মোৰ মানসপটত ৰূপজ্যোতি মধ্য ইংৰাজী বিদ্যালয়-মিন্টু হাজৰিকা

অসমীয়া সাহিত্যৰ চানেকি
0
এই সময়ছোৱাত অনুমানিক সপ্তম শ্ৰেণীৰ মধ্যভাগত জীৱনৰ বাবে লগা এটা সুন্দৰ ঘটনা ঘটিছিল আৰু সেই ঘটনাটোৱে  মোক তথা সমনীয়া গোটেই কেইজনৰ স্মৃতিতে সাঁচ বহুৱাইছিল। স্কুললৈ খোজকাঢ়ি আহ-যাহ কৰোঁতে প্ৰায় মধ্যদূৰত্ব অতিক্ৰম কৰাৰ পাছতে ৰাস্তাৰ কাষতে এজোপা মনুৱা কল গছত এথোকি কল পকি হালধীয়া হৈ  মোক খা -মোক খা কৈ আমাক হাত বাউলি মাতিছিল। আমিওঁ কল জোপাৰ আমন্ত্ৰণ পেলাব নোৱাৰি লগৰ কেইজনৰ উভয়ে-উভয়ৰ সন্মতি সাপেক্ষে স্কুল চুটিৰ পাছত ঘৰমুৱা হওঁতে আমন্ত্ৰণ ৰক্ষা কৰাৰ কথা ভাবিলোঁ সেই সময় উদ্ধক্ৰমত আমাৰ যাত্ৰাৰ লগৰীয়া সকল আছিল- প্ৰাঞ্জল, নিত্য (ধন), মঞ্জুলা, মই আৰু পলি । গোটেই কেইজনেই বংশৰ ককাই-ভাই, বাই-ভনী। পাং পতা মতেই হাতত-সাৰে, ভৰিত-সাৰে সস্ত্ৰম হ'লো। ইয়াৰে ভিতৰত  আমাৰ ল'ৰা কেইজনৰ হাতৰ কিতাপ-বহীবোৰ ছোৱালী কেইজনীক দি কলগছ জোপাৰ জমিনৰ গৰাকীক চোৱাৰ দায়িত্ব দি যথা সময়ত গৰাকী ঘৰৰ বাহিৰলৈ ওলাই আহিলে আমাক পাং পতা মতে সেই বিশেষ সংকেত টো দিয়ে যেন। আমি গৈ চুপে-চাপে কল পাৰিলোঁ তাৰ পাছত তলৰ বননিত থৈ হিচাপ কৰি চালো আৰু দুটা হ'লে গাইপতি দুটাকৈ পৰিব। সেয়ে পুনৰ আকৌ একে কাইদাৰে দুটা কলৰ বাবে মৰণত শৰণ দি একে কাৰ্যকে কৰিবলৈ গৈছিলোঁ গৈ লক্ষ্যস্থান পাই কোনোমতে কল থোকত হাত দিছিলোঁহে, তেনেতে গৰাকীৰ ঘৰত থকা প্ৰায় দহবছৰীয়া মান ডাঙৰ কাম কৰা অচিনাকি ছোৱালী গৰাকীয়ে আমাক দেখি চিঞৰ-বাখৰ লগালে। চিঞৰ শুনি আমি আগতিয়াকৈ  পাৰি তলত থৈ দিয়া পকা কলকেইটাৰ মোহ এৰি কোনো মতে উধাও হৈ হাৰিলোঁ। পিছে কল হ'লে দুটা টো বাদেই এটাওঁ ভক্ষণ কৰিব নাপালোঁ । অত্যাধিক কষ্ট কৰি এটাওঁ কল খাবলৈ নাপালোঁ হয়। কিন্তু গোটেই জীৱনৰ বাবে আমাক এটা শিক্ষা দি গ'ল- "লোভেই পাপ, পাপেই মৃত্যু"। সেই দিন ধৰি কোনো দিন লোকৰ বস্তুত চকু দিয়া নাছিলোঁ আৰু কোনোৱে সেই পথত সংগ দিবলৈ চেষ্টা কৰিলেও নত্সাৎ কৰি ৰাষ্টা পোনচাতেই সলাইছিলোঁ।

আমি পঢ়া তিনি বছৰীয়া দিনবোৰত  মুঠ তিনিবাৰ প্ৰকৃতিৰ কোপদৃষ্টিত সাৰিব নোৱাৰি বলিয়া বতাহৰ অত্যাচাৰত এই স্কুলৰ খুটি লৰিছিল। প্ৰকৃতিৰ এনে দৃষ্টিত প্ৰত্যেক বাৰেই ধৰিত্ৰীৰ বুকুত লেওঁ-সেওঁ হৈ শুই পৰিছিল।এনে পৰিস্থিতিত মূৰৰ ওপৰত চালি  নথকা ছাত্ৰ-ছাত্ৰী সকলৰ গতি নাইকিয়া হৈছিল। প্ৰত্যেক বাৰেই প্ৰায় এসপ্তাহ মান কৈ স্কুলখন বন্ধহৈ পৰিছিল। সেই কেইদিন পঢ়াশালিৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰী সকলে ঘৰ বনোৱা বা আদি বিভিন্ন কামত মনোনিৱেশ কৰিছিল। তাৰে ভিতৰত এটা মই কৰা কাম আজিওঁ মোৰ মনত দৃহ ভাৱে স্মৃতি হৈ আছে। স্কুল ঘৰ ভঙা পাছদিনা পানীৰ মাজত বুৰ খাই থকা অফিচ ৰুমটো প্ৰত্যেক বাৰেই উদ্ধাৰ কৰা কামটো আমাৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভাগত পৰিছিল। আমাৰ সকলো ছাত্ৰ-ছাত্ৰী মিলি চৰকাৰৰ পৰা অহা কিতাপ-বোৰ ধ্বংস স্তূপৰ পৰা উলিয়াই  ৰ'দলৈ নি এখন এখন শুকাইছিল আৰু স্কুল চুটিৰ আগতে শুকুৱা কিতাপবোৰ আনি অস্থায়ী চালিৰ তলত ৰখা হৈছিল। তেনে সময়তে নিজৰ শ্ৰেণীত লগা কিতাপৰ একোটাকৈ চেট্‌ আনি নিজৰ কৰি লৈছিলোঁ । অৱশ্যে কাকো সোধা নাছিলোঁ । সেয়ে পঞ্চমমানৰ পৰা সপ্তম মানলৈ তিনিওটা শ্ৰেণীতে প্ৰত্যেক বাৰেই মোৰ কিতাপৰ দুটা চেট্‌ আছিল। আজি ইমান দিনে গোপনীয় হৈ থকা কথাবোৰ মনত অহাত সকলোৰে আগত অকপতে স্বীকাৰ কৰিছোঁ ।এনেদৰে বিভিন্ন অভিজ্ঞতাৰে পুষ্ট হৈ ১৯৯৬ খ্ৰীঃত এই বিদ্যালয়ৰ পৰা উচ্চ প্ৰাথমিকৰ দেওনা
 পাৰ কৰোঁ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)