ভদীয়া সপোন- প্ৰিয়ংকা চমুৱা

জালিকটা কুন্দ্ৰাক্ষৰে
জুমি চালো
হেপাঁহ অলিন্দৰ চাবিকোচা
খেপিয়াই চাই দেখো,
মোৰ খোপাৰ মালতী পাহিচোন 
সৰি পৰি জিলিকিছে
 তোমাৰ দুবাহুত।
 যাযাবৰী সপোন বোৰ
  সিদিনাই সামৰি থলো
  মন বনৰ বনৰজাটোক 
  আশাৰ বতৰা দিলো।
  অ' বনফুল,আলফুলীয়া মোৰ
  ভদীয়া বানৰ আহুকাল নেওচি
  ওমলিম মই তোমাৰ দুবাহুত
  সিঁচিম কঠিয়া দুহাত ধৰি
  ফাগুনৰ ৰসাল বুকুত
  আহ অ শৰালি,শেৱালি, নেৱালি
  দি যা বতৰা 
  উচাতন হৈ সপোন বুটলো।

Post a Comment

Previous Post Next Post