৰিবা আৰু প্লিজ্ । এটা চাৰপ্ৰাইজ্ আছে তোমাৰ বাবে।

: চাৰপ্ৰাইজ্ -- কথাটো শেষ নকৰোতেই ৰক্তিমে তাইৰ কোমল ওঁঠযোৰিত তাৰ সোহাঁতৰ এটা আঙুলি বুলাই ক'লে --
 
: আৰু এটা কথাও নক'বা প্লিজ্। মোৰ ওপৰত বিশ্বাস নাই?

          একো নোকোৱাকৈ তাই গৈ তেওঁৰ বাইকৰ পিছত উঠিলগৈ। আকৌ এবাৰ প্ৰেমৰ মতলীয়া বতাহজাক লাহে লাহে ব'বলৈ ধৰিলে। লাহে লাহে বাইকখন আগুৱাই যাবলৈ ধৰিলে। বাইকৰ বতাহ আৰু প্ৰেমৰ বতাহজাক মিলি যেন প্ৰেমৰ এটি বিশেষ সুৰ তুলিছে। অলপ সময়ৰ পাছত দুয়োটা গৈ এখন পাৰ্কত উপস্থিত হ'লগৈ। তাইক অলপ সময় বহিবলৈ দি ৰক্তিম ক'ৰবালৈ গ'ল। ঘৰত ফাঁকি দি তাই কেৱল তাৰ বাবেই আহিছে এতিয়া আকৌ সিয়েই তাইক এৰি থৈ গৈছে। তাইৰ খঙটো লাহে লাহে উঠি আহিল। অলপ সময়ৰ পাছত সি উভতি আহিল আৰু একো নকৈ ডাইৰেক্ট তাইৰ সন্মুখত আঁঠু কাঢ়ি বহি হাতত এপাহ ৰঙা গোলাপ লৈ ক'বলৈ ধৰিলে ---

:  I love you. Will you marry me? 

            হাৰে কথা নাই বতৰা নাই ডাইৰেক্ট গৈ বিয়া পালেই যে। মগজুৰ কিবা বিকৃতি আছে নেকি এইজনৰ?

: মই দেখোন আপোনাক ভাল পাওঁনে নাপাওঁ কোৱাই নাই আৰু আপুনিও সোধা নাই, তেনেস্থলত আপুনি গৈ একেবাৰে বিয়া পালেগৈ যে?

: অহ ছৰী ছৰী, কোৱাচোন বাৰু মিছ মানসী বৰা মোৰ হৃদয় খন যদি এখন ফুলনি হয়, তেন্তে তুমি তাত এপাহি ধুনীয়া ৰঙা গোলাপ হৈ ফুলিবানে? মোক ভাল পোৱানে তুমি?
: কি হ'ল কোৱা আকৌ? মানসী মনে মনে থকা দেখি ৰক্তিমে সুধিলে।

: ওহো নকওঁ, মোৰ চকুলৈ চাওঁক আৰু কওঁক কি দেখিছে?

: মোৰ প্ৰতি এসোপামান মৰম দেখিছোঁ।

: সচাঁ?

: উমম্।

: তেন্তে ফুলপাহ দিয়ক। এতিয়াৰ পৰা এইপাহ কেৱল মোৰ।

: লোৱা।
        
      আলফুলে হাতপাতি ফুলপাহ ল'বলৈ ধৰোতেই  ৰক্তিমে মানসীৰ হাতখনত থাপমাৰি ধৰি তাৰ বুকুৰ মাজলৈ টানি আনিলে। তাইয়ো একো ধৰিব নোৱাৰি তাৰ বুকুৰ মাজত সোমাই পৰিল।

: কি কৰিছে? এৰি দিয়ক, কোনোবাই দেখিব?
         ভাগ‍্য ভাল সেইকন সময়ত সেইখিনি ঠাইত আন মানুহ নাছিল। 

: দেখিলে দেখক। মই কিবা ভয় কৰিছোঁ নেকি নে পাপ কৰিছোঁ?  প্ৰেমহে কৰিছোঁ।

              তাৰ কথাষাৰ শুনি মানসী গোটেইজনী লাজতে ৰঙা-চিঙা পৰি গ'ল । তাক তাতে ঠেলা মাৰি তাই তাৰপৰা বাইকখনৰ কাষলৈ গুছি আহিল। তাইৰ পিছে- পিছে সিও আহি বাইকখনৰ ওচৰ পালেহি। 

: ব'লক, দেৰি হৈছে। মাহঁতে চাগে চিন্তা কৰি আছে ঘৰত।

: আৰু অলপ সময় ৰখো নেকি?

: নালাগে। পিছত কেতিয়াবা আকৌ আহিম, এতিয়া যাওঁ ব'লক।

: ঠিক আছে। প্ৰমিছ কৰা।

: কিহৰ প্ৰমিছ?

: মোৰ লগত ইয়ালৈ আকৌ আহিম বুলি!

: ঠিক আছে প্ৰমিছ কৰিছোঁ আকৌ আহিম ইয়ালৈ আপোনাৰ স'তে। অভি খুচ।

: হমম্।

: Okk, তেনেহ'লে ব'লক এতিয়া।

: ৰ'বা।

: আকৌ কি হ'ল?

: কি হ'ল মানে? তোমাক দেখোন ফুলপাহ নিদিলোৱেই! যিটো কাম কৰিবলৈ আহিছোঁ, সেইটো নকৰাকৈ কেনেকৈ যাওঁ? 

     তেতিয়াহে আকৌ তাইৰ ফুলপাহলৈ মনত পৰিল। 

: অহ্ মইয়ো পাহৰি গৈছিলোঁ। দিয়ক দিয়ক মোৰ ফুলপাহ। আজিৰ পৰা এইপাহত কেৱল মোৰহে অধিকাৰ আছে।

: লোৱা তেন্তে। ৰক্তিমে তাইলৈ ফুলপাহ আগবঢ়াই দিলে। অলপ সময় তালৈ চাই মানসীয়ে ক'লে --

: এইবাৰো বদমাচী কৰাৰ মতলব নহয়তো?

: নহয় নহয় লোৱা। 

     তাইৰ নিজৰ প্ৰেমাস্পদৰ পৰা প্ৰথম প্ৰেমৰ প্ৰথম উপহাৰ হাতপাতি ল'লে। ফুলপাহ লওঁতে তাইক এটা অদ্ভূত শিহৰণে জোকাৰি গ'ল। নাজানে তাই কি নাম এই শিহৰণৰ? মাথোঁ তাই নিজকে বিলীন কৰি দিলে এই শিহৰণত। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)