ভাগ্য - ববিতা শইকীয়া

যন্ত্ৰণা বোৰ যিমানে গভীৰ হৈ আহিল ভাস্কৰ বহু দূৰলৈ আঁতৰি যাবলৈ ধৰিলে ।জোনালী নিথৰুৱা হৈ পৰিল ।সঁচাকৈ তাই বাঁজী নেকি ! ভাবি তাইৰ বুকুখন বিষাই গ'ল । ভাস্কৰৰ মাকে আজি তাইক বহুত কথা শুনালে ।কুলক্ষণী হেনো তাই । পাঁচ বছৰে এটা সন্তান জন্ম দিব নোৱাৰিলে‌ । সেইবাবে ভাস্কৰৰ কাৰণে ছোৱালী চাবলৈ যাব । সকলো শেষ হ'লেই গতিকে তাই মাকৰ ঘৰলৈ যোৱাটো সিদ্ধান্ত ল'লে । ভাস্কৰে মানা কৰিছিল যদিও তাই বুজি পাইছিল তাই এতিয়া এইখন ঘৰত এজনী চাকৰণীতকৈ ওপৰত একো সন্মান নাপায় । গতিকে ঘৰত থাকিয়ে ক'ৰবাত কিবা এটা কৰি খাব পাৰিব । জোনালী মাকৰ ঘৰলৈ গুচি আহিল ।দুদিনমান ওচৰ চুবুৰীয়াৰ ঠাট্টা-মস্কৰা শুনিব লগা হৈছিল । সকলো ধৈৰ্য্য ধৰি জীৱনৰ বাটত আগবাঢ়ি গ'ল আৰু চেষ্টাৰ মূৰত জোনালীয়ে অংগণবাড়ীৰ কাম এটা পালে । মাক আৰু তাই এতিয়া সম্পূৰ্ণ সুখী । দেউতাক ঢুকাল , ককায়েকেও বিয়া পাতি বেলেগ হৈ থাকে । হঠাৎ এদিন তাইৰ বাবে এটা বিয়াৰ প্ৰস্তাৱ আহিল । তেওঁৰ পত্নী ঢুকাল ছ-বছৰ আগতে । অকলশৰীয়া জীৱনৰ এগৰাকী সংগী লাগে । তাই শুনা মাত্ৰেই অস্বীকাৰ কৰিলে । পুৰুষৰ প্ৰয়োজনীয়তা আৰু নাই তাইৰ জীৱনত । বহুত বুজাই মাকে তাইক মান্তি কৰালে । মাকৰ অবিহনে তাইৰ বিপদততো এজন কাষত লাগিব । অসন্তুষ্টিৰে মাকৰ খাতিৰত তাই বিয়াত বহিল । ভবা নাছিল তাইৰ জীৱনত যে ভগৱানে এনেদৰে ৰামধেনুৰ ৰংবোৰ আঁকি দিব । ভাগ্যই তাইক এজন সঁচা অন্তৰৰ মানুহ লগ লগাই দিলে । সময়বোৰ কেনেদৰে পাৰ হ'ল গমেই নাপালে । মানুহ জনৰ মাতত হে সাৰ পালে ,"জোনালী এনেকৈ হ'লে নহ'ব দেই । ল'ৰাৰ জন্মদিন আৰু তুমি সাত বজা লৈকে শুই আছা ।" একে জাঁপে তাই উঠিল । কিমান কাম পৰি আছে । আজিকালি তাইৰ দুখ-ভাগৰ একো নালাগে কাম কৰি , কাৰণ তাইক প্ৰতিটো কামতেই মানুহজনে লগ দিয়ে । নাতিয়েকৰ জন্মদিন গতিকে আইতাক সোনকালে আহি পালেহি ।মাকে চিন্তাশীল মন এটা লৈ থকা দেখি তাই সুধি পেলালে ,"কি হ'ল মা...কি চিন্তা কৰি আছ ?" কওঁ নকওঁ কৈ মাকে তাইক ক'লে ,"যোৱাকালি ভাস্কৰৰ মাক ঢুকাল , নাতি-নাতিনীৰ কথা কৈ কৈ । তাৰ এইজনী পত্নীৰো হেনো সতি-সন্তান নহ'ল..." । মৌন হৈ ৰ'ল তাই ।
উপলব্ধি কৰিলে জোনালীয়ে আজি সুখী হ'বলৈ অলপ ধৈৰ্য্য আৰু শেষ হ'বলৈ অলপ অহংকাৰেই যথেষ্ট ।


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send