সূৰ্যোদয়-১০ ধাৰাবাহিক উপন্যাস- ৰাজেন দাস

Rinku Rajowar
0
(১) 
গাঁৱৰ ল'ৰা, গাঁৱে গাঁৱে বন্তি জ্বলাই... 

"বৰবোপা আহিলি,খিনাই-শুকাই আহিলি, পঢ়িব লাগে নহয়, একো নাই, কষ্ট কৰিবই লাগিব, জীৱনত কিবা এটা পাবলৈ কিবা নহয় কিবা হেৰুৱাবই লাগিব,মাত্ৰ শিপা নাপাহৰিবি"। আইতাৰ কথাষাকেইষাৰ বৰ ধুনীয়া। আইতাইয়ো বহু কষ্ট কৰি ঘৰখন ধৰি ৰাখিছে। ঘৰৰ মানুহে আথে-বেথে মৰম কৰিছে। গাঁৱৰ মানুহেও চাইছে। মনত ধাৰণা এটা হয় আৰু। ডিব্ৰুগড় ত পঢ়া ল'ৰা। "তাৰ হাৱা-পানী, খাদ্য, পৰিবেশ বা কেনেকুৱা"। ভাল২ বুলি মাক চমুকৈ কৈ পেলালোঁ। মোৰ এটা অভ্যাস গঢ় লৈ উঠেছিল যে ডিব্ৰুগড় বিশ্ববিদ্যালয় ত পঢ়াৰ পৰা। ঘৰলৈ গ'লে গাঁৱৰ প্ৰায় মানুহৰ ঘৰলৈ গৈ খা-খবৰ লৈছিলোঁ। সেইদিনা ডিব্ৰুগড় লৈ ওলাওঁতে আইতা, মা-দেউতাৰাৰ, লগতে গাঁৱৰ অন্যান্য সকলক এৰি আহিবৰ মনেই কৰা নাছিল। কিন্তু উপায় নাছিল। মোক এই দিশত আগবঢ়াই নিবলৈ লাগিব। ঘৰখনৰ লগতে গাঁৱৰ বহুতৰে সপোন। দিলীপ ভিনীয়ে সিদিনা কৈছেই---
"বেচৰালৈ বৰ বেয়া লাগে। বৰ কষ্ট কৰে। কেনেকৈ টিউশন কৰি কৰি পঢ়ে। আমি হেন মানুহেই এটা ল'ৰাকে পঢ়াবলৈ ভাবিব লাগে।সি ভাল হ'ব।কিবা নহয় কিবা এটা কৰিব। মা-দেউতাকেও সহায় কৰে। ইটোৱে-সিটোৱেও মৰম কৰে। বেংগলেও ঘৰখনক সহায় কৰে। সিও সকলোতকৈ বেছি কষ্ট কৰে। বৰ সৰলো। সৱৰে লগত মিলি থাকিব বিচাৰে। মানুহ নহ'লে সি নিজকে 'মহাশূন্যে জীৱন' অতিবাহিত বুলি ধৰি লয়। আমিও এটকা সহায় কৰিব পৰা নাই। ভগৱানকে প্ৰাৰ্থনা জনাই থাকোঁ"হে প্ৰভূ ল'ৰা পোৱালীটোক আগবঢ়াই নি থাকক। সি কাকো অন্যায় নকৰে। সেয়েহে আমাৰ তাক ভাল লাগে। আহোঁতে -যাঁওতে ভিনদেউ বুলি মাতষাৰ লগাই থৈ যায়। বৰ সুখ পাঁও।গপ ভেম নাই। মানুহৰনো কি মাতষাৰ মেইন। মানুহ যিমানেই ডাঙৰ নহওঁক সকলোৰে লগত ভালকৈ কথা-বাৰ্তা পাতিব লাগে। গপত গঙ্গাটোপ হ'বও নেলাগে। পাৰিলে আনক সহায় কৰিব লাগে। 

