অসমীয়া সাহিত্যৰ চানেকিৰ উপদেষ্টা জিতেন চেতিয়াৰ সৈতে সাক্ষাৎকাৰ-প্ৰাৰ্থনা সন্দিকৈ

অসমীয়া সাহিত্যৰ চানেকি
0
১/ প্ৰথমে আপোনাৰ সম্পূৰ্ণ পৰিচয়টো জানিবলৈ বিচাৰিছোঁ।
ঃ জিতেন চেতিয়া 
চামগুৰি গাওঁ 
ডাক ঃ-- চাচনি
জিলা ঃ ডিব্ৰুগড় ( অসম )
      বৃত্তি হিচাপে সৰুৰে পৰা কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী ৰ সপোন দেখা মনটোৱে আজিও হেৰুৱাব নিবিচাৰিলে কেঁচা মাটিৰ প্ৰিয় গোন্ধ সেয়ে মই বৰ্তমান এজন কৃষক ৷

২/ আপোনাৰ শৈক্ষিক যাত্ৰা ক'ত,কেনেদৰে আৰম্ভ হৈছিল?
ঃ মোৰ শৈক্ষিক যাত্ৰা আৰম্ভণি হৈছিল শ্ৰীৰাম প্ৰাথমিক বিদ্যালয়ত আৰু শেষ হৈছিল চাচনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৷ 
শিক্ষাৰ আৰম্ভণিৰ পৰা শিক্ষাগুৰু সকলৰ ওচৰত মেধাৱী ছাত্ৰ হিচাপে কৃতিত্ব দেখুৱাবলৈ সক্ষম হৈছিলোঁ যদিও মোৰ উচ্চ শিক্ষাৰ সপোন অপৈণত হৈ ৰ’ল। ইয়াৰ একমাত্ৰ কাৰণ দৰিদ্ৰতা যিয়ে মোৰ শিক্ষাৰ বাটত হেঙাৰ হিচাপে থিয় দিছিল সেইসময় খিনিত ৷ 
৩/সৰুৰে পৰা কিহত চখ আছিল? সাহিত্যৰ ক্ষেত্ৰখনত আপোনাৰ যাত্ৰা কেতিয়াৰে পৰা আৰম্ভ কৰিছিল?
ঃ সৰুৰে পৰা মোৰ চখ আছিল জীৱনত কিবা এটা অভিনৱ কৰি যোৱাৰ, সেয়ে নেকি কৈশোৰৰ সেই সময় খিনিত মোৰ হাতত কেইবাটাও হাত ঘড়ী, এটা ৱাল ঘড়ী, তিনিটা ৰেডিঅ পুৰণা যদিও দুখনকৈ বাইচাইকেল নষ্ট হৈ গৈছিল কিন্তু সেইয়া মোৰ বিফলতা আছিল বুলি কেতিয়াও নাভাবি মই পাঠ্যক্ৰমৰ বাহিৰত কিতাপ পঢ়িবলৈ মনস্থ কৰি মই বিভিন্ন কিতাপ সংগ্ৰহ কৰিলোঁ। কিন্তু এটা কথা এইখিনিতে কওঁ যে মই পঢ়া কিতাপ বিলাক নিজে ক্ৰয় কৰি অনা নাছিলোঁ আনৰ পৰা দুই তিনিদিনৰ বাবে পঢ়িম বুলি বিচাৰিহে আনিছিলোঁ ।কিন্তু পৰিশেষত দেখিলোঁ যে মই এজন সাহিত্যনুৰাগী হৈ উঠিলোঁ ৷ এনেকৈয়ে মোৰ সাহিত্যৰ জীৱনটো নভবাকৈ গঢ় লৈ উঠিল ৷ 
৪/ আপুনি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত সাহস,প্ৰেৰণা ক'ৰ পৰা পাইছে?
ঃ সৰ্বপ্ৰথমে মই উল্লেখ কৰিব লাগিব মোৰ পত্নী নাম ( নিলোমনি কোঁৱৰ চেতিয়া ) তেখেতৰ প্ৰেৰণাতেই আজি মই ইমান দূৰ আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ ৷ দ্বিতীয়তে মোৰ প্ৰাথমিক স্কুলৰ শিক্ষা গুৰু লক্ষীনাথ দত্ত তেখেতে মোৰ এটা গল্প “ যিটো কাকতত প্ৰকাশ পাইছিল ” পঢ়ি ছাৰে কাগজ কলম লৈ মোক ঘৰত দি গৈছিল আৰু কৈছিল “ লিখি যোৱা জিতেন ” বৰ আবেগিক আছিল সেই মুহূৰ্তটো ৷
৫/আপোনাৰ শৈশৱ আৰু স্কুলীয়া জীৱনৰ কোনবোৰ কথা বেছিকৈ মনলৈ আহে? বৰ্তমান ল'ৰা-ছোৱালীৰ শৈশৱ দেখি কি অনুভৱ হয়?
ঃ “ শৈশৱৰ স্মৃতি “ এইসময়ত মনলৈ বহুত আহিছে তথাপিও তাৰ মাজৰ পৰা এটা অংশ তুলি আনি কওঁযে আমি যিটো পৰিবেশত ডাঙৰ হৈছিলোঁ স্বতন্ত্ৰ নাছিল তথাপিও যিকোনো কাম কৰোঁতে সুখী হৈয়ে খেলিছিলোঁ, খালে ডোঙে সাতুঁৰিছিলোঁ, বৰশী বাইছিলোঁ, মাৰ্বল গুটি খেলিছিলোঁ কিন্তু বৰ্তমান আমাৰ প্ৰজন্মৰ মাজত দেখা পৃথিৱীখন আৰু আমি এৰি অহা পৃথিৱীখনৰ মাজত বৃহৎ তফাৎ আহি পৰিছে ৷ এতিয়া নৱপ্ৰজন্মৰ মাজত দেখা পোৱাৰ সহজলভ্য দৃশ্য হ’ল একাকিত্ব আৰু একঘেমীয়া জীৱন যিবিলাকে একসময়ত ভয়ংকৰ ভাবে প্ৰভাৱ পেলাব সমাজত কাৰণ আজি প্ৰজন্মৰ মাজত ব্যক্তিকেন্দ্ৰিক চিন্তা চৰ্চাই বেছিকৈ প্ৰাধান্য বিস্তাৰ কৰা পৰিলক্ষিত হৈছে৷
