হৃদয়ৰ একোণত তুমি খণ্ড-০৫ | বিপাশা বৰা

Rinku Rajowar
0
প্ৰায় দুবছৰ পাৰ হ'ল আমি H.S.L.C দি আজৰি হ'লোঁ।এতিয়া আমি প্ৰায় সময়বোৰ একেলগে কটাও। দুয়ো কবিতা লিখোঁ আৰু কথাবোৰ মনত পেলাই খুউব হাঁহো।

:অই..তোৰ মনত আছেনে?আমি ক্লাছ নাইনত পঢ়ি থাকোতে যে,আমাৰ ক্লাছত নতুনকৈ ধুনীয়া ছোৱালী এজনী আহিছিল।
:ওম আছেটো....নামটো যে ৰিমা আছিল,কিয় মই যে কবিতা লিখিছিলোঁ তাইক চাই..সেই ছোৱালীজনীৰ কথা কোৱা নাই জানোঁ তই।
:ওম....(তাই অলপ গহিনাই)
:কি হ'ল অ' তোৰ ইমান গহীন হৈ পৰিলি যে?
:নাই একো নাই অাৰু কি হৈছিল মনত পেলাইছোঁ(অলপ লঘুৱাই হাঁহি)
:আৰু কি হৈছিল তোৰ মনত নাই? কিয় কবিতাটো যে তোৰ হাতৰ পৰা কোনোবা এটাই থাপ মাৰি লৈ গৈছিল পঢ়িবলৈ,শেষত যে কবিতাটো মেমৰ হাতত পৰিছিল...
:ওম..সেইদিনা তোৰ কাৰণে তাইৰ লগতে মইও আকৌ এবাৰৰ বাবে  মেমৰ ৰূমলৈ যাব লগা হৈছিল।
:আমি তেতিয়াও মেমৰ ৰূমৰ পৰা আহোতে আগৰ বাৰৰ দৰেই মুখ টিপি হাঁহি আহিছিলোঁ নহয়নে?
:ওম..মনত আছে,চব মনত আছে(অলপ গহিনাই)

     কিজানি তাইৰ গহীনতাৰ মাজত যেন মোলৈ বহুত ভালপোৱা সোমাই আছিল,মই হয়তো তেতিয়া ভালপোৱাবোৰ বুজি পোৱা নাছিলোঁ।
আমাৰ ৰিজাল্ট দিলে,দুয়ো ঠিক ভালদৰেই উত্তীৰ্ণ  হৈছোঁ।তাই ডিষ্টিংচন সহ উত্তীৰ্ণ হৈছিল আৰু মই দুখনত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ । দুয়ো খুৱ আনন্দিত সেইদিনা,তাইৰ সেই হাঁহিখিনিত যেন মই মোৰ প্ৰতি থকা ভালপোৱাবোৰ অলপ হ'লেও বিচাৰি পাইছিলোঁ ।  তাই মোক কোনো দিনেই কোৱা নাছিল,মোক ভালপাওঁ বুলি আৰু মইয়ো ক'ব পৰা নাছিলোঁ তাইক কেতিয়াও, মইয়ো তাইকেই ভাল পাওঁ বুলি,হয়তো দুয়োৰে এটায়েই ভয় আছিল..."কিজানি আমাৰ বন্ধুত্ব ভাঙি যায়।

      এতিয়া আমি দুয়ো একেবাৰেই পৃথক তাইয়ো বেলেগ কলেজত আৰু মইয়ো বেলেগ কলেজত।আমাৰ এতিয়া দেখাদেখি ঠিক নহয়েই, প্ৰায় ফোনত কথা পাতোঁ আৰু অলপ ধেমেলীয়া কাজিয়া কৰো কেতিয়াবা।

      প্ৰথম কলেজৰ দিনটোৰ পৰাই তাই মোক সদায়েই ৰাতি ফোন কৰে,খৱৰ লয়,আৰু মই শুনি যাওঁ,সলাগি যাওঁ। কেতিয়াবা কেতিয়াবা মই তাইক কবিতা গাই শুনাও...প্ৰায়েই দুয়ো উজাগৰী ৰাতি কটোৱা হ'লো।তাই পঢ়ে,মই কবিতা লিখোঁ আৰু মাজে মাজে ফোনত কথা পাতো, ঠিক সেইদৰেই দিনবোৰ পাৰ হৈ গৈছিল।আমি ঠিক তেনেদৰেই দুয়ো বি.এ. পাছ কৰিলোঁ।

    আজি আমি দুয়ো ঘৰলৈ একেলগে যোৱাৰ কথা,প্ৰায় একবছৰ মানৰ পাছত আমি দুয়ো লগ হ'ম। দুয়োকে মোৰ মাঁ-দেউতাই নিবলৈ আহিব,বহুত আনন্দিত আমি দুয়ো।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)