(২) 
সেইদিনা পাৰ হৈছে। লাহে লাহে দুঘৰ-এঘৰলৈ গৈছোঁ।বৰ ভাল লাগিছে। মানুহবোৰ একে আছে। একে আছে গাঁওখনৰ ইমূৰ-সিমূৰ। কোনোবা মানুহৰ বয়স হৈছে। দুই-এজন বিয়োগ হৈছে। সেই নিয়ম এটা যোৱাই নাই। সৰু-সৰু ল'ৰা-ছোৱালীবোৰে সোনকালেই সাংসাৰিক জীৱন আৰম্ভ কৰিছে। কোনোবাই বাহিৰলৈ গৈ দুই এপইচা ঘটি কৰি বিয়া পাতিছে।কোনোবাই ধদুৱা(কাম-বন নকৰাকৈ ঘূৰি ফুৰা) কোৱাই কোৱাই মা-দেউতাকৰ বিনা অনুমতিতে কোনোবাজনীক পলুৱাই আনিছে। কোনোবাই ঘৰৰ সন্মতি সাপেক্ষে ই ধুমধামেৰে ঘৰখন সজাইছে। চাকৰি-বাকৰিৰ দিশত মানুহবোৰৰ মন আগৰ দৰেই। খেতি মাটি আছে কষ্ট কৰি খাই থাক। চৰকাৰৰ দৰমহাতকৈ ইয়াটৌৱেই ভাল। ইয়াতে ব্যৱসায়-বাণিজ্য কৰি আৰামত চলি যাব পাৰি। কিন্তু কিমান যুগলৈ... । 
মোৰ মনটো বৰ বেয়া লাগে। যেতিয়া গাঁৱৰ মানুহ টাউনলৈ চাইকেল কোবাই কোবাই হাজিৰা কৰিবলৈ যায়। পকাজেগালী, ঘৰৰ ইটো-সিটো কাম। জাৰ্চীগৰুৰ বাবে দানা সংগ্ৰহ, কাঠৰ কাম, মাটি পেলোৱা কাম ইত্যাদি। গাঁৱৰে ওচৰৰো মানুহ এই কামত থাকে। তথাপি কম। নিজৰ বাহীৰে-ঘৰতে নানান ধৰণৰ খেতি-পাচলি, ফল-মূল, গাহৰি, হাঁহ-পাৰ পুহিও দুপইচা গোটাই আছে।কিছু কিছু সমাজত কিছু জীৱ-জন্তু পুহিব নোৱাৰে। সেই পোহনীয়া জীৱ-জন্তুৱে বিপদে-আপদে সহায় কৰে। গাঁৱৰে বহুতৰে টেকেলীতে পইচাও থোৱা দেখো। এতিয়া বেংকতহে  লেনদেন। তথাপি মানুহখিনিৰ সিমান টকা-পইচাৰ লেন-দেন কম। কিছুমান এজেন্ট লোণ উলিয়াই উলিয়াই গাঁৱৰ হোজা মানুহক ঠগিও খায়। মানুহবোৰে বুজি নাপায়। সেইপইচাৰে দুগুণ উৎপাদন বঢ়াই স্বাৱলম্বী হ'ব পাৰি। কত কিমানে এজেন্টকে ধনী কৰিছে। 

(৩) 
আজি তিনিদিন হৈছে। ডিয়ুলৈ উভতিবৰ হ'ল। ইটো-সিটো যাৱতীয় কাম আছে। তাতে মই দুৱৰাচুকতে যদুৰ সৈতে আছোঁ। তাত কিমান দিন থাকিব পাৰোঁ নেজানো। পইচা-পাতি নাথাকিলে চিন্তাই বাঁহ থৈ থাকে। তাতে দুখীয়া মানুহক ধাৰে কমকৈ দিয়ে। ক'ৰপৰা বা ঘূৰাই দিব। কেনেকৈ ঘূৰাই দিব। তেনে সন্দেহৰ বাবে আমাক ধাৰেও নিদিয়ে। চৰকাৰী হোষ্টেল লৈ কিবা প্ৰকাৰে যাব লাগিব। ইয়াৰ পৰা গৈ সেই চিন্তা কৰিব লাগিব। নহ'লে ঘৰখন চলিবলৈ বৰ দিগদাৰ।তাতে মই কলগ্ৰহ। বাওনা  হৈ চন্দ্ৰলৈ হাত মেলিবলৈ কিহে পাইছিল। "হেল্লৌ' যদুৰ ফোন। মই ফোন ধৰিলে৷। যদুৰ মা আৰু আমাৰ মা ইটো-সিটো কথা পতাত ব্যস্ত হৈ পৰিছে। যদুৰ মাকে মোক বহু মৰম কৰে। মা- যে একে। পৃথিবীৰ সকলো মা একে। কিমান বুজা লৈ সন্তানক ডাঙৰ-দীঘল কৰে। কিছুমানে বুলিয়েই নাপায়। মোৰ কথা হ'ল জীয়াই থকা দিনবোৰ পৃথিবীৰ  সকলোৰে লগত মিলি-জুলি থাকিব লাগে। বৃদ্ধাশ্রম কি বৃদ্ধি হ'ব লাগে, মানুহে মানুহক কি চিনি নোপোৱা হ'ল, তথাপি মানৱতা শেষো হোৱা নাই। তথাপি...।অন্যান্য কণ্ঠশিল্পী ৰ লগতে সুধাকণ্ঠৰ যুগ জয়ী গীতবোৰ  আমি শুনিব লাগে। হৃদয়ঙ্গম কৰিছোঁ। বহুতে শুনিছে-"মানুহে মানুহৰ বাবে, যদিহে অকণো না ভাবে... "

