মৰমৰ বুজনি - দিপশিখা ৰাজকোঁৱৰ

Aditi Tanti
0
সন্ধিয়া হোৱাৰ লগে লগে প্ৰশান্তই বায়েকক ওলাই যাওঁ বুলি কৈ বাইক খন লৈ গেট খুলি ওলাই গ'ল । বৰ্ণালীয়ে "ভাইটি ক'লৈ যাবলৈ ওলাইছ" বুলি সুধিলে । কিন্তু সি বায়েকৰ মাতষাৰ নুশুনিলেই ।ঘৰখনত সিহঁত দুটা আৰু মাক-দেউতাক । দেউতাকে চাকৰি কৰে । গধূলি ঘৰ পায়হি । কিন্তু বেছিভাগ সময় প্ৰশান্তক ঘৰত নেদেখে ।আজলী মাকজনীয়ে ল'ৰাটো আহিব বুলি গভীৰ নিশালৈকে সাৰে থাকে । প্ৰশান্ত কেতিয়াবা ঘৰলৈ আহে আৰু কেতিয়াবা কোনোবা বন্ধুৰ ঘৰতে ৰাতিটো থাকি ৰাতিপুৱা ঘৰ সোমাইহি । মাকে বৰ আদৰেৰে ৰন্ধা ভাত টেবুলত ঢকা ভাগেই থাকি যায় । কিবা সুধিলেও সি মুখেৰে একো নামাতে ।
              প্ৰশান্তক সৰুৰে পৰা মাক-দেউতাকে যি বিচাৰে তাকে আনি দিয়ে । এটা ল'ৰা বুলি বৰ মৰম কৰে । ডাঙৰ হৈ অহাৰ লগে লগে সি সলনি হ'বলৈ ধৰিছে । কলেজলৈ কেইদিনমান যোৱাৰ পাছতে দেউতাকক বাইক এখন লাগে বুলি ক'লে । দেউতাকেও আনি দিলে । বাইক খন আনি দিয়াৰ লগে লগে সি কলেজৰ পৰা দেৰিকৈ আহে আৰু সন্ধিয়া ওলাই যায় । বৰ্ণালীয়ে মাক-দেউতাকক ভায়েক সলনি হোৱাৰ কথাটো ক'লে । বহুত বাৰ আনৰ মুখৰ পৰা ভায়েকৰ কিছুমান বেয়া কামৰ কথা শুনাৰ কথাও ক'লে । তাক ইমানকৈ মৰম নকৰি অলপ শাসন কৰিবলৈ , সময় দিবলৈ ক'লে । কিন্তু মাক-দেউতাকে তাইৰ কথা কোনোদিনে গুৰুত্বই নিদিলে ।তাইয়ো ভায়েকক বৰ মৰমেৰে কয় - "ভাইটি ,তই কিয় এনেকুৱা হলি ? তইতো আগতে এনেকুৱা নাছিলি ।তই কিয় মা-দেউতাৰ কথা এবাৰো নাভাব । তেওঁলোকে তোক কিমান ভালপায় । তোৰ পৰা কিমান আশা কৰে ।" 
কিন্তু সি সেইবোৰ বুজিবলৈ চেষ্টাই নকৰে । বায়েকক কয় - "বা , তই মোৰ কথা চিন্তা কৰিব নালাগে" । বৰ্ণালীৰ শোকে খুন্দা মাৰি ধৰে । যেতিয়া আনে ভায়েকৰ কথা ‌কয় , তাই একো নোকোৱাকৈ নিৰৱে গুচি আহে । ঘৰলৈ আহি কোনেও নেদেখাকৈ কান্দে । যদি মাক-দেউতাকে প্ৰশান্তক ওলাই যোৱাৰ কথা সুধিলেহেঁতেন ! সি ক'লৈ যায় , কি কৰে ? তেতিয়া হয়তো সি এনে নহ'লহেঁতেন । প্ৰশান্তৰ এতিয়া আগৰ চেহেৰা নাই ।তাৰ মনটো সলনি হ'ল । ৰাতি যেতিয়া ঘৰ সোমায়হি , বৰ্ণালীয়ে ভায়েকৰ মুখৰ পৰা বেয়া বস্তুৰ গোন্ধ পায় । সি স্থিৰ হৈ নাথাকে । সঁচাকৈ বহুতেই সলনি হৈ গ'ল প্ৰশান্ত ।
          মাক-দেউতাকে তাক একো কৰিবই নোৱাৰে । বৰ্ণালীয়েই তাৰ আগৰ ভায়েকটোক ঘূৰাই আনিব লাগিব । কাৰণ তাই জানে পৰিৱেশ আৰু পৰিস্থিতিয়ে বাধ্য কৰাইছে তাক সলনি হ'বলৈ । বৰ্ণালীয়ে মাক-দেউতাককো কথাটো ক'লে । প্ৰশান্তক মাক-দেউতাকে সময় দিলে । বৰ্ণালীয়ে তাক বহুত বুজালে ।আগৰ সকলো কথাই তাক ক'লে । বৰ্ণালীৰ মৰমৰ বুজনিত সি নুবুজাকৈ নাথাকিল । বহুত সময় লাগিল সি সলনি হ'বলৈ ।
            এতিয়া আগৰ দৰে সি ওলাই নাযায় , বেয়া বস্তু নাখায় । মাকে ৰন্ধা ভাত-আঞ্জাবোৰ বৰ তৃপ্তিৰে খায় । আগৰ দৰে বায়েকৰ লগত ধেমালি কৰে , কাজিয়া কৰে । সন্ধিয়া প্ৰাৰ্থনা কৰি পঢ়া টেবুলত বহে । দেউতাক অহাৰ লগে লগে ওলাই আহি কথা পাতে ।
            বৰ্ণালীৰ আনন্দৰ সীমা নাইকিয়া হ'ল । আচলতে মৰমেৰে বুজালে সকলোৱে বুজি পায় । সলনি হ'বলৈ বেছি সময় নালাগে 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)