৬/ সাহিত্যৰ ক্ষেত্ৰখনত খোজ দিয়া নৱপ্ৰজন্মৰ বাবে আপুনি কি পৰামৰ্শ আগবঢ়াব?
ঃ সাহিত্য চৰ্চা কৰাত বাধা নাই যেতিয়া মই এটা কথাই কওঁ যে কিবা এটা লিখাৰ আগতে ভবাটো উচিত যে তেওঁৰ লিখিনিটোৰ যোগেদি সমাজক কি বাৰ্তা দিব বিচাৰিছে বা তেওঁৰ লিখনিটোৱে সমাজত কেনে প্ৰভাৱ পেলাব ৷ সাহিত্য হৈছে সমাজ জীৱনৰ দাপোণ স্বৰূপ এই দাপোণ খন বিকৃত ৰূপত উপস্থাপন কৰাটো কাৰো কাম্য নহয় ৷ 
৭/ বৰ্তমান খুবেই জনপ্ৰিয় হোৱা অনলাইন সাহিত্য চৰ্চাৰ বিষয়ে আপোনাৰ মত? ইলেকট্ৰনিক মাধ্যমৰ সাহিত্য চৰ্চাই অনাগত দিনত সাহিত্যৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পেলাব পাৰে?
ঃ অনলাইন সাহিত্য চৰ্চাৰ যোগেদি বহুতো সুপ্ত প্ৰতিভাই ( অবাবত সময় নষ্ট কৰাতকৈ সাহিত্যৰ দিশত মনোনিৱেশ কৰিছে ) এতিয়া মূৰ দাঙি উঠা পৰিলক্ষিত হৈছে ই আমাৰ সাহিত্যৰ জগতৰ বাবে শুভলক্ষণ ৷ মই ভাবোঁ ইলেক্ট্ৰনিক মাধ্যমটো হৈছে নিজক প্ৰকাশ কৰা এক সহজ প্ৰণালী য’ত বহুতো সুপ্ত প্ৰতিভাই সমাজ সাহিত্যৰ ক্ষেত্ৰখনত চিনাকি দিবলৈ সুযোগ পাইছে কিন্তু ইলেক্ট্ৰনিক মাধ্যমে যে আমাৰ ভাষিক সাহিত্যৰ ওপৰত প্ৰভাৱ পেলাব এই কথাটো সত্য নহয় কাৰণ এখন প্ৰকাশিত কিতাপ পঢ়ি আমি যিমান সুখ অনুভৱ কৰোঁ ইলেক্ট্ৰনিক মাধ্যমৰ যোগেদি পঢ়িবলৈ সুবিধা পোৱা যিকোনো লিখাই আমাক সেই সুখবোধ “ কাৰিকৰী কাৰণতে হওক বা স্বাস্থ্যজনিত অন্য কাৰণতে হওক ” দিব নোৱাৰে ।
৮/আজৰি পৰত আপুনি কি কৰে?
ঃ আজৰি পৰত মই অলপ ভাবো ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা মোৰ সামাজিক জীৱনলৈকে ৷ 
৯/ভৱিষ্যতে লিখা-মেলাক লৈ কিবা বিশেষ পৰিকল্পনা?
ঃ আছে কিন্তু সেইয়া সময়ৰ হাতত এৰি দিছোঁ ৷ অনাগত সময় বিলাকে মোক কেনেদৰে উপহাৰ দিয়ে চাই লওঁ চোন ৷
১০/ অসমীয়া সাহিত্যৰ চানেকিৰ উপদেষ্টা হিচাপে আমাৰ আলোচনীখনৰ পাঠক তথা লেখক-লেখিকাসকললৈ কি আহ্বান জনাবলৈ বিচাৰিব?
ঃ সমাজ মুখী চিন্তা চৰ্চাৰে পৰিপূৰ্ণ পৰিপূৰক অসমীয়া সাহিত্যৰ চানেকি এখন ৰুচিসন্মত আলোচনী হিচাপে মই সদায়ে প্ৰধান্য দি আহিছোঁ ৷ আলোচনী খনে জন্মৰ পৰা বৰ্তমানলৈ কে যিবিলাক লেখা প্ৰকাশ কৰি আহিছে যথেষ্ট উন্নত মানদণ্ডৰ এইক্ষেত্ৰত মুখ্য সম্পাদক ৰিংকু ৰাজোৱাৰ তথা আলোচনীখনৰ অন্যান্য শুভাকাংক্ষী সকলৰ প্ৰচেষ্টাক ধন্যবাদ জনাইছোঁ ৷

       আপোনাক লগ পাই ভাল লাগিল। ব্যস্ততাৰ মাজতো অকণমান সময় আমাক দিয়াৰ বাবে অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই-আলোচনীৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আপোনাৰ সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ।
ধন্যবাদ।
ঃ প্ৰতি ধন্যবাদ তোমাক প্ৰাৰ্থনা ৷

প্ৰাৰ্থনা সন্দিকৈ
সহঃসম্পাদক
অঃসাঃচা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)