(৪) 
ডিয়ুলৈ আহিবলৈ হৈছে। কেইদিনমান হে থকা হৈছে। তাতে বৰ দূৰ। গাড়ীত বহি বহি আমনি লাগে। ঘৰৰ পৰাও নেঘেৰিটিং পাবলৈ প্ৰায় ১ ঘন্টা। বাইক হ'লে সুকীয়া। আমাৰ আকৌ সেই সুবিধা নাই। আনেও হেমাহি কৰে। কেতিয়াবা ব্যক্তিক্ৰমো হয়। মই ঘৰলৈ কেতিয়াবা গাঁৱৰ বেপাৰীৰ চাইকেলতে  উঠি যাঁও।মইটো ভালে পাঁও। চাইকেল জীৱনৰ অনন্য অংগ। কলেজৰ জীৱনটো চাইকেলেৰেই পাৰ কৰিলোঁ। মাত্ৰ কেইমাহমানৰ বাদে। কলেজৰ অনিতা বাইদেউ এ মোক চাৰ্ট কিনি দিছিল, পটেশ্বৰী বৰবৌেও দুটা চাৰ্ট কিনি দিছিল।শ্ৰদ্ধাৰ চাৰ কুশল পূজাৰী চাৰে চাইকেল এখনকে কিনি দিছিল। চাইকেলৰ বহু সমস্যা হৈ থাকে। হাতটো পইচা নাথাকে।চাৰে চাইকেলখন লৈ দি বহু উপকাৰ কৰিলে। সেয়েহে চাৰৰ ওচৰত মই চিৰ কৃতজ্ঞ। 

ডিব্ৰুগড় চহৰলৈ মনত পৰে। ৰাতি পৰে পৰে। কোনোবা পখিলাৰ দুপাখিলৈ নহয়। মাজে-সময়ে লগৰবোৰৰ সৈতে টাউনলৈ যাঁও
। বনলতা, বিদ্যা মন্দিৰ, ইত্যাদি অন্যান্য কিতাপৰ দোকানটো সোমাও। লগৰবোৰে ধুনীয়া কৈ বজাৰ কৰে। 'তই  নিকিব নে, মই অহাবাৰ আহিলে কিনিম'অথচ মই খুলি ক'ব নোৱাৰোঁ, মোৰ যে ফাইনেঞ্চ নাই। মই তেতিয়া উদাস নহয়। সিহঁতে লোৱা বয়-বস্ত ইটো-সিটোত ফুৰ্তি কৰি দিওঁ। 

(৫) 

তাতকৈ দুখ লগা কথা। টাউনত ইমানবোৰ লেঙেৰা , শাৰীৰিক ভাৱে অক্ষম মানুহ। ফুটপাথে বহি থাকে। মোৰ বহুত বেয়া লাগে। হৃদয়খন কান্দি যায়। কিন্তু কি কৰিম, কেতিয়াবাহে পাঁচ, দহটকা দিওঁ। মনটো প্ৰফুল্ল লাগে। এনে সকলো মানুহকে একেলগে জাই থাকিবলৈ ঘৰ এটা চৰকাৰে সজা হ'লে। অন্যান্য সুবিধা ও দিয়া হ'লে। বৰ ধুনীয়া কৈ থাকিব পাৰে। বিভিন্ন আঁচনি আছে যদিও ঢুকি পাইছে গৈ নে নাই সন্দেহ। তথাপি মোৰ বিনম্র অনুৰোধ এনে মানুহক ভালকৈ থাকিবলৈ সুবিধা কৰি দিয়ক। ৰাস্তাই,ঘাটে এইহেন ৰ'দ, বৰষুণো নেওচি কোনোবাই গানকে গাই, কোনোবাই নেগেৰাকে বজাই, কোনোবাই চুচঁৰি-বাগৰি এপইচাৰ বাবে হাত পাতিব লাগে। বাতিতে কোনোবাই দিলে, নিদিলে নাই। কিমান বা পায়। ৰাতিৰ  সাঁজটো হয় নে। প্ৰভূ প্ৰাৰ্থনা কে জনাওঁ।"মিলাবা আৰু প্ৰভূ ", সকলোকে জীৱন দিছে, এমুঠি  খাবলৈকো দিয়ক। হৃদয় ৱান দুই এজনে দি যায়। দুই এজনে মানুহজজনে বা মানুহ গৰাকীয়ে জীয়াই থাকিবলৈ খাবলৈ বিচাৰিছে। কেৰাহীকৈ চাবলৈ সময় নাই। 
এনে কত মানুহ পৃথিবীত আছে। বৰ দুখ লাগে। তেৰাৰ বিহিনে কোনে চকু মেলি চাব। এনেকুৱা ঠায়ে ঠায়ে ঘৰ সাজিব লাগে। বহু মানুহ থাকিব পাৰে। জীৱসেৱা হেনো শ্ৰেষ্ঠ সেৱা। অৱশ্যে এনেকুৱা কাম কৰা লোক আছে। যি হৃদয় ৱান। 
মানুহক ওচৰৰ পৰা চিনি পায়। সেইবাবে বহু সহায় কৰে। সহায় কৰাও বহু লোক আছে। তেওঁলোকে দুখীয়া-নিচলাক সহায় কৰক। ঈশ্বৰেও বল, বুদ্ধি দিয়ক। আনক সহায়ত এটি মাত, বিপদত এটি হাত এই সকলক চেল্যুট। লগতে দুবেলা দুমুঠি খাই থাকিব পৰা আমাক সুৰক্ষা দি থকা সকলোকে চেল্যুট। মানুহৰ বাবে কাম কৰা, আনক সহায় কৰা অৰ্থাৎ সৰ্বমানৱৰ কল্যাণ ৰ বাবে কামকৰা সকলোকে চেল্যুট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)