প্ৰত্যুত্তৰ-অংশুমান ভূঞা

"চাচোন চা,কেনেদৰে ৰাজহুৱা পুখুৰীটোত ল'ৰাৰ দৰে সাঁ‌তুৰিবলৈ আহিছে।" নিজৰালৈ আঙুলিয়াই কাপোৰ ধুবলৈ অহা মহিলাখিনিয়ে ফিচিঙা-ফিচিঙি কৰিবলৈ ধৰিলে।
     বানপানীৰ ধলে গাঁ‌ৱৰে  মোহনক উটুৱাই নিওঁ‌তে নিজৰাৰ বাহিৰে কাৰো পানীত জাঁ‌প দিবলৈ মৰসাহ নহ'ল।
      নিজৰাই সাহসিকতাৰ ৰাষ্ট্ৰীয় বঁ‌টাটি লোৱাৰ দৃশ্য দূৰদৰ্শনৰ পৰ্দাত দেখি ফিচিঙা-ফিচিঙি কৰা মুখবোৰ প্ৰশংসা আৰু গৰ্বত উজ্বলি উঠিল।

✍️অংশুমান ভূঞা
    চামতা,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send