প্ৰেমৰ সুবাস- দিপশিখা ৰাজকোঁৱৰ

Aditi Tanti
0
নিশাৰ আকাশত তিৰবিৰাই থকা তৰাৰ দৰে
তোমাৰ দুচকুত মই প্ৰেৰণাৰ 
আকুল আহ্বান দেখা পাওঁ ।
তোমাৰ এচেৰেঙা সোণোৱালী পোহৰে
মোৰ দুচকুত প্ৰেমৰ আবিৰ সানে
তোমাৰ প্ৰেমৰ মাদকতাত মই
অকুণ্ঠ হৈ ডুবি যাব খোজোঁ ।
তোমাৰ প্ৰেমৰ সাগৰখনিত
আজীৱন সাঁতুৰিব বিচাৰোঁ
তোমাৰ সুবাসতেই মই 
মাতাল হ'ব খোজোঁ
তোমাৰ অফুৰন্ত আৱেগত
বাৰে বাৰে দোঁ খাই পৰে
মোৰ জীৱনৰ প্ৰতিটো স্বপ্ন ।
তোমাৰ প্ৰেমৰ জোৱাৰে
মোৰ মন সতেজ কৰি তোলে
তোমাৰ বাবেই ৰচিছোঁ
মোৰ হৃদয়ত নিভাঁজ
প্ৰেমৰ সোপান... !



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)