দিনতে আন্ধাৰ ঘৰ খান
দেশৰ বাবে গেছি মোৰ সোণ
ৰাইখ্বো দেশৰ মান ।
এটু সেটু কৰি দিনৰ দিনটো
কিবা কে পাৰ হৈ যায়
কিন্তু এই হাতীহান ৰাতিটু
বাপা কোনোপৈধ্যে নাযায় ।
টিভিৰ বাতৰি কি চাবি বাপা
কৈলজা ধপ্ ধপ্ কৰে
দেশৰ কথা নাভাবে মুঠেও
নিজক নিজে খ-কামৰা কৰি মৰে ।
এই দুখুনিৰ এটাই আঁচলৰ ধন
সি ও গেচি দেশ ৰাইখ্বা
ওপৰ মহলৰ ৰাজা মহাৰাজা গেলাৰ
নাই সময় এলা ভাইব্বা ।
ৰাজনীতি কচ্ছি , নেতা হৈছি
ডাঙৰ ডাঙৰ গাড়ীত ফুচ্চি
কুনবাৰ মাঙাহ শ্বহীদ হৈছি
কাৰনু কি গেছি?
এলা ভাবলি বাপা গিৰ্ গিৰ্ কে
চকুৰপানী ওলে যায়,
আঙলিৰ মুৰত দিন গনচু বাপা
তোক লগি বাট চায় চায় ।
✍️মৃদুস্মীতা ভাগৱতী