উপহাৰ-অঞ্জনা কলিতা

©Admin
0
পবনৰ একমাত্ৰ জীয়েক গিতিকাৰ আজি জন্ম দিন। তাইৰ জন্ম দিন উপলক্ষে
মাকে ৰাতিপুৱাই গোসাঁই ঘৰত শৰাই এখন আগবঢ়ালে।
     খুড়াকে দিয়া উপহাৰৰ টোপোলাটি নিৰ্দিষ্ট ঠাইত থৈ তাই দেউতাকৰ কাষ পালে।
   ৰুগীয়া দেউতাকে তাইৰ মূৰত হাত বুলাই মৰমেৰে সুধিলে,"মাইনা কোৱাচোন তুমি মোৰ পৰা কি উপহাৰ বিচাৰিবা। আজিৰ দিনটোত যি বিচাৰিবা তাকেই দিম তোমাক।"
      তাই ৰুগীয়া দেউতাকৰ হাত খন খামুচি ধৰি কলে,"তুমি মোক একো দিব নালাগে দেউতা । মাথোঁ  সোনকালেই সুস্থ হৈ উঠা। তোমাৰ সুস্থতাই হ'ব মোৰ আটাইতকৈ ডাঙৰ উপহাৰ।"

           ✍️অঞ্জনা কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)