অল্প বিদ্যা অতি ভয়ংকৰ-বিটুমণি কোঁছ

©Admin
0
জীয়েকক হেৰুৱাই নাতিনীজনীকে বুকুত বান্ধি ঢলং পলংকৈ সাবিত্ৰী আহি ঘৰখনত সোমাই বোৱাৰীয়েকক মাত লগালে, আই অ' মণি পানী এগিলাচ দেচোন।মূৰটো বৰকৈ ঘূৰাইছে ।

        ঘৃণাগ্নিৰ ক্ৰোধত প্ৰজ্বলিত বোৱাৰী মণিয়ে থেকেচা মাৰি শাহুয়েকক পানী গিলাচ দি আঁতৰি গ'ল।কেঁচুৱাটোৱে কান্দি আছে।সাবিত্ৰীয়ে কোট কোটকৈ পানী গিলাচ খাই বোৱাৰীৰ ৰেহ ৰূপ চাই ক'লে, ছোৱালী জনী হেৰুৱালোঁ যদিও তাই অকণমানি  হৈ মোৰ কোলা শুৱনি কৰিবলৈ আকৌ আহিল।

          মাকৰ মূৰ চোবোৱা কেঁচুৱাটো কোনো পধ্যেই মই এইখন ঘৰত ৰাখিব নিদিওঁ।এই বিলাক জীৱ পুৱাই শুই উঠি দেখিলেও বেয়া।সদায় কিছুমান অযথা নিয়ম নীতিৰ কথা কৈ কথাই প্ৰতি শাহুয়েকক আসোঁৱাহ ধৰা উচ্চ শিক্ষিতা উচ্চ বংশধৰ বুলি নিজকে ফিতাহি মাৰি থকা বোৱাৰীয়েকৰ কথাই সাবিত্ৰীক ভবাই তুলিলে।দুধাৰি চকুলো বাৰিষাৰ ঢল হৈ বাগৰি আহিল।

          আইতা ভন্টীজনীয়ে চকু পানী খাই টকালি আছে।সাবিত্ৰীয়ে কেঁচুৱা জনীলৈ চালে, হয় আইতাকৰ চকুপানী টোপাল তাই ওঁঠত লৈ যেন কৈ, উঠিছে , আইতা তোমাৰ চকুলোঁ খাই তোমাৰ বুকুত মোক জীয়াই থাকিবলৈ দিয়া।সাবিত্ৰীয়ে কেঁচুৱা জনী বুকুৰ মাজত লৈ নাতি মনক কৈ উঠিল।আজিৰ পৰা আমাৰ এজনী ভন্টী হ'ল।আমাৰ এজনী ভন্টী হ'ল বুলি সি ফুৰ্তিত চিঞৰিবলৈ ধৰিলে।

মাকে তাক চৰ এটা মাৰি আঁতৰাই নিলে।পুতেকে মাত লগালে, মাঁ নিজৰজনীক হেৰুৱাই তোৰ বেয়া লগা নাই।লোকৰ কেঁচুৱাটো দায়িত্ব ল'বলৈ কিহে পালে।সকলো জানিও নজনা ভাও কিয় ধৰিছ পোনা।সেই ডেকা মানুহটোৱে কেনেকৈ কেঁচুৱা ডাঙৰ দীঘল কৰিব।ঘৰ খনত বিয়নীও নাই।উচাৎমাৰি সি যেন মাকৰ কথাত বিদ্ৰোহ কৰি আঁতৰি গ'ল।

           নিজৰ ৰুমটো সাবিত্ৰীৰ ঘৰ হ'ল । অকণমাণি নাতিনী জনী জীৱন সংগী হ'ল।দুখ এটাই নাতি মনক কৰা মাকৰ অত্যাচাৰ।অনবৰতে পুতেকক পহৰা দি থাকে।মাকৰ মূৰ চোবোৱা ভনীয়েকৰ ওচৰলৈ যাব বুলি।বোৱাৰীয়েকৰ যুক্তিৰ আগত নিজে অপমানিত হোৱাৰ ভয়ত সাবিত্ৰী আঁতৰি থাকে।নাতিনীৰ কলকলনিত জীয়েকক হেঁৰুৱা বেদনা খিনি পাহৰি পেলাইছে সাবিত্ৰীয়ে।

    পুৱাই বোৱাৰীৰ কান্দোনত সাবিত্ৰী সাৰ পাই উঠিল।নাতিনী জনীলৈ চালে টোপনিতে মিচিকিয়াই হাঁহিছে ।মাক নাইকীয়া  ছোৱালীজনীৰ আমনি নাই।তাই যেন এতিয়াৰ পৰাই জীৱন সংগ্ৰামত নামিছে।আইতা দৰ্জাখন খোলা।কি হ'ল মন।তুমি ইয়ালৈ নাহিবা,মায়ে মাৰিব।মই আজিৰ পৰা তোমাৰ লগতে থাকিম।মাকৰ মূৰ চোবোৱা জনীৰ লগত মই নাথাকোঁ।যাত্ৰা বেয়া।৮ বছৰীয়া  ল'ৰাটো মুখৰ কথা শুনি সাবিত্ৰী আচৰিত হ'ল।

মাক দেউতাক মামাকৰ ঘৰলৈ যাবলৈ ওলাল।মনক মাকে আইতাকৰ ওচৰৰ পৰা নিবলৈ আহিল।মাঁ মৰিল।মই ঘৰলৈ যাওঁ।আপুনি ঘৰ খন চাব।বোৱাৰী মুখৰ এইষাৰ মাত শুনিবলৈকে যেন সাবিত্ৰী ৰৈ আছিল।মন ব'লা।আইতা মৰিল আমি মামা ঘৰলৈ যাওঁ।মনে একেষাৰে মাকলৈ চাই উত্তৰ দিলে, মাকৰ মূৰ চোবোৱা বোৰৰ মুখ চাব নাপায়।

        অনুতাপত মাকৰ চকুলোঁ ওলাল।সাবিত্ৰীয়ে ক'লে, তুমি যোৱা বোৱাৰী।ই মোৰ লগতে থাকক।
অল্প বিদ্যা অতি ভয়ংকৰ।কিবা বুজি পালানে?সাবিত্ৰীয়ে বহুত দিনৰ মূৰত যেন শান্তিৰে উশাহ ল'লে।
         
             ✍️বিটুমণি কোঁছ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)