একাঁজলী বিৰহ ০৬ - বিটুমনি ভূঞা কোছ

©Admin
0
ৰাম ভাইয়ে নাৰিকল গছত উঠি নাৰিকল পাৰি আছিল।কেইবাটাও নাৰিকল একেদিনাই পৰাত শাহুয়েকক তগৰে চিঞঁৰি ক'লে,-"আই  ৰাম ভাইয়ে নাৰিকল কেইবাটাও পাৰিলে।"

শাহুয়েকে ভিতৰৰ পৰা চিঞঁৰি ক'লে,--"ময়ে পাৰিবলৈ দিছোঁ।ভিতৰলৈ লৈ আহ।"

ৰামভাইয়ে গছৰ ওপৰৰ পৰাই তগৰলৈ চাই ক'লে,-"বোৱাৰী তোমালোকৰ  মাৰাৰ ঘৰলৈ নিবলৈহে নাৰিকল পাৰিবলৈ দিছে।"

সেই সময়তে ৰণ আহি ওলালহি।নাৰিকল এটা হাতত লৈ সি তগৰলৈ চাই ক'লে,-"এই নাৰিকলটো ভিতৰৰ পানী খিনি দৰেই তোমাৰ মনটো নিৰ্মল,চাফা।যিয়ে যিটো কয়, তুমি সঁচা বুলি মানি লোৱা, কিন্তু  এই যে আমি বাস কৰিছোঁ বাহিৰৰ পৃথিৱীখন , ইয়াৰ মানুহ বিলাক এই বাহিৰৰ অংশটোৰ দৰেই টান । কথাবোৰ ভাবি চাবা।এতিয়া তুমি মা হ'বলৈ ওলাইছা।"

তগৰে ৰণৰ কথাবোৰ শুনি ভাল পায়, কিন্তু কথাবোৰৰ অৰ্থ বুজি নাপায়।শাহুয়েকে দেখিলে ,কি ৰূপ ল'ব কব নোৱাৰি, তাই নাৰিকল কেইটা গোটাই লৈ, খৰাহি এটাত ভৰাই একেলগে চাৰিটা নাৰিকল ভিতৰলৈ আনিব বিচৰাত ৰণে হাতৰ পৰা কাঢ়ি ল'লে।আৰু কৈ উঠিল, "গধুৰ বস্তু তুমি নাদাঙিবা।সাৱধানে থাকিবা।"

ভিতৰৰ পৰা শাহুয়েকে ওলাই আহি সিহঁতৰ গতি বিধি চাই আছিল।ৰণে নাৰিকল কেইটা আনি ভিতৰত থৈ ক'লে,-"বৰমা আপোনাৰ বোৱাৰীক কিছুমান কথা শিকাব।এই সময়ত গধুৰ বস্তু দঙা ভাল নহয়।ৰণৰ কথাষাৰ তগৰৰ শাহুয়েকে সহ্য কৰিব পৰা নাছিল।

"আমি ল'ৰা ডাঙৰ কৰা নাই।বৌয়েৰলৈ বৰ হেপাঁহ হৈছে।"কথাষাৰ কৈ মানুহজনীয়ে মুখেৰে ভোৰভোৰাই ভিতৰলৈ সোমাই গ'ল।

তগৰে শাহুয়েকৰ মনৰ ভাৱ বুজি পায়।"তুমি যোৱা ৰণ।মিছাতে কিয় আইৰ খং উঠাই ল'লা।তুমি যোৱাগৈ যোৱা।" তগৰে লৰালৰিকৈ ভিতৰলৈ সোমাই গ'ল।

ৰাতি ভাত কেইটা খাই ,তগৰে তামোল কাটিছে,শাহুয়েকে কৈ উঠিল, ৰামভাইক বিয়ৈ বিয়নীক মাতি আনিবলৈ পঠাইছোঁ।অলপ দিন মাৰৰ ঘৰত থাকি আহগৈ।বহুত দিন তই মাৰৰ ঘৰলৈ যোৱা নাই।প্ৰয়োজনীয় বস্তু কেইটা লগত লৈ যাবি।

ওচৰ চুবুৰীয়াই কোৱা কথাবোৰ যদি সঁচাকৈয়ে হয়।তগৰ আৰু ৰণৰ মাজত কি সম্পৰ্ক আছে।
তগৰৰ শাহুয়েকৰ  মনত কিছুমান দুঃ-চিন্তাই  বাহ লৈছে।

"মই ঘৰলৈ নাযাওঁ আই।মই বৌটিক বেয়া পাওঁ।আপোনাক অকলে এৰি মই কলৈকো নাযাওঁ।"  

"কিয় ৰণক এৰি মাৰৰ ঘৰলৈ  যাবলৈ বেয়া পাইছ?"

শাহয়েকৰ কথাত তগৰ আচৰিত হ'ল।

"তেনেকৈ কিয় কৈছে আই?মই কোনো পাপ কৰা নাই।আপুনি মোক ঘৰলৈ যোৱা কথা নক'ব।"

"মোৰ ল'ৰাৰ মূৰটো চোবাই হেপাঁহ পলোঁৱা নাই?মই চাই আছোঁ, ডেকা ল'ৰা এটাৰ লগত বিধবা মানুহ এজনীৰ কিহৰ হলি গলি।তোৰ পেটত মোৰ ল'ৰাৰ নাতি আছে।সাৱধানে থাকিবি।বহুতে বহুত ধৰণৰ কথাৰে মোৰ মগজটো বেয়া কৰিছে।তোক যি কৈছোঁ তাক কৰ।কাইলৈ মাৰে বাপেৰে আহিব।লগতে ঘৰলৈ যাবি।"

তগৰে বৈ অহা চকুপানী খিনি চাদৰৰ আচঁলেৰে মোহাৰি - মোহাৰি ৰুমলৈ দৌৰি গ'ল।বিচনাত গাৰুটো সাবটি তাই হুকহুকাই কান্দিবলৈ ধৰিলে।আগলৈ,